1. News

কৃষকসকলে ধান খেতিৰ বিকল্প কথা চিন্তা কৰক এতিয়াৰ পৰাই

PANKAJ KHANIKAR
PANKAJ KHANIKAR
ধান খেতিৰ বিকল্প
ধান খেতিৰ বিকল্প

অসমৰ প্ৰধান খেতি ধান। প্ৰতিবছৰে বাৰিষা কালত আমাৰ কৃষক ৰাইজে স্বভাৱ অনুসৰি ধান খেতিৰ প্ৰস্তুতি চলায়। শতিকাৰ পাছত শতিকাজুৰি এইদৰেই অসমৰ মানুহে খেতি কৰি আহিছে। ধান খেতিৰ পৰা লাভ বা লোকচান হ’লেও, বানে মাৰিলেও, কীট-পতংগই নষ্ট কৰিলেও আমাৰ খেতিয়কসকলে ধান খেতি কৰিবই। কিন্তু ধান ভাল নোহোৱা পথাৰবোৰত অন্য খেতি কৰি আমি লাভাৱান্বিত হ’ব পাৰি নেকি!

এই চিন্তা কিন্তু অসমৰ বহু কৃষকৰ মূৰৰ ওপৰে গৈ আছে। ধান খেতিৰ বিকল্প হিচাপে বিভিন্নজনে অৱশ্যে অন্য শস্যৰ খেতি পৰীক্ষামূলক কৰাৰ আৰম্ভ কৰিছে কিন্তু সেয়া বিস্তৃত নহয়। আৰু সেয়া দুই এজনৰ মাজত পৰীক্ষামূলক অৱস্থাতে এই ধান খেতিৰ বিকল্প পদ্ধতি সীমাবদ্ধ হৈ আছে। এইক্ষেত্ৰত আমাৰ ৰাজ্য চৰকাৰখনে কৃষকৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে যদিও ধানৰ খেতিৰ বিকল্প হিচাপে অন্য খেতিৰ বাবে কোনো পৰিকল্পনা গ্ৰহণ কৰা নাই। কিন্তু প্ৰতিবছৰে অনাবৃষ্টি আৰু বাৰিষাৰ বান ধান খেতিৰ উৎপাদনত ক্ৰমশঃ প্ৰাচীৰ হৈ আহিছে । তৎসত্ত্বেও ৰাজ্য চৰকাৰখনে এইক্ষেত্ৰত গ্ৰহণ কৰা নাই কোনো পদক্ষেপ। বানে মৰা ধান পুনৰ ৰোপণৰ বাবে এতিয়াও পথাৰে পথাৰে দামী চুৰিয়া-পায়জামা পিন্ধি কঁঠীয়া সিঁচাৰ অভিনয় কৰি আছে অসমৰ কেইজনমান মন্ত্ৰী-বিধায়কে। বান আকৌ আহিব কিন্তু আকৌ মাৰিব। কিন্তু চৰকাৰখনে বানপ্ৰৱণ অঞ্চলসমূহ চিনাক্ত কৰি এই শস্যভূমিসমূহত ধান খেতিৰ পৰিৱৰ্তে অন্য শস্যৰ খেতি কৰিব পাৰি নেকি! এনেধৰণৰ গৱেষণামূলক চিন্তা-ধাৰাৰ প্ৰয়োজনীয়তা আছিল।

কিন্তু সেয়া অসমত কেতিয়া হৈ উঠিব সেয়া অনুমানৰ বাহিৰত। (কাৰণ এনে যোগাত্মক চিন্তাধাৰাক কোনেও সন্মান নজনায়।হিন্দু-মুছলমানৰ মাজত বিভাজন আৰু সাম্প্ৰদায়িক মন্তব্য কৰিব পৰা বিধায়কেহে অসমত মন্ত্ৰীত্বৰ স্থান পায়।) কিন্তু এইক্ষেত্ৰত এখোজ আগবাঢ়িছে হাৰিয়ানা। এই সন্দৰ্ভত হাৰিয়ানাৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। এই বছৰ ধানৰ পৰিৱৰ্তে পথাৰত আন কিছু শস্য ৰোপণ কৰা কৃষকসকলক প্ৰতি একৰ ভূমিত ৭০০০ টকাৰ ৰাজসাহায্য প্ৰদান কৰিছে পৰীক্ষামূলক ভাৱে অন্য খেতি কৰিবলৈ। শস্য ভাল নহ’লেও যাতে কৃষকজনৰ লোকচান নহয়।। উল্লেখ্য যে হাৰিয়ানা চৰকাৰে শস্য বিবিধকৰণ আঁচনিৰ জৰিয়তে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ।

ইফালে, যিসকল পথাৰত কৃষকৰ ধান ভাল নহয় বাবে ধান ৰোপণ নকৰে আৰু পথাৰবোৰ খালী ৰাখে তেওঁলোককো এই আঁচনিৰ সুবিধা প্ৰদান কৰিছে বিকল্প খেতিৰ বাবে আগ্ৰহী কৰি তুলিছে। উল্লেখ্য যে হাৰিয়ানাৰ এটা বৃহৎ এলেকা পানীৰ সংকটৰ মাজত আছে। ইফালে ভূগৰ্ভস্থ পানীৰ সংকটো প্ৰতিদিনে বাঢ়ি আহিছে। এনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ হাৰিয়ানা চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে সি সঁচাকৈ প্ৰশংসনীয়। অসম চৰকাৰ আৰু অসমৰ কৃষক ৰাইজে বান, অনাবৃষ্টি তথা খৰাঙৰ সৈতে মোকাবিলা কৰিব পৰাকৈ ধানৰ বিকল্প হিচাপে অ্ন্য শস্যৰ খেতি কৰা কথা চিন্তা কৰিবৰ হ’ল। কেৱল পৰম্পৰাগতভাৱে ধান কৰিৱ লাগে কাৰণেই বানে মাৰিলেও, কীট-পতংগই খাই মাৰিলেও, অনাবৃষ্টিত মৰি লোকচানৰ সন্মুখীন হলেও কৰিম থাকিম নে!

লগতে পঢ়ক- ৰবিশস্যৰ খেতিত ব্যস্ত ঢকুৱাখনাৰ এজাক মহিলা

English Summary: alternative Paddy cultivation

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.