1. News

গুজৰাটত উলোমা দলং ভাঙি মৃত্যু ১৪০ গৰাকীৰ, জীৱন্তে উদ্ধাৰ ১৯ গৰাকী, অব্যাহত উদ্ধাৰ অভিযান

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Gujarat Bridge Accident
Gujarat Bridge Accident

গুজৰাটত দেওবাৰে সন্ধিয়া প্ৰায় ৬:৩০ বজাত সংঘটিত হয় এক লোমহৰ্ষক ঘটনা। আহমেদাবাদৰ পৰা ২০০ কিলোমিটাৰ দূৰত্বত থকা এখন উলোমা দলং ভাঙি পৰা ফলত বাতৰি যুগুতোৱা পৰলৈকে ১৪১ লোকৰ মৃত্যু ঘটিছে। মৃতসকলৰ মাজত আছে শিশু আৰু মহিলাও।

জানিব পৰা মতে প্ৰায় ৫০০ লোকে ছট পূজাৰ উপলক্ষ্য কিছু অনুষ্ঠান পৰিৱেশন কৰিবলৈ দলঙখনৰ ওপৰত জমা হৈছিল। বৰ্তমানলৈ জীৱিত অৱস্থাত ১৯ জন লোকক উদ্ধাৰ কৰে এনডিএফবিয়ে। বৰ্তমানেও উদ্ধাৰকাৰ্য অব্যাহত আছে বুলি জানিবলৈ দিয়ে উদ্ধাৰকাৰী বিষয়সকলে।

লগতে পঢ়ক- 

উদঙীয়া গৰুৰ যমকাল Bio Liquid Spray Herboliv+

উল্লেখ্য যে ২০০ বছৰীয়া পুৰণি এই ওলোমা দলঙখন মেৰামতি সম্পূৰ্ণ কৰা আৰু দৰ্শনাথীৰ বাবে মুকলি কৰি দিয়া এপস্তাহ হৈছিলহে। এই ঘটনাই এতিয়া জোকাৰি গৈছে সমগ্ৰ গুজৰাট। ইতিমধ্যে ঘটনাৰ তদন্তৰ বাবে গুজৰাট ৰাজ্য চৰকাৰে ৰাজ্য চৰকাৰে তদন্তৰ বাবে পাঁচজনীয়া সমিতি গঠন কৰিছে।

ঘটনাক লৈ শোক প্ৰকাশ কৰিছে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে। লগতে আহতসকলক তাৎক্ষণিক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ দিয়া নিৰ্দেশনা দিছে। লগতে তেওঁ জানিবলৈ দিয়ে যে ঘটনাত নিহত মৃতকৰ পৰিয়াললৈ ৪ লাখ টকা, আহত পৰিয়াল ৫০ হাজাৰ টকাকৈ প্ৰদান কৰিব। ইফালে ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও।

লগতে পঢ়ক-

উদঙীয়া গৰুৰ যমকাল Bio Liquid Spray Herboliv+

English Summary: Gujarat Bridge Accident

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.