1. News

বান সমস্যা সন্দৰ্ভত গৃহমন্ত্ৰীৰে বৈঠক অসম চৰকাৰৰ বিষয়ববীয়াৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
ৰাজ্যৰ বানসমস্যা সন্দৰ্ভত অমিত শ্বাহৰ বৈঠক
ৰাজ্যৰ বানসমস্যা সন্দৰ্ভত অমিত শ্বাহৰ বৈঠক

ৰাজ্যৰ বান সমস্যা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাজনো জ্যোষ্ঠ বিষয়াৰ সৈতে শুকুৰবাৰে এক আলোচনাত মিলিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে অসম অধিক বিকশিত হোৱাৰ বাবে আৰু গুৰুত্বপূৰ্ণ ব্যক্তিগত বিনিয়োগসমূহ আকৰ্ষিত কৰাৰ বাবে বানপানীৰ পৰা সুৰক্ষিত তথা বানমুক্ত হৈ উঠাটো এক অতি গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা । আৰু ৰাজ্যখনে এক দীৰ্ঘম্যাদী পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব যিয়ে আগন্তুক দশকসমূহলৈ বানপানীৰ পৰা সুৰক্ষা প্ৰদান কৰিব।

লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনত বানপানী হ্ৰাস কৰাৰ বাবে অৰুণাচল প্ৰদেশ আদিৰ জলবিদ্যুৎ প্ৰকল্পবোৰত অধিক বান নিয়ন্ত্ৰণ সংৰক্ষণ জলাশয় বা ফ্লাড মডাৰেশ্যন ষ্টোৰেজ ৰিজাৰ্ভৰ অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ শীঘ্ৰেই জলশক্তি মন্ত্ৰালয়, শক্তি মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ সৈতে এখন বৈঠক আহ্বান কৰা হ'ব।

লগতে পঢ়ক- গৰুৰ বাবেই ৫০ বছৰ পিছুৱাই আছে অসমৰ কৃষিখণ্ড!

ৰাজ্যিক জলসম্পদ বিভাগ আৰু এ এছ ডি এম এ (ASDMA) ৰ ক্ষমতা বিকাশৰ বাবে শ্বাহে গুৰুত্ব প্ৰদান কৰি কয় যে ৰাজ্য চৰকাৰে বানপানীৰ পূৰ্বানুমান আৰু আগতীয়া সতৰ্কতা প্ৰণালী বিকশিত কৰাৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ কৰা এন ই এছ এ চি (NESAC)ৰ সেৱাসমূহ ব্যৱহাৰ কৰাৰ উপৰি ৰাজ্য আৰু এন ই এছ এ চিয়ে ৰাজ্যিক সংস্থাসমূহৰ ক্ষমতা সৃষ্টিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষকো অন্তৰ্ভুক্ত কৰাৰ ওপৰতো গুৰুত্ব দিব লাগে ।

উল্লেখ্য যে পূৰ্বেও ৰাজ্যৰ বান সমস্যা সন্দৰ্ভত গৃহমন্ত্ৰীৰে বাৰম্বাৰ আলোচনা হৈ আহিছে। কিন্তু ৰাজ্যৰ বান সমস্যালৈ একো পৰিৱৰ্তন অহা নাই। তাৰ প্ৰমাণ এইবাৰ হোৱা অসমৰ বানপানীয়েই প্ৰমাণ। কিন্তু ইতিবাচক কথাটো হ’ল এইবাৰ বান সমস্যা সন্দৰ্ভত কেন্দ্ৰীয় নেতৃত্বৰে বানৰ ধ্বংসলীলা হৈ থকা অৱস্থাত আলোচনা হোৱা নাই। এই সময়খিনিত আলোচনা হোৱাৰ বাবে বান সমস্যা নিৰাময়ৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিবলৈ সময় লাভ কৰিব। কিন্তু প্ৰতিবছৰে অসমৰ বানসমস্যাৰ নিৰাময়ৰ বাবে জলসম্পদ বিভাগে বাৰিষালৈ দুই এদিন থকাৰ পূৰ্বেই বালিৰে মথাউৰি নিৰ্মাণ কৰে। যাৰফলত প্ৰতিবছৰে বানৰ যমৰ-যাতনা ভুগি আহিছে। কিন্তু বাৰিষাৰ বহু পূৰ্বে হোৱা এই আলোচনাই ৰাজ্যখনৰ বান সমস্যা নিৰাময়ৰ বাবে যোগাত্মক প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে।

লগতে পঢ়ক- উদঙীয়া গৰু আৰু বান্দৰৰ বিৰুদ্ধে কৃষকসকলে জনমত গঠন কৰক

English Summary: AMIT SHAH MEETING ON ASSAM FLOOD SITUATION

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.