1. News

আজি গুৰুজনাৰ জন্ম জয়ন্তী

PANKAJ KHANIKAR
PANKAJ KHANIKAR
আজি গুৰুজনাৰ জন্মজয়ন্তী
আজি গুৰুজনাৰ জন্মজয়ন্তী

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী উৎসৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ থানত সোমবাৰৰ পৰা তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে গুৰুজনাৰ জন্মজয়ন্তী উৎসৱ। গুৰু জনাৰ জন্মজয়ন্তী উপলক্ষ্য বিভিন্ন প্ৰান্তৰ তীৰ্থযাত্রী আগমন ঘটিছে বটদ্ৰৱাৰ খানলৈ।  নিত্য নৈমিত্তিক নাম প্ৰসংগৰ লগতে ১১ বজাত আৰম্ভ হয় সাংস্কৃতিক শোভাযাত্ৰা। নিশা নাটঘৰত শলগুৰি সত্ৰৰ ভকত বৈষ্ণৱে পৰিবেশন কৰিব শ্যামন্ত হৰন ভাওনা।

ধেমাজি জিলাৰ জোনাইত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰ প্ৰাঙ্গনত কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰ পৰিচালনা সমিতি, আইমাতৃ, ভকত বৈঞ্চৱ ও সমূহ জোনাইবাসী ৰাইজৰ সহযোগত মঙলবাৰৰ পৰা পালন কৰা হয় গুৰুজনাৰ আৰ্বিভাৱ তিথি(Tithi of Srimatna Sankardev) ৷ জাউৰিয়ে জাউৰিয়ে হৰিনামৰ লগতে ঘোষা, পুথিপাঠ তথা খোল, নাগাৰা, ডবা, শংখ আদিৰ মন-প্ৰাণ পুলকিত কৰা মাংগলিক ধ্বনিৰ সমাহাৰ মুখৰিত হৈ এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হয় সংশ্লিষ্ট এলেকাটোত ৷

ইফালে পুৱাৰে পৰা বৰপেটা সত্ৰ প্ৰাংগন হৰিনাম কীৰ্তনৰ ধ্বনিত মুখৰিত হৈ পৰা পৰিলক্ষিত হয় ৷ সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে বৰপেটা সত্ৰত পালন কৰা গুৰুজনাৰ জন্মোৎসৱত বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠকো উপস্থিত থাকে ৷ সত্ৰনগৰীৰ ভকত বৈষ্ণৱ, বাপ-বান্ধৱ, আই-মাতৃ সকলো সত্ৰত উপস্থিত হৈ গুৰুজনালৈ সেৱা ভক্তি নিবেদন কৰে ৷

ইফালে, সত্ৰ নগৰী মাজুলিত বিস্তৃত কাৰ্যসূচীৰে গুৰু দুজনাৰ সৃষ্টিৰাজি চৰ্চা, পৰিবেশন আৰু প্ৰচাৰ চলোৱা উদ্দশ্যৰে আয়োজন কৰিছে গুৰুজনাৰ জন্ম জয়ন্তী। মাজুলীৰ আকাশ বতাহত খোল-তাল, মৃদংগ,ডবা-শংখ,কাহ,কালি ভেৰুৰ সমলয়ত হৰিনামৰ মুৰ্চনা। ৫ টাকৈ বানপানীৰ অত্যাচাৰ, খহনীয়াত বিধ্বস্ত জনাঞ্চলত পুনৰ সেউজ সপোন ৰছা কৃষকে আগতীয়া ৰবি শস্য হেৰুৱাইও জন্মোৎসৱ উদযাপনৰ বাবে দেহমন একাত্ম কৰি লৈছে। বিভিন্ন ঠাইত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ উপৰি মাজুলী ভিত্তিত মহিলাৰ মাজত দিহা নাম,ছাত্র ছাত্ৰী সকলৰ মাজত সত্ৰীয়া নৃত্য, বৰগীত, চিত্ৰকলা প্ৰতিযোগিতাৰ লগতে যুৱক যুৱতী সকলে ভাওনা পৰিবেশন কৰিব।

লগতে পঢ়ক- ৰবিশস্যৰ খেতিত ব্যস্ত ঢকুৱাখনাৰ এজাক মহিলা

English Summary: celebration birth Anniversary of Sankardeva

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.