1. News

ৰবিশস্যৰ খেতিত ব্যস্ত ঢকুৱাখনাৰ এজাক মহিলা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
হাম্বুমাই এণ্টাৰপ্ৰাইজ ৰ ১০ গৰাকী মহিলাৰ শীতকালীন খেতি
হাম্বুমাই এণ্টাৰপ্ৰাইজ ৰ ১০ গৰাকী মহিলাৰ শীতকালীন খেতি

নাৰীশক্তিৰ এখন প্ৰকৃত ছবি দেখিবলৈ পোৱা গৈছে ঢকুৱাখনাৰ এজাক মহিলাৰ মাজত । পাকঘৰতে আবদ্ধ কৰি নাৰাখি পুৰুষৰ সমানে সমানে কৃষি কর্মত আত্মনিয়োগ কৰিছো এই মহিলাকেইগৰাকীয়ে।

ঢকুৱাখনা মহকুমাৰ মধ্য ঢকুৱাখনা গাওঁ পঞ্চায়তৰ অন্তৰ্গত মণিকাচুক গাঁৱৰ ১০ গৰাকীকে উদ্যমী মহিলাই নিজকে কৃষি কৰ্মত আত্মনিয়োগ কৰি ভৱিষ্যতৰ সোণালী সপোন ৰচিছে । ১০ গৰাকী মহিলাক লৈ হাম্বুমাই এণ্টাৰপ্ৰাইজ নামৰ এটা আত্মসহায়ক গোট গঠন কৰি নিজৰ আৰু ভাড়া লোৱা পাঁচ বিঘা মাটিত আৰম্ভ কৰিছে ৰবি শস্যৰ খেতি।

হাম্বুমাই এণ্টাৰপ্ৰাইজৰ সভানেত্ৰী দেৱজানী দাস আৰু সম্পাদিকা প্রণীতা দাসৰ নেতৃত্বত মহিলাৰ গোটটোৱে ৰোপন কৰিছে বন্ধাকবি, জলকীয়া আদিৰ পুলি।আটাইকেইগৰাকী মহিলাই ঘৰৰ কাম সামৰি দিনৰ দিনটো এতিয়া খেতি ডৰাত বিভিন্ন পৰিচৰ্যাত ব্যস্ত হৈ পৰিছে।

সকলো ঠিকে থাকিলে দুমাহৰ পিছত উৎপাদিত জলকীয়া, কবি বিক্ৰী কৰি লাভৰ মুখ দেখিবলৈ পাব বুলি আশাবাদী মহিলা সকল। ঘৰৰ চাৰি বেৰৰ মাজৰ পাকঘৰতে আবদ্ধ নাথাকি ঢকুৱাখনাৰ এইসকল মহিলাৰ কৰ্মমুখী যাত্ৰা নিশ্চয়কৈ প্রসংশনীয়।

লগতে পঢ়ক- পেপচিকামে ভাগ্য সলনি কৰিলে পলিঅ’ ৰোগী আলোকৰ

English Summary: winter cultivation of woman

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.