1. News

এবিঘা মাটিত এৰাগছ বা কেছেৰু গছ ৰুলে কিদৰে লাভ কৰিব বছৰি ১ লাখ টকা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
এবিঘা মাটিত এৰাগছ বা কেছেৰু গছ ৰুলে কিদৰে লাভ কৰিব বছৰি ১ লাখ টকা
এবিঘা মাটিত এৰাগছ বা কেছেৰু গছ ৰুলে কিদৰে লাভ কৰিব বছৰি ১ লাখ টকা

অসমৰ বিভিন্ন জনগোষ্ঠীয়ে ৰেচম সুতাৰ বাবে এৰী পলু পালন পৰম্পৰাগতভাৱে পালন কৰি আহিছে। কোনো লোকে আকৌ এৰী লেটাক খাদ্য হিচাপে গ্ৰহণ কৰিবলৈ এৰী পলু পোহে। এনে পলু পালনত ৰেচম সূতা উতপাদনটো গৌণ হৈ পৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ ৰেচম বিভাগৰ সহকাৰী অধ্যাপিকা ড০ মণিমালা শইকীয়াৰ মতে, অসমৰ ২,৪০,৯৩৯ টা পৰিয়াল এৰী পালনৰ সৈতে জড়িত আৰু ৰাজ্যখনৰ ৪২,৪৭১.০১ হেক্টৰ ভূমি এৰী পলুৰ খাদ্যবৃক্ষৰ অন্তৰ্গত। তেওঁ লগতে কয়- ‘আমাৰ গাঁৱে-ভূঞে বিঘাই বিঘাই মাটি খেতি-বাতি নকৰাকৈ এতিয়াও এনেয়ে পেলাই থোৱা আছে। এইবোৰ মাটিত যদি সমবায়ভিত্তিত নিবনুৱাসকলে এৰা খেতি কৰি এৰী পালনত আত্মনিয়োগ কৰে তেনেহ'লে তেখেতসকল নিজেও উপকৃত হ'ব আৰু আনকো কৰ্ম-সংস্থাপন দিব পাৰিব। আমাৰ ৰাজ্যখনত বিভিন্ন নিয়োগ বিনিময় কেন্দ্ৰত নামভৰ্তি কৰা নিবনুৱাৰ সংখ্যা কুৰি লাখৰো অধিক। আনহাতে নামভৰ্তি নকৰাকৈ থকা নিবনুৱাৰ সংখ্যা কিমান তাৰ কোনো সঠিক পৰিসংখ্যা আমাৰ হাতত নাই। এই বৃহৎ সংখ্যক নিবনুৱাৰ একাংশ যদি ৰেচম উদ্যোগৰ সৈতে জড়িত হয় তেনেহ'লে ৰেচম উদ্যোগৰ চেহেৰাই সলনি হৈ যাব।’ লগতে উল্লেখ কৰা প্ৰয়োজন যে এৰী ৰেচমৰ অধিকাংশ অসমতে উৎপাদন হয়। দেশৰ মুঠ উৎপাদনৰ ৭০.০৯ শতাংশ এৰী অসমতে উৎপাদন হয়। উত্তৰ-পূব ভাৰতৰ অন্যান্য ৰাজ্যসমূহতো এৰী পলু পালন আৰু উৎপাদন হয়। আৰু অসমৰ ৰেচম সুতাৰ কাপোৰৰ বিশ্ব বজাৰত চাহিদা আছে। গতিকে অসমৰ কৃষকসকলে ৰেচম সুতা উতপাদনত মনোনিৱেশ কৰিলে যথেষ্ট লাভান্বিত হ’ব।

অসমত ব্যৱসায়িকভাৱে তিনিবিধ ৰেচম পলুৰ খেতি হয়; সেয়া হ'ল ক্ৰমে এৰী, মুগা আৰু পাট পলু। ইয়াৰে সৰ্বাধিক উৎপাদন এৰীৰে হয়। অধ্যাপিকা ড০ মণিমালা শইকীয়াই ‘ সুপৰিকল্পিত আঁচনিৰে ব্যৱসায় ভিত্তিত এৰী পলু পালন’ লেখাটোত তেওঁ উল্লেখ কৰিছে যে ২০১৯-২০ বৰ্ষত অসমত এৰী ৰেচম সূতাৰ উৎপাদন আছিল ৫০৪৯.৩ মেট্রিক টন। আজিৰ তাৰিখত বন্য ৰেচম উৎপাদনত অসমৰ স্থান ভাৰতৰ ভিতৰত প্ৰথম হোৱাৰ মূল কাৰণটো হ'ল ক্ৰমবৰ্ধমান এৰী ৰেচমৰ উৎপাদন। অসমৰ বৃহৎ সংখ্যক পৰিয়াল এৰী পালনৰ যোগেদি আৰ্থিকভাৱে লাভান্বিত হোৱাৰ লগতে ভাৰতবৰ্ষকো বিশ্বৰ ভিতৰত সৰ্বাধিক এৰী ৰেচম উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হোৱাত সহায় কৰিছে।

লগতে পঢ়ক- 

১,১০০ প্ৰকাৰৰ ধান সংৰক্ষণ কৰি থলুৱা বীজ বেংক সৃষ্টি সুদাম চাহুৰ

এৰী পলুৰ বাবে অসমৰ জলবায়ু অতিকে অনুকূল। আনহাতে এৰী পলুৰ খাদ্যবৃক্ষ সুলভ হোৱাৰ লগতে এই বিধ পলুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আনবিলাক পলুতকৈ বহুত বেছি। অসমীয়া মানুহে অতীজৰে পৰাই এইবিধ পলু পালন কৰি আহিছে। এইবিধ পলু পালনৰ কৌশল সহজেই আয়ত্ত কৰিব পাৰি। তদুপৰি এৰী লেটা অসমৰ প্ৰায় প্ৰতিটো জনগোষ্ঠীৰে এবিধ প্ৰিয় খাদ্য। গতিকে সূতা আৰু লেটা দুয়োটাৰ উৎপাদনেৰে অর্থ উপার্জন সম্ভৱ। অসমৰ যুৱক-যুৱতীসকলে নিজকে যদি এৰী পলু পালনত নিয়োজিত কৰিব বিচাৰে তেনেহ'লে প্রথমতে প্রয়োজন হ'ব এৰী পলুৰ খাদ্যবৃক্ষ ৰোপনৰ বাবে মাটি, খাদ্যবৃক্ষৰ সঁচ, খাদ্যবৃক্ষ ৰোপণ আৰু প্ৰতিপালনৰ বাবে বিভিন্ন সঁজুলি আৰু ৰোগ নিৰ্মূল আৰু পতঙ্গ নিয়ন্ত্ৰণৰ বাবে ৰাসায়নিক দ্রব্য। দ্বিতীয়তে, দৰকাৰ হ'ব পলুৰ সঁচ। তৃতীয়তে লাগিব, পলু পালনৰ বাবে এটি আচুতীয়া ঘৰ আৰু বিভিন্ন সা-সঁজুলি। পলু পালনৰ যোগেদি খোলা বা বাহ উৎপাদনৰ পাছত ব্যক্তিগৰাকীয়ে যদি ভাবে খোলাবোৰ বিক্ৰী কৰাতকৈ তাৰ পৰা সূতা কটা যাওক, তেন্তে সূতা কাটিবৰ বাবে উন্নত যন্ত্র যেনে, CSTRI এৰী সূতা কটা যন্ত্ৰ এটাৰো দৰকাৰ হ'ব।

এৰী পলুৰ প্ৰধান খাদ্যবৃক্ষ হ'ল এৰা গছ আৰু কেচেৰু গছ৷ আনহাতে গৌণ খাদ্যবৃক্ষ হ'ল বপাত, বৰকেচেক, শিমলু আলু, পয়াম আদি। বালিচহীয়া এখ পানী জমা নোহোৱা মাটি এৰা খেতিৰ বাবে উপযুক্ত। প্রথমে মাটিডৰা ২-৩বাৰ ভালকৈ হালবাই এক মিটাৰ দূৰত্বত গাঁত খান্দি ল'ব লাগে। গাঁতবিলাকত পচন সাৰ নাইবা গোৱৰ দিব লাগে। চ'ত-ব’হাগ মাহ আৰু আহিন-কাতি মাহ বীজ সিঁচিবৰ বাবে উপযুক্ত। 

লগতে পঢ়ক-

অসমত ধেমচি খেতিৰ সম্ভাৱনাৰ

কেচেক্ৰ, বৰপাত আৰু বৰকেচেৰু গছৰ নিৰ্দিষ্ট কোনো জাত নাই। বছৰৰ সকলো ঋতুতে এৰী পলু পালনৰ বাবে শিমলু আলু ব্যৱহাৰ কৰিব নোৱাৰি। বসন্ত আৰু গ্ৰীষ্ম ঋতুতহে শিমলু আলুৰ পাত এৰী পলুক খুৱাবৰ বাবে উপযুক্ত। আনকেইটা ঋতুত কেৱল শিমলু আলুৰ পাত খুৱাই এৰী পলু বচাই ৰখা টান। শিমলু আলুৰ পাত ব্যৱহাৰ কৰি এৰী পলু পালনৰ লগতে এৰী ৰেচম উৎপাদকে শিমলু আলু (tuber)ৰ উৎপাদনৰ যোগেদি উপাৰ্জন বৃদ্ধি কৰিব পাৰে। পাহাৰীয়া অঞ্চলবোৰত এৰী পলুৰ অন্যতম প্রধান খাদ্যবৃক্ষ হৈছে পয়াম। নগালেণ্ড আৰু মেঘালয়ৰ এৰী পালকে পয়ামৰ পাত সঞ্চালনিকৈ ব্যৱহাৰ কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ ৰেচম বিভাগৰ সহকাৰী অধ্যাপিকা ড০ মণিমালা শইকীয়াৰ কয় যে ১০০০ জোপা কেচেৰু গছ ৰোপণ কৰি বছৰি তিনিটা ঋতুত সৰ্বমুঠ ১১,০০০ কিলোগ্রাম পাত সংগ্ৰহ কৰিব পাৰি৷

 

এৰী পলু বছৰটোত চাৰি-পাঁচবাৰ পুহিব পাৰি। এৰী পলু পালনৰ বাবে এটা আছুতীয়া ঘৰৰ প্ৰয়োজন। ঘৰটো ভালদৰে বতাহ চলাচল কৰিব পৰা আৰু চাৰিওকাষে বাৰাণ্ডা থকা আৰু উত্তৰমুৱা হোৱা উচিত। ঘৰটোৰ দুৱাৰ খিৰিকী, ভেণ্টিলেটৰত তাঁৰৰ জালি লগাই মাখি প্ৰতিৰোধ কৰি ল'ব লাগে৷ পলু পালনৰ বাবে নিৰোগী সঁচহে ল'ব লাগে। CSB-ৰ C-2 জাত এটা উচ্চ উৎপাদনক্ষম জাত। নাইবা বৰদুৱাৰ, ডিফু, তিতাবৰ, খানাপাৰা, কোকৰাঝাৰ আদি জাতো ব্যৱহাৰ কৰিব পাৰি।

এৰী পলু পালনক লৈ আমি যথেষ্ট আশাবাদী হোৱাৰ থল আছে। এৰী পলু পালন বিশেষকৈ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ জীৱন-সংস্কৃতিৰ এক অভিন্ন অঙ্গ। আমি প্রত্যেকেই কম-বেছি পৰিমাণে এৰী পালনৰ বিষয়ে জানো। মাথোঁ আমাৰ জীৱন-যাপনৰ সৈতে জড়িত এৰী পলু পালন কৰ্মটিক উপযুক্ত পৰিকল্পনা আৰু বিজ্ঞানসন্মত পদ্ধতিৰে আগবঢ়াই নিলে, আৰু ব্যৱসায়িক দৃষ্টিভঙ্গী এটা সমুখত ৰাখি আগবাঢ়িলে আমি নিশ্চিতভাৱে নিজৰ লগতে আনৰো নিয়োগৰ দিহা কৰিব পাৰিম আৰু আৰ্থিকভাৱে লাভান্বিত হ'ম।

লগতে পঢ়ক- গৰখহনীয়া নিয়ন্ত্ৰণত সুগন্ধি বিৰিণা প্ৰয়োগ

English Summary: silk farming process

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.