1. News

গ্ৰামাঞ্চলসমূহত কৃষি বিভাগে স্থাপন কৰিব কৃষি যন্ত্রপাতিৰ বেংক। জিলা কৃষি বিভাগৰ লগত যোগাযোগ কৃষকসকলে

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Village Level Farm Machinaries Bank
Village Level Farm Machinaries Bank

ৰাজ্য কৃষকসকলৰ বাবে ভাল খবৰ। কৃষক ৰাইজৰ বাবে কৃষি যান্ত্ৰিকীকৰণৰ সুবিধা সহজলভ্য কৰি তুলিবলৈ অসমৰ কৃষি বিভাগৰ এক প্রয়াস হাতত লৈছে। কেন্দ্ৰীয় চৰকাৰৰ 'কৃষি যান্ত্ৰিকীকৰণৰ উপ-আঁচনিৰ অধীনত ২০২২-২৩ বিত্তীয় বৰ্ষত মুঠ ১২৮টা কৃষি যন্ত্রপাতি (Village Level Farm Machinaries Bank)ৰ বেংক স্থাপন কৰাৰ পৰিকল্পনা কৰিছে।

এই Village Level Farm Machinaries Bank সমূহ অসমৰ গ্ৰামাঞ্চলসমূহত কৃষক ৰাইজৰ বাবে স্থাপন কৰিব। এই বেংকসমূহ স্থাপন কৰিবৰ বাবে অসম কৃষি বিভাগে ৯,৫০,০০০,০০ টকাৰ ৰাজসাহায্য মুকলি কৰি দিছে। এই বৃহত পৰিমাণৰ ধনৰাশি ট্ৰেক্টৰ, ৰোটাভেটৰ, পাৱাৰ টিলাৰ, গ্ৰেচাৰ, বিপাৰ আদি যন্ত্ৰ ক্ৰয়ৰ বাবে আগবঢ়োৱা মুকলি কৰি দিছে ৰাজ্য চৰকাৰখনে।

লগতে পঢ়ক-

নেমু গছৰ ডাল ধৰা পদ্ধতিৰে উৎপাদন কৰা পুলিত এবছৰতে লাগে ফল

ৰাজ্যখনৰ কৃষক উৎপাদক কোম্পানী/কৃষক উৎপাদক গোট/আত্ম সহায়ক গোট/পথাৰ পৰিচালনা  সমিতি আদিৰ দৰে অনুষ্ঠানলৈ এই সুবিধা আগবঢ়োৱা হৈছে। Village Level Farm Machinaries Bankসমহূত থকা এই যন্ত্ৰ-পাতিসমূহ স্থানীয় কৃষকসকলক ভাড়াত দিয়াৰ সুবিধা আছে। এই যন্ত্ৰপাতিসমূহ আগ্রহী কৃষক গোটে নিজৰ পছন্দ অনুযায়ী কৃষি যন্ত্রপাতি ব্ৰেণ্ড /মডেল আদি নিৰ্বাচন কৰিব পাৰিব।

জিলা পৰ্যায়ৰ সমিতিৰ দ্বাৰা বাচনিভুক্ত হিতাধিকাৰীয়ে এই সুবিধা লাভ কৰিব। সেয়ে আগ্রহী কৃষক গোটে উল্লেখিত কৃষি যন্ত্রপাতি নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ নাম, ব্ৰেণ্ড, মডেল, সংশ্লিষ্ট জিলাৰ ডীলাৰ, সর্বোচ্চ বিক্ৰী মূল্য আদিৰ তালিকা কাৰ্যবাহী অভিযন্তা (কৃষি)ৰ কাৰ্যালয়ত চাব পাৰিব। যন্ত্রপাতি ক্ৰয়ৰ ক্ষেত্ৰত কৃষক গোটে সংশ্লিষ্ট ডীলাৰৰ সৈতে আলোচনা কৰি নিম্নতম মূল্য ঠিক কৰি ল'ব পৰাৰো সুবিধা আছে। সবিশেষ জানিবলৈ সংশ্লিষ্ট জিলাৰ কাৰ্যবাহী অভিযন্তা (কৃষি)ৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাই ৰাজ্যৰ জিলা কৃষি বিভাগে।

লগতে পঢ়ক- 

কৃষকৰ পক্ষত সদায় ভাৰতীয় কৃষি সাংবাদিক সন্থা

English Summary: Village Level Farm Machinaries Bank

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.