1. News

পেঞ্চনৰ টকাৰে গছপুলি ৰোপণ অভিযান নলবাৰীৰ কৰুণা শৰ্মাৰ

KJ Staff
KJ Staff
Karuna Sharma
Karuna Sharma

নলবাৰীত অৱসৰপ্ৰাপ্ত ফৰেষ্ট গাৰ্ড কৰুণা শৰ্মাৰ প্ৰকৃতি প্ৰেমৰ বিৰল নিদৰ্শন। পেঞ্চনৰ টকাৰে ৰাজ্যৰ বিভিন্ন স্থানত অকলেই চলাইছে গছপুলি ৰোপণ অভিযান। চৰকাৰী আঁচনিৰে নহয়, পেঞ্চনৰ ধনৰে গছপুলি উৎপাদন আৰু ৰাজহুৱা স্থানত ৰোপন  অৱসৰপ্ৰাপ্ত ফৰেষ্ট গাৰ্ডগৰাকীৰ৷

পেঞ্চনৰ টকাৰে ৰাজ্যৰ বিভিন্ন স্থানত গছ পুলি ৰোপণ কৰি কৰুণা শৰ্মাই ডাঙি ধৰিছে প্ৰকৃতি প্ৰেমৰ অন্য এক নিদৰ্শন। যিটো সময়ত একাংশই নিজৰ স্বাৰ্থৰ বাবে বন ধ্বংস কৰি আহিছে তেনে সময়তে নলবাৰীৰ এইজন প্ৰকৃতি প্ৰেমীয়ে শ শ গছপুলি ৰুই প্ৰকৃতি ৰক্ষাৰ অভিযানত নামি পৰিছে।

নিজৰ ঘৰতে নাৰ্চাৰী পাতি তেওঁ বিভিন্ন প্ৰান্তত ৰোপণ কৰিছে গছপুলি। নলবাৰীৰ বিভিন্ন মঠ-মন্দিৰৰ প্ৰাংগণ তথা ৰাজহুৱা স্থানত তেওঁ ৰোপন কৰি আহিছে গছপুলি৷ বিশেষকৈ জিলাখনৰ বিল্বেশ্বৰ দেৱালয়, বালিলেছা কালি দেৱালয় চৌহদ তথা পথৰ দাঁতিত তেওঁ গছপুলি ৰোপন কৰাৰ লগতে পুলিসমূহ সংৰক্ষণৰ ব্যৱস্থাও কৰিছে।

বৰ্তমান কৰুণা শৰ্মাৰ নাৰ্চাৰীত ধূনাগছ,বটগছকে ধৰি প্ৰায় ২ হাজাৰ গছ পুলি মজুত আছে। আনহাতে চাকৰি জীৱনৰ সময়ছোৱাৰ পৰা বিভিন্ন প্ৰান্তত প্ৰায় ১৫ হাজাৰ গছপুলি ৰোপন কৰিছে এইগৰাকী কৰুণা শৰ্মাই৷ শৰ্মাই ঘৰতে পেন্সনৰ ধনৰে প্ৰায় এবিঘা মাটিত নাৰ্চাৰী পাতি নিজে গছপুলি উৎপাদন কৰি, গছপুলি ৰোপন আৰু সংৰক্ষণ কৰি প্ৰকৃতি প্ৰেমৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। প্ৰকৃতিৰ সংৰক্ষণৰ বাবে যুৱ প্ৰজন্মক লৈ বিভিন্ন সময়ত সজাগতা মূলক সভা আয়োজন কৰি আহিছে কৰুণা শৰ্মাই।

লগতে পঢ়কঃ Jonbil Mela : জোনবিল মেলা-২০২৩: পৰম্পৰা আৰু ইতিহাস

English Summary: Nalbari retired forest guard runs plantation drive with pension money

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.