1. News

প্ৰথমে সৰিয়হ, তাৰ পাছত বড়ো ধানঃ ১৩ বিঘা মাটিত ১২ জন যুৱ কৃষকৰ মাৰাথন উৎপাদন

KJ Staff
KJ Staff
Musterd Field
Musterd Field

যিটো সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে কৃষক সকলক অধিক গুৰুত্ব দিছে। তেনে সময়তে একাংশ যুৱ প্ৰজন্ম কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ ঢাপলি মেলিছে। কিন্তু সেই সময়তে এখন বিশেষ পথাৰে দৃষ্টি আকৰ্ষণ কৰিছে বৰাজোল পানবাৰীবাসীক। নলবাৰী জিলাৰ বৰাজোল পানবাৰী গাঁৱৰ বাৰ জন কৃষকে কৃষি  বিভাগৰ পৰা সৰিয়হ বীজ লাভ কৰি সৰিয়হ খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ প্ৰচেষ্টা চলাইছে।

পানীবাৰী গাওঁৰ  হেমন্ত কলিতা, গৌৰী হালৈ,জিতেন ডেকা,পানে লহকৰ,কুলেন কলিতা,হৰমোহন কলিতা,ৰমেশ কলিতা,প্ৰভাত কলিতা,গৌতম হালৈ, শতীশ কলিতা, কামেশ্বৰ কলিতা,আৰু নিতুল কলিতাই প্ৰায় তেৰ বিঘাৰো অধিক মাটিত সৰিয়হ খেতি কৰি  একপ্ৰকাৰ কৃষি বিপ্লৱৰ সূচনা কৰিছে।

সাধাৰণতে কৃষি কৰ্মৰ প্ৰতি অনীহা প্ৰকাশ কৰা যুৱ প্ৰজন্মৰ বাবে আৰ্দশস্বৰূপ এইসকল কৃষকে সৰিয়হৰ লগতে অন্যান্য খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে।

আঘোণৰ পথাৰত ধান চপোৱাৰ পাছত খৰালিৰ বতৰত গাঁওখনৰ তেৰ জন কৃষকে বিশাল পথাৰ খনৰ প্ৰায় তেৰ বিঘাতকৈও অধিক মাটিত সৰিয়হৰ খেতি কৰি আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কৃষক সকলে জনোৱা মতে  সৰিয়হ খেতি চপোৱাৰ পিছত বড়ো ধানৰ খেতি আৰম্ভ কৰিব।

লগতে পঢ়কঃ PMFBY: ফচল বীমা যোজনাই কিদৰে সহায় কৰিছে বিপদত পৰা অসমীয়া কৃষকক?

English Summary: Nalbari musterd farming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.