1. উদ্য়ানশস্য়

কাঠফুলা উৎপাদনৰ প্ৰতি কেনেদৰে আকৃষ্ট হৈছিল বাক্সাৰ অজিত দাস

RAHUL ALI
RAHUL ALI
Mushroom Cultivation
Mushroom Cultivation

যুৱকজনৰ নাম অজিত দাস৷ বাক্সা জিলাৰ বৰমা ৰাজহ চক্ৰৰ অন্তৰ্গত বাংগালীপাৰা গাঁওৰ বাসিন্দা৷ মাত্ৰ দশম মান শ্ৰেনীলৈ অধ্যয়ন কৰি আৰ্থিক অনাটনৰ মাজেৰে  যুবক জনে আজিৰ পৰা চাৰিবছৰ পূৰ্বে আৰম্ভ কৰিছিল কাঠফুলাৰ খেতি৷ মনত দুৰ্বাৰ হেপাঁহ আৰু  অযুত সপোন  লৈ খেতি সম্পৰ্কীয়  "কৃষি সাৰথি"  নামৰ এখন গ্ৰন্থ পঢ়ি কাঠফুলা খেতিৰ প্ৰতি আকৃষ্ট হৈ পৰিছিল৷

২০১৫ চনৰ শেষৰ ফালে নলবাৰী কৃষিবিজ্ঞান কেন্দ্ৰৰ জৰিয়তে প্ৰশিক্ষণ গ্ৰহন কৰিছিল৷ তাতে ক্ষান্ত নাথাকি  নলবাৰী জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা হিমাচল প্ৰদেশৰ মাছৰূম গৱেষনা প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰশিক্ষণ গ্ৰহন কৰিছিল৷ প্ৰশিক্ষণৰ সমান্তৰালভাৱে  আৰম্ভ কৰিছিল কাঠফুলাৰ খেতি৷

ঘৰতে সহজতে পোৱা ধান খেৰ কাটি  প্লাষ্টিকৰ পেকেট বনাই তাত কাঠফুলাৰ বীজ ৰোপন কৰি উৎপাদন কৰি গৈছিল কাঠফুলা৷ দৈনিক পঞ্চাশ কিলোৰ পৰা এক কুইন্টল পৰ্যন্ত কাঠফুলা উৎপাদন কৰি এগৰাকী সফল কৃষক হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে অজিত দাস৷

নিজৰ অঞ্চলতে কাঠফুলাৰ ব্যৱসায়ৰ সীমাৱদ্ধ নাৰাখি চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈও ৰপ্তানি কৰি আহিছিল৷ ক’ৰনা মহামাৰীৰ কালচোৱাত অজিতৰ কাঠফুলা উৎপাদনত কিছু স্তব্ধ হৈ পৰিছিল যদিও বৰ্তমান সময়ত পুনৰ ন ৰূপত ব্যস্ত হৈ পৰিছে কাঠফুলা উৎপাদনত৷ 

অজিত দাসৰ লগতে স্থানীয় সাত গৰাকী কৰ্মদক্ষতা থকা যুবক ক্ৰমে পবিন কলিতা, ৰঞ্জিত দাস, জয়ন্ত দাস আৰু ধনেশ্বৰ দাসে কাঠফুলাৰ পেকেটিং, বীজ ৰোপন, পানী সিচাৰ কাম কৰাৰ উপৰিও খেৰ কাটিংত লক্ষ্মীকান্ত দাস, দিপুল বড়ো  জৰিত হৈ আছে ৷

সম্প্ৰতি অজিত দাসে এই সাতগৰাকী ব্যক্তিক মজুৰি প্ৰদান কৰিও মাহেকত বিশৰ পৰা ত্ৰিশ হাজাৰ টকা উপাৰ্জন কৰি আহিছে৷ তেওঁ জানিব দিয়া প্ৰতিকিলো কাঠফুলা এশৰ পৰা এশ ত্ৰিশ টকা দৰত বিক্ৰী কৰি আহিছে৷ 

প্ৰেৰকঃ মনোহৰ ৰাজবংশী, বাক্সা

লগতে পঢ়কঃ ইউটিউবৰ জৰিয়তে বাগিচাৰ ব্যৱসায় কৰি সফলতা পিএইচডি ডিগ্ৰীধাৰীৰ

English Summary: Baksa Mushroom Cultivator Ajit Das

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.