1. News

‘সমগ্ৰ দেশে গুজৰাটৰ নিমখ খায়’- ৰাষ্ট্ৰপতিৰ মন্তব্যক লৈ দেশজুৰি বিতৰ্ক

Mrigakshi Phukan
Mrigakshi Phukan
ভাৰত হৈছে নিমখৰ তৃতীয় সৰ্ববৃহৎ উৎপাদক
ভাৰত হৈছে নিমখৰ তৃতীয় সৰ্ববৃহৎ উৎপাদক

সমগ্ৰ দেশত সম্প্ৰতি এক বিতৰ্কৰ বিষয় হৈ পৰিছে নিমখ। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ এক বক্তব্যক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই বিতৰ্কৰ। ৰাষ্ট্ৰপতিগৰাকীয়ে গুজৰাট ভ্ৰমণৰ সময়ত ভাষণ প্ৰসংগত নিমখৰ বিষয়ে কৈছিল। তেওঁ কৈছিল, ‘দেশৰ ৭৬% নিমখ গুজৰাটত উৎপাদন হয়, গতিকে সমগ্ৰ দেশে গুজৰাটৰ নিমখ খায় বুলি ক’ব পাৰি।‘ এই মন্তব্যক কেন্দ্ৰ কৰি বিভিন্নজনে ৰাষ্ট্ৰপতিগৰাকীক সমালোচনা কৰে।

কংগ্ৰেছ নেতা উদিত ৰাজে এই সন্দৰ্ভত টুইট কৰি কয়, দ্ৰৌপদী মুৰ্মুৰ দৰে ৰাষ্ট্ৰপতি কোনো দেশেই পোৱা উচিত নহয়। চামচাগিৰিৰো এটা সীমা আছে। কোৱা হৈছে যে ৭০% লোকে গুজৰাটৰ নিমখ খায়। যদি আপুনি নিজে নিমখ খাই জীৱন যাপন কৰিবলগীয়া হৈছে তেতিয়াহে আপুনি গম পাব।‘

উল্লেখ্য যে, চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছত ভাৰত হৈছে নিমখৰ তৃতীয় সৰ্ববৃহৎ উৎপাদক। তথ্য অনুসৰি, গুজৰাটত দেশৰ সৰ্বাধিক নিমখ উৎপাদন হয়। ২০২১-২২ বৰ্ষত দেশখনে ২৬৬ লাখ টনতকৈয়ো অধিক নিমখ উৎপাদন কৰিছিল। ইয়াৰ ভিতৰত, গুজৰাটত ২২৭.৬৫ লাখ টন বা ৮৫% নিমখ উৎপাদন কৰা হৈছিল।

গুজৰাটৰ পিছত, সৰ্বাধিক নিমখ উৎপাদন তামিলনাডু (17.21 লাখ টন) আৰু ৰাজস্থানত (16.90 লাখ টন) আছিল। লৱন বিভাগৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি, ২০২১-২২ বৰ্ষত দেশত নিমখ উৎপাদনৰ ভিতৰত ৭৬ লাখ টন নিমখ ঘৰুৱাভাৱে ব্যৱহাৰ কৰা হৈছিল, আনহাতে ৬৬ লাখ টন নিমখ বিদেশলৈ ৰপ্তানি কৰা হ’ল আৰু বাকীখিনি নিমখ উদ্যোগসমূহত বিতৰণ কৰা হয়। কিন্তু এবিধ নিমখৰ বাবে ভাৰত এতিয়াও পাকিস্তানৰ ওপৰত নিৰ্ভৰশীল। সেইবিধ নিমখ হৈছে অধিকাংশ ভাৰতীয়ই ব্ৰতত ব্যৱহাৰ কৰা সন্ধক লৱন।

ভাৰতৰ নিমখ চীন, দক্ষিণ কোৰিয়া, জাপান, কাটাৰ, ইণ্ডোনেছিয়া, ভিয়েটনাম, বাংলাদেশ, নেপাল আৰু টাইৱানৰ দৰে দেশলৈ য্ায়। কিন্তু সন্ধক লৱনৰ বাবে ভাৰত এতিয়াও পাকিস্তানৰ ওপৰত নিৰ্ভৰশীল। এই নিমখ সচৰাচৰ উপবাসত ব্যৱহাৰ কৰা হয়। ভাৰতত  নৱৰাত্ৰিৰ সময়ত উপবাস ৰখা হয়। ইয়াৰ বাহিৰেও, কিছুমান বিশেষ অনুষ্ঠানত উপবাস ৰাখিলে মানুহে সন্ধক লৱনযুক্ত আহাৰ খায়। ভাৰতত ৰক ছল্ট উৎপাদন কৰা নহয়। আনহাতে, পাকিস্তানত যথেষ্ট পৰিমাণে ৰক ছল্ট উৎপাদন কৰা হয়। পাকিস্তানৰ পাঞ্জাৱ প্ৰদেশত খেভদা নামৰ এটা নিমখৰ খনি আছে। প্ৰতি বছৰে ইয়াত ৪.৫ লাখ টনতকৈও অধিক ৰক ছল্ট উৎপাদন কৰা হয়।

ভাৰতীয় খনি ব্যুৰোৰ এক প্ৰতিবেদন অনুসৰি, ভাৰতে ২০১৮-১৯ বৰ্ষত ৭৪,৪৫৭ টন সন্ধক নিমখ আমদানি কৰিছিল। ইয়াৰ ভিতৰত,  ৭৪,৪১৩ টন বা ৯৯% তকৈ অধিক নিমখ পাকিস্তানৰ পৰা আহিছিল। অৱশ্যে, এতিয়া ভাৰতে শিল নিমখৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিছে। ২০১৯-২০ বৰ্ষত সৰ্বাধিক ৩১,৮৩৯ টন শিল নিমখ ইউ.এ.ই.-ৰ পৰা আমদানি কৰা হৈছিল। ইউ.এ.ই. আৰু পাকিস্তানৰ বাহিৰে, ইৰাণ, মালয়েছিয়া, জাৰ্মানী, আফগানিস্তান, তুৰস্ক আৰু অষ্ট্ৰেলিয়াৰপৰাও ভাৰতলৈ নিমখ আহিছিল।

লগতে পঢ়কঃ কৃষি শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক হ’ল যোগ আৰু ধ্যানৰ পাঠ্যক্ৰম

English Summary: Draupadi murmu's comment on salt production

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.