1. News

চৰাইদেউত RKVYআৰু APART ৰ অধীনত কৰা খেতি পৰিদৰ্শন কৃষি বিভাগৰ

KJ Staff
KJ Staff
Charaideo
Charaideo

চৰাইদেউত প্ৰগতিশীল কৃষকসকলে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আৰু APART ৰ অধীনত কৰা কৃষিকাৰ্যত সফল হৈছে। কেইবা বিঘা ভূমিত কৃষকসকলে সম্পন্ন কৰিছে সৰিয়হ, বন্ধাকবিকে ধৰি বিভিন্ন শস্যৰ খেতি। এতিয়া সৰিয়হ ফুলাৰ বতৰ।

ৰাজ্যৰ বিভিন্ন অঞ্চলত এতিয়া কৃষকৰ পথাৰ ভৰি পৰিছে সৰিয়হৰ ফুলেৰে। এই সৰিয়হ তলীসমূহ এতিয়া পিকনিক দল আদিৰ বাবেও আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে। সুদৃশ্য সৰিয়হৰ খেতিলৈ ফটো তুলিবৰ বাবেও ডেকা-গাভৰুৰ আগমন ঘটা দেখা গৈছে।

চৰাইদেউতো কৃষকসকলে কেইবা বিঘা মাটিত সৰিয়হ খেতি কৰি সফলতা অৰ্জন কৰিছে। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আৰু APART ৰ অধীনত কৰা কৃষিকাৰ্যত তেওঁলোক বিশেষভাৱে সফল হোৱা দেখা গৈছে।

কেইবা বিঘা ভূমিত প্ৰগতিশীল কৃষকসকলে সম্পন্ন কৰিছে সৰিয়হ, বন্ধাকবিকে ধৰি বিভিন্ন শস্যৰ খেতি। অলপতে চৰাইদেউৰ কৃষি বিভাগে কৃষকসকলে RKVYআৰু APART ৰ অধীনত  কৰা বিভিন্ন প্ৰদৰ্শনীমূলক খেতি পৰিদৰ্শন কৰে।

লগতে পঢ়কঃ পেঞ্চনৰ টকাৰে গছপুলি ৰোপণ অভিযান নলবাৰীৰ কৰুণা শৰ্মাৰ

English Summary: Charaideo musterd field observed by agriculture department

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.