1. News

Drip Irrigation : ড্ৰিপ ইৰিগেশ্যনেৰে সফল ১০ কৃষকক সম্বৰ্ধণা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Singatalur Drip Farmers felicitated for getting higher yields
Singatalur Drip Farmers felicitated for getting higher yields

Singatalur Lift Irrigation and Drip Irrigation Package -1  অধীনত কৰ্ণাটকৰ ১০ কৃষকক সম্বৰ্ধনা। নেটাফিম ইণ্ডিয়া আৰু মেঘা ইঞ্জিনিয়াৰিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেডে আয়োজন কৰা অনুষ্ঠানটোত  কৰ্ণাটক নীৰৱৰী নিগামা লিমিটেডৰ বিষয়াসকলে  কৃষককেইজনক সম্বৰ্ধনা জনায়। ২০২১-২২ বৰ্ষত এই কৃষকসকলে ড্ৰিপ জলসিঞ্চন প্ৰযুক্তি( drip irrigation technology)ৰে শীতকালীন শস্যৰ পথাৰত পানী যোগান ধৰি সফলতা লাভ কৰিছিল।

কৰ্ণাটকৰ গদাগৰ হুলকোটিৰ কৃষি বিজ্ঞান কেন্দ্ৰত আয়োজিত কৃষক সম্বৰ্ধনা অনুষ্ঠানটোত ড০ ৰমেশ এইচ, সহকাৰী কাৰ্যবাহী অভিযন্তা, Er. Basavaraja, অধ্যাপক, গিৰিশ দেশপাণ্ডে, ছিনিয়ৰ মেনেজাৰ প্ৰজেক্ট মেনেজমেণ্ট, নেটাফিম ইণ্ডিয়া, উমেছা এম চি, ছিনিয়ৰ মেনেজাৰ-এগ্ৰ’নমি, নেটাফিম ইণ্ডিয়াৰ লগতে অঞ্চলটোৰ কৃষকসকল। অনুষ্ঠানতে বিশিষ্ট অতিথিৰ ভাষণত ৰমেশ এইচে কয় “কৃষকসকলে জলসিঞ্চন প্ৰকল্পত সহযোগিতা কৰিব লাগে আৰু বৈজ্ঞানিকভাৱে প্ৰমাণিত ড্ৰিপ জলসিঞ্চনৰ জৰিয়তে তেওঁলোকৰ শস্যৰ উৎপাদন বৃদ্ধি কৰিব লাগে। প্ৰতিজন কৃষকৰ সফলতাই চুবুৰীৰ আন কৃষকসকলক ড্ৰিপ প্ৰযুক্তি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব, যাৰ ফলত কৃষক সমাজখনক তেওঁলোকৰ আৰ্থিক বৃদ্ধিত সহায় কৰিব আৰু প্ৰকল্পটো সফল হ’ব।‘’

লগতে পঢ়ক- 

ভার্মিকম্পষ্টিং আৰু বায়' ফার্টিলাইজাৰ উদ্যোগেৰে আপুনিও স্বাৱলম্বী হ'ব পাৰে

সম্বৰ্ধনা অনুষ্ঠানত কৃষক আৰু দৰ্শকক সম্বোধন কৰি  প্ৰফেচৰ Er. Basavaraja কয়, ” ড্ৰিপ জলসিঞ্চনে অতি উপকাৰী কাৰণ ই কম পানীৰে অধিক উৎপাদন আৰু আয়ৰ সুবিধা প্ৰদান কৰে।”  কৃষকসকলক ড্ৰিপ জলসিঞ্চন গ্ৰহণ কৰিবলৈ উৎসাহিত কৰি তেওঁ জোৰ দি কয় যে “জল ব্যৱহাৰকাৰী সমবায় সমিতিসমূহ শক্তিশালী কৰা আৰু কৃষকৰ সহযোগিতা সফল প্ৰকল্পৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই প্ৰকল্পৰ জৰিয়তে খেতিয়কসকলে বৃদ্ধি পোৱা শস্যৰ বাবে সময়মতে বৰষুণৰ অভাৱত ড্ৰিপ জলসিঞ্চনৰ জৰিয়তে নিজৰ শস্য সুৰক্ষিত কৰিব পাৰিব “।

drip irrigation technology
drip irrigation technology

উল্লেখ্য যে ছিংগাটালুৰু লিফ্ট জলসিঞ্চন প্ৰকল্পই কমিউনিটি ড্ৰিপ জলসিঞ্চন প্ৰকল্পৰ জৰিয়তে সমগ্ৰ কৃষক সম্প্ৰদায়ক সামৰি লোৱাৰ চেষ্টা কৰি আছে।  বৰ্তমান এই ড্ৰিপ জলসিঞ্চনৰ প্ৰকল্পৰ অধীনত ১০,০৮০ হেক্টৰ কৃষিভূমি আৰু ১২খন গাঁৱৰ হাজাৰ হাজাৰ কৃষকে কৃষিপথাৰত পানী যোগান ধৰি আছে আৰু উপকৃত হৈছে। ড্ৰিপ জলসিঞ্চনৰ লগতে নেটাফিম ইণ্ডিয়া আৰু মেঘা ইঞ্জিনিয়াৰিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেডে কৃষকসকলক বহনক্ষম কৃষি পদ্ধতিৰ সন্দৰ্ভতো বিগত দিনত সচেতন কৰি আহিছে।

লগতে পঢ়ক- 

মৰিগাঁৱত ২৫ কৃষকক Zero Tillage পদ্ধতিত আলু খেতিৰ প্ৰশিক্ষণ

English Summary: Singatalur Drip Farmers felicitated for getting higher yields

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.