
আৰম্ভ হ’ল অসম মিলেট মিচন, মাটিৰ মান নিয়ন্ত্ৰক পৰীক্ষাগাৰ আৰু জ্ঞান কেন্দ্ৰৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। বুধবাৰে খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত অসম মিলেট অভিযানৰ শুভাৰম্ভণি আৰু হিতাধিকাৰীৰ মাজত কৃষি যন্ত্ৰ পাতি বিতৰণ কৰাৰ লগতে ভাৰ্চুৱেল পদ্ধতিৰে ৬টা মাটি পৰীক্ষা আৰু মান নিয়ন্ত্ৰক পৰীক্ষাগাৰ, ২টা জ্ঞান কেন্দ্ৰৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷
এই শুভাৰম্ভণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন হয় এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান। ৰাজ্যৰ বিভিন্ন জিলাৰপৰা অহা ১০,০০০ৰো অধিক সংখ্যক কৃষকে অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত৷ মাটি পৰীক্ষা আৰু মান নিয়ন্ত্ৰক পৰীক্ষাগাৰ ৬টা ক্ৰমে-বঙাইগাঁও, ওডালগুৰি, মৰিগাওঁ, গোলাঘাট, দৰং,কৰিমগঞ্জ জিলাত অৱস্থিত৷ লগতে জ্ঞান কেন্দ্ৰ ২টাৰ এটা যোৰহাট জিলাৰ তিতাবৰত আৰু আনটো ধেমাজি জিলাত স্থাপন কৰা হৈছে৷

এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, শ্ৰম আৰু নিয়োগ, চাহ জনগোষ্ঠী উন্নয়ন বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ, উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰা, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, দিশপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰা, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উৎপাদন আয়ুক্ত ডাঃ আশীষ কুমাৰ ভূটানী ,অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক অনন্ত লাল জ্ঞানী প্ৰমুখ্যে অন্যান্য বিষয়াসকল উপস্থিত থাকে৷
লগতে পঢ়কঃ অসম মিলেট মিছন কি? অসমৰ কোনকেইখন জিলা সামৰি লোৱা হৈছে এই মিছনৰ অধীনত?
Share your comments