Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 10 January, 2023 11:04 AM IST
Narendra Singh Tomar

উত্তৰ পূৰ্বাঞ্চলত জৈৱিক কৃষিৰ ব্যাপক সম্ভাৱনা আছে আৰু অঞ্চলটোৰ কৃষি খণ্ডৰ বিকাশৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব সহকাৰে একেলগে কাম কৰিছে। বিগত সপ্তাহত উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰি এইদৰে কয় কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে। তেওঁ লগতে কয়, ‘কৃষি হৈছে দেশৰ দ্ৰুততম বিকাশশীল খণ্ড আৰু ইয়াৰ বিকাশৰ বাবে কেন্দ্ৰীয় পুঁজিৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব।’ উত্তৰ-পূৰ্বাঞ্চলৰ কথা উল্লেখ কৰি তেওঁ কয় যে অঞ্চলটোত জৈৱিক কৃষিৰ সম্ভাৱনাৰ কথা বিবেচনা কৰি কেন্দ্ৰ আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ চৰকাৰে কৃষি খণ্ডৰ বিকাশৰ বাবে একেলগে কাম কৰি আছে।

উল্লেখ্য, বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ পাচিঘাট কৃষি মহাবিদ্যালয়ৰ নৱনিৰ্মিত প্ৰশাসনিক আৰু শৈক্ষিক ভৱন উদ্বোধন কৰে তোমৰে। অনুষ্ঠানটোত দিয়া ভাষণত তেওঁ কয়, "কৃষি খণ্ডৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় পুঁজিৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব। কৃষি হৈছে দেশৰ দ্ৰুততম বিকাশশীল খণ্ড আৰু কেন্দ্ৰই কৃষিক লাভজনক কৰি তুলিবলৈ নিৰন্তৰ প্ৰচেষ্টা চলাই আছে। তেওঁ কয় যে কেন্দ্ৰই গৱেষণা আৰু কৃষিৰ মাজত এক সম্পৰ্ক স্থাপন কৰিবলৈ আৰু তৃণমূল পৰ্যায়ৰ কৃষকসকলক বৈজ্ঞানিক পৰামৰ্শ প্ৰদান কৰিবলৈ চেষ্টা কৰিছে।’

ইয়াৰ লগতে তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই শিক্ষানুষ্ঠান স্থাপনে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহৰ লগতে অৰুণাচল প্ৰদেশত কৃষি-শিক্ষা আৰু গৱেষণাৰ বিকাশত গতি প্ৰদান কৰিব। "কৃষি-শিক্ষা আৰু গৱেষণাৰ জৰিয়তে কৃষি কাৰ্যকলাপ শক্তিশালী কৰা হৈছে, যাৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন আৰু জীৱিকা সুৰক্ষাৰ বাবে কৃষিক গুৰুত্ব দিয়া হৈছে"- তোমাৰে কয়।

অনুষ্ঠানটোত ভাষণ প্ৰসংগত তোমাৰে কয় যে কৃষি খণ্ডই যাতে সকলো সময়তে পৰ্যাপ্ত খাদ্য সামগ্ৰী মজুত কৰাৰ বাবে সকলো প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ সক্ষম হয়, সেই কথা নিশ্চিত কৰিবলৈ কেন্দ্ৰই কাম কৰি আছে। তদুপৰি কৃষিক আধুনিক প্ৰযুক্তি আৰু গৱেষণা প্ৰতিষ্ঠানৰ সৈতে সংযুক্ত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলি আছে আৰু কৃষি বিশ্ববিদ্যালয়সমূহে এই দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলিও উল্লেখ কৰে তোমৰে।

প্ৰতিষ্ঠানটোৰ শুভাৰম্ভণিৰ বাবে পূব চিয়াং জিলাৰ জনসাধাৰণক অভিনন্দন জনাই তেওঁ আশা প্ৰকাশ কৰে যে স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত ইয়াত থকা শিক্ষাৰ্থীসকলে দেশৰ কৃষি খণ্ডক শক্তিশালী কৰাত সক্ৰিয়ভাৱে অৰিহণা যোগাব। অনুষ্ঠানত ভাষণ প্ৰদান কৰি অৰুণাচল প্ৰদেশৰ কৃষি মন্ত্ৰী টেজ টাকিয়ে কৃষকসকলৰ উপাৰ্জন বৃদ্ধি, ৰপ্তানিৰ সুযোগ আৰু উৎপাদনত বহনক্ষম বিকাশৰ বাবে প্ৰাকৃতিক আৰু জৈৱিক কৃষিৰ প্ৰসাৰৰ বাবে স্থানীয়ভাৱে উৎপাদিত শস্যৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

লগতে পঢ়কঃ ধান খেতি এৰি ধনী দেশৰ ‘পশু খাদ্য’ৰ খেতি কৰিবলৈ কৃষকক উদগণি চৰকাৰৰ, কিন্তু কিয়?

English Summary: Center to provide sufficient fund for the devevelopment of northeast's organic farming
Published on: 10 January 2023, 11:04 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now