1. News

গৰু খুন্দিয়াই নাক ভাগিল বন্দে ভাৰতৰ

KJ Staff
KJ Staff
এজাক গৰুক খুন্দা মৰাৰ ফলত ৰে’লখনৰ সন্মুখ ভাগৰ নাকৰ দৰে অংশটো ভাগি পৰিল
এজাক গৰুক খুন্দা মৰাৰ ফলত ৰে’লখনৰ সন্মুখ ভাগৰ নাকৰ দৰে অংশটো ভাগি পৰিল

দুৰ্ঘটনাগ্ৰস্ত হ’ল মুম্বাই-গান্ধীনগৰ বন্দে ভাৰত ৰে’ল। এজাক গৰুক খুন্দা মৰাৰ ফলত ৰেলখনৰ সন্মুখ ভাগৰ নাকৰ দৰে অংশটো ভাগি পৰিল। বৃহস্পতিবাৰে পুৱাৰ ভাগতে তীব্ৰবেগী ৰে’লখন এইদৰে দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হোৱা ৰে’লখন মেৰামতি কৰিবলৈ উপস্থিত হয় বিশেষজ্ঞৰ এটা দল। দলটোৱে কেইঘণ্টামান ধৰি মেৰামতিৰ কাম কৰাৰ পাছতে পুনৰ আগৰ দৰে হৈ পৰে ৰেলখনৰ সন্মুখৰ ভাগটো।

এএনআইয়ে প্ৰকাশ কৰা মতে মুম্বাই চেণ্ট্ৰেলৰপৰা গান্ধীনগৰলৈ চলি থকা বন্দে ভাৰত এক্সপ্ৰেছৰ সন্মুখ ভাগ মুম্বাই চেণ্ট্ৰেলৰ কোচিং কেয়াৰ চেণ্টাৰত মেৰামতি কৰা হয়।

গুজৰাটৰ ভাতভা আৰু মণিনগৰ ষ্টেচনৰ মাজত ৰাতিপুৱা প্ৰায় ১১:১৮ বজাত ৰে’লখনৰ গৰুৰ জাকৰ সৈতে সংঘৰ্ষ হয় আৰু ৰে’লখন ২০ মিনিটৰ বাবে, অলপ সময়ৰ বাবে ৰখাব লগা হয়। অৱশ্যে, ৰে’লখনৰ কোনো কাৰ্যকৰী অংশ ক্ষতিগ্ৰস্ত হোৱা নাই।

মেৰামতিৰ সময়ত মুম্বাই চেণ্ট্ৰেল ডিপোত ৰে’লখনৰ সন্মুখভাগ সলনি কৰি দি এটা নতুন অংশ লগোৱা হৈছিল আৰু ৰে’লখন কোনো অতিৰিক্ত সময় ব্যয় নকৰাকৈ পুনৰ সেৱাত নিযুক্ত কৰা হৈছিল।পশ্চিম ৰে'লৱেৰ মুখ্য জনসম্পৰ্ক বিষয়াই সংবাদ মাধ্যমক কয়, ‘আমি ভৱিষ্যতে এনে ধৰণৰ ঘটনা প্ৰতিহত কৰিবলৈ সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছো।‘

লগতে পঢ়কঃ পথাৰত পোৱা চেঁচোৰৰো আছে ঔষধী গুণ

English Summary: Vande bharat train accident

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.