1. News

পৃথিৱীৰ আটাইতকৈ দামী উদ্ভিদজোপাৰ খেতি কিদৰে কৰিব ?

KJ Staff
KJ Staff
কোটিটকীয়া চন্দনৰ খেতি
কোটিটকীয়া চন্দনৰ খেতি

কৃষি নিৰ্ভৰশীল দেশ ভাৰতবৰ্ষত ধানৰ পৰা আদি কৰি নানান ধৰণৰ ফচল হয়। একেদৰে এই দেশৰ মাটিত পৃথিৱীৰ ভিতৰতে অতি মূল্যবান উদ্ভিদৰ খেতি কৰিব পাৰি। এক কথাত এই উদ্ভিদৰ খেতি কৰি প্ৰত্যেকেই হ'ব পাৰে কৌটিপতি। পৃথিৱীৰ আটাইতকৈ দামী উদ্ভিদবিধ হৈছে চন্দন গছ। কোনোবাই এক একৰ মাটিত যদি এই গছৰ খেতি কৰে তেন্তে তেওঁ ৩২ – ৩৩ কোটি টকা উপাৰ্জন কৰিব পাৰে। কোনো লোকে যদি এডাল গছ ৰুই ডাঙৰ কৰিব পাৰে তেতিয়াও তেওঁ কমেও উপাৰ্জন কৰিব পাৰে ৫– ৬ লাখ টকা। কিন্তু এই লাভজনক উদ্ভিদ বিধৰ খেতিৰ বিষয়ে বহু লোকে নাজানে।

চন্দন আচলতে তিনি প্ৰকাৰৰ ১) শ্বেত চন্দন ২) ৰক্ত চন্দন আৰু ৩) পিত চন্দন। যদিও পিত চন্দনৰ কথা শুনা যায় ইয়াৰ অস্তিত্ব পোৱা নাযায়। শ্বেত চন্দন আৰু ৰক্ত চন্দন উভয় বিধ ঔষধ আৰু প্ৰসাধন শিল্পত ব্যৱহাৰ হয়। শ্বেত চন্দনৰ পৰা প্ৰসাধন দ্রব্য, তেল, দামী আঁতৰ, ঔষধ, ধূপ, চাবোন, ক্রীম, টুথপেস্ট আদি প্ৰস্তুত কৰা হয়। বহু হেমিওপেথি ঔষধ আছে যত শ্বেত চন্দন ব্যৱহাৰ কৰা হয়। এই গছৰ ব্যৱহাৰ কৈ শেষ কৰা নাযায়। এই দুবিধৰ ভিতৰত শ্বেত চন্দনৰ মূল্য বেছি৷ শ্বেত চন্দনৰ খেতি ভাৰতবৰ্ষৰ সকলো ঠাইতে কৰা সম্ভৱ। সেইবাবে হয়তো চন্দন গছ পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি পোৱা যায় ভাৰতবৰ্ষত। ইয়াৰ উপৰিও দক্ষিণ এছিয়াৰ কিছু দেশ, ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আদিতো এই সুগন্ধি উদ্ভিদ বিধ পোৱা যায়।

লগতে পঢ়ক- কৃষকসকলে ধান খেতিৰ বিকল্প কথা চিন্তা কৰক এতিয়াৰ পৰাই

শ্বেত চন্দন প্রায় ৪ - ৯ ফুট ওখ হয়, এই চিৰসেউজীয়া উদ্ভিদ ১০০ বছৰ জীয়াই থাকে। উদ্ভিদ জোপাৰ পাতৰ উপৰিভাগ উজ্জ্বল সেউজীয়া আৰু পাত ডিম্বাকৃতিৰ হয়। গছজোপা ব্যৱহাৰৰ উপযোগী হৈ পৰে ১২ বছৰ বয়সত আৰু ইয়াৰ প্ৰথম চাৰি বছৰ বয়সলৈকে কোনো সুগন্ধি নাথাকে। সম্পূর্ণ ১২ বছৰত এজোপা গছৰ পৰা প্ৰায় ১৫-২০ কে জি সুগন্ধি কাঠ পাব পাৰি যাৰ মূল্য হৈছে প্ৰায় ৬ লাখতকৈ বেছি। এই গছ মূল্যবান হোৱা হেতুকে ইয়াক চোৰৰ হাতৰ পৰা ৰক্ষা কৰা অতি প্ৰয়োজনীয়। লগতে আপুনি ইয়াক নিজে বিদেশলৈ ৰপ্তানি কৰিব নোৱাৰে। আপুনি এই কাঠ চৰকাৰক বিক্ৰী কৰিব লাগিব আৰু দেশৰ চৰকাৰে ইয়াক বিদেশলৈ ৰপ্তানি কৰিব।

কেনেকৈ খেতি কৰিব এই গছৰ খেতি ? এই গছৰ পুলি অকলে ৰুলে নহ'ব, লগতে ৰুব লাগিব এজোপা হোস্ত উদ্ভিদ ( host plant )। আৰু চন্দনৰ গছ জোপাৰ দৰে হোস্ত উদ্ভিদ জোপাৰো সমানে যত্ন লব লাগিব। খেতি কৰিবৰ বাবে চন্দনৰ পুলি একেলগে কিনিলেহে লাভবান হব পাৰি, এটা দুটা কিনিলে দাম বেছি পৰে। একেলগে কেইবা জোপা পুলি কিনিলে প্রতিজোপা ৫০০ টকাত পাব পাৰি। এয়া উদ্ভিদ ওখ মাটিত ৰুব লাগে কাৰণ ইয়াক বেছি পানীৰ প্ৰয়োজন নহয়। অত্যাধিক গৰম ঠাইত এই গছ নহয়। ৫ -৪০ ডিগ্রী তাপমাত্ৰাৰ অঞ্চলত এই গছৰ খেতি কৰা  গতিকে খৰাং প্ৰৱণ অঞ্চলতো বগা চন্দনৰ খেতি কৰিব পাৰি। বগা চন্দন কাঠৰ যিহেতু বহুতো ঔষধি গুণ আছে, সেয়ে এই কাঠৰ দামও অতি বেছি। বৰ্তমান এই কাঠ প্ৰতি কেজিত প্ৰায় ১৫ হাজাৰ টকাত বিক্ৰী হয়। চন্দন গছৰ খেতি কৰি প্ৰায় ৬০ লাখৰ পৰা ১ কোটি টকা উপাৰ্জন কৰা সম্ভৱ। অৰ্থাৎ ই যথেষ্ট লাভজনক। কিন্তু ইয়াৰ বাবে আপুনি অন্ততঃ ১৫-২০ বছৰ অপেক্ষা কৰিব লাগিব। লগতে আন গছৰ তুলনাত চন্দন গছ যথেষ্ট ব্যয়বহুল।

লগতে পঢ়ক-  ৰবিশস্যৰ খেতিত ব্যস্ত ঢকুৱাখনাৰ এজাক মহিলা

English Summary: You can easily earn 1 crore rupees by cultivating sandalwood

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.