1. Government Schemes

৪০ হাজাৰ পৰ্যন্ত ধন লাভ কৰিব TARBANDI YOJANAৰ অধীনত

RAHUL ALI
RAHUL ALI
tarbandi yojana
tarbandi yojana

চৰকাৰে কৃষকসকলৰ বাবে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। কৃষকসকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা, প্ৰধানমন্ত্ৰীৰ শস্য বীমা আঁচনি আদিৰ বিষয়ে আমি সকলোৱে জ্ঞাত। এই আঁচনিবোৰৰ মূল লক্ষ্য কৃষকসকল যাতে কৃষিক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়। কাৰণ কৃষকসকলেই দেশখনৰ চালিকাশক্তিত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে।

যদিও এই সন্মান বা স্বীকৃতি কৃষকসকলে কোনো দিন লাভ কৰা নাই। সেয়া যি নহওঁক। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে কৃষকসকলে পথাৰৰ চাৰিওফালে বেৰ দিয়াৰ বাবে এক আঁচনি গ্ৰহণ কৰিছে, নাম- তাঁৰবন্দী যোঁজনা (Tarbandi Yojana)।

আঁচনীৰ অধীনত কৃষকসকলে পথাৰখনৰ জেওৰা মৰাৰ বাবে ৪০ হাজাৰ টকা লাভ কৰিছে। এই আঁচনী অসমৰ বাবে বিশেষ লাভদায়ক হব কাৰণ বছৰটোৰ শীতকালৰ খেতিসমূহ কৰিবলৈ অসমৰ কৃষকসকলে দহবাৰ ভাবিব লগা হয়। কাৰণ খেতি কৰিলে কি হব গৰুৱে ৰখিব কোনে! ইফালে জেওৰা মাৰিবলৈ গলে কেৰেলাতকৈ গুটি দিঘল দৰে হোৱাৰ হয়।

গতিকে তাঁৰবন্দী আঁচনি গ্ৰহণ কৰি অসম কৃষকসকল অধিক লাভাৱিন্বত হ’ব পাৰে। কিন্তু এই আঁচনিখন এতিয়াও কেইখনমান ৰাজ্যতহে সীমাবদ্ধ হৈ আছে। ৰাজস্থানত এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি লাভান্বিত হৈছে ৰাজ্যখনৰ কৃষক ৰাইজ। পথাৰৰ চাৰিওফালে বেৰ দিয়াৰ বাবে ৰাজসাহায্য প্ৰদান কৰি আছে ৰাজস্থান চৰকাৰে।

লগতে পঢ়ক- প্ৰকৃত কৃষক হলেও নাপাব পাৰে PM Kisan আচঁনিৰ দ্বাদশ কিস্তিৰ ধন!

English Summary: 40 thousand rupees will be received under tarbandi yojana

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.