1. এগ্ৰিপেডিয়া

খেতি পথাৰৰ উপকাৰী চৰাই আৰু অপকাৰী কীটপতঙ্গ-

RAHUL ALI
RAHUL ALI
Harmful Insects
Harmful Insects

ধাননী পথাৰত যেতিয়া ধানে থোক মেলে তেতিয়া তাত অনেক প্ৰজাতিৰ চৰাই দেখা পোৱা যায়। এই চৰাইবোৰৰ শতকৰা ৬০ ভাগ পতঙ্গভোজী আৰু ২৫ ভাগ মাছ, নিগনি, মকৰা, পোক, ঘাঁহ খোৱা সৰ্বভক্ষী চৰাই। মাত্ৰ শতকৰা প্ৰায় ১০ ভাগ চৰাই হে প্ৰকৃততে শষ্যভোজী। ইহঁতে ঘাঁহৰ গুটি, শস্যৰ বীজ আৰু পোৱালীৰ বাবে পোক পৰুৱা খায়।

ধান খেতিৰ বাবে টুনি, টোকোৰা,কপৌ, ঘৰচিৰিকা, কাম চৰাই আদিক অনিষ্টকাৰী চৰাই হিচাপে চিনাক্ত কৰা হৈছে যদিও ক্ষতিৰ পৰিমাণ ১ মাত্র ৩-৫ শতাংশ। পথাৰত দেখা চৰাই সমূহৰ। ৯০ শতাংশই প্ৰজননৰ সময়ত বংশবৃদ্ধিৰ বাবেই 6 অহা দেখা যায়। কিছুমান এনে ধৰণৰ চৰায়ো আছে যি পথাৰৰ অনিষ্টকাৰী পোক-পতঙ্গ নিয়ন্ত্রণৰ ক্ষেত্ৰত সহায় কৰে। সেইবোৰৰ ভিতৰত আছে ফেচু, বালিঘোঁৰা, শালিকা, কাউৰি বগলী, মৌখাতি আদি।

ফৰিং, গুবৰুৱা, পখিলা জাতীয় পোকসমূহ এই জাতীয় চৰাই বিলাকে ভক্ষণ কৰে। কাউৰীয়ে হাতীপোকৰ পেলু আৰু শালিকা আৰু বগলীয়ে ধানৰ নৰাৰ ভিতৰত লুকাই থকা মজাখোৱাৰ লেটা আৰু নৰাত থকা ফৰিঙৰ উপদ্ৰৱ শতকৰা ৩০ ভাগ হ্রাস কৰা দেখা যায়।

বহুতো অনিষ্টকাৰী পোক, চৰাই সমূহে খাই খেতিডৰা নিয়ন্ত্ৰণ কৰি ৰাখিলেও কিন্তু আৰু বহুতো কীট- পতঙ্গ আছে যি ধাননী পথাৰত অতিকে অনিষ্ট সাধন কৰে। যেনেঃ

মজাখোৱা পোকঃ

এই পোকে ধানপাতৰ কোমল অংশ খাই গা-গছ ডালৰ ভিতৰলৈ সোমাই গৈ থাকে। ফলত আক্ৰান্ত হোৱা গছজোপা শুকাই যায় আৰু খেৰ বৰণৰ হয়।

শোহনী পোকঃ

এইবিধ কলা পোকে ধানৰ কোমলীয়া পাত আৰু কঠিয়া তলিত ৰস শুহি খায়, ফলত পাতবোৰ হালধীয়া হৈ পৰে। গেঁৰ ধৰা সময়ত আক্ৰমণ কৰিলে ধানবিলাক পতনুৱা হোৱা দেখা যায়।

চৰহা পোকঃ

এইবিধ ক'লা ৰঙৰ পোকে পাতৰ সেউজীয়া অংশ খায়। পলুবোৰে পাতৰ সিৰাৰ  মাজত সোমাই সেউজীয়া অংশ খাই পাতত বগা আঁচ পেলায়। পিছলৈ খেৰ বৰণৰ হোৱা দেখা যায়।

শুঁৰপোকঃ

বানপানীৰ ঠিক পিছতেই শুঁৰপোকৰ আৱিৰ্ভাৱ ঘটে। ৰাতিৰ ভাগত ধানৰ কোমলীয়া পাতবোৰ এফালৰপৰা খায় কম সময়ৰ ভিতৰতেই ইডৰাৰ পৰা সিডৰা মাটিলৈ বিয়পি পৰে।

পাত মেৰিওৱা পোকঃ

এই পোকে আক্রমণ কৰিলে পাতবোৰ মেৰখাই যায়। সেয়েহে ইয়াক পাত মেৰিওৱা পোক বুলি কোৱা হয়। মেৰ খোৱা পাতৰ মাজত পাতল সেউজীয়া বৰণৰ পলু দেখা যায়। আক্রান্ত হোৱা পাত বিলাক শুকাই যোৱাৰ ফলত গছ বিলাক বাঢ়িব নোৱাৰে।

টুপলিকটা পোকঃ

এই পোকে পাতৰ সেউজীয়া অংশ খাই আৰু পাতবিলাক জখলাৰ দৰে কৰি পেলায়। পাতবোৰ দেখিবলৈ কাঁচিৰে কটাৰ দৰে লাগে।

গান্ধীপোকঃ

এই পোকে ধানৰ গাখীৰতী অৱস্থাত আক্ৰমণ কৰি ধানৰ গাখীৰ শুহি খায়। ফলত থোকবোৰ পাতলুৱা হৈ পৰে। এইবিধ পোকৰ ৰঙৰ পোকে পাতৰ গাৰপৰা ওলোৱা উগ্ৰ গোন্ধটোৰ বাবেই ইহঁতক সহজে ধৰিব পাৰি।

প্ৰতিকাৰৰ উপায়ঃ

মজাখোৱা পোকৰ প্ৰতিকাৰ হিচাপে ধান চপোৱাৰ পাছত নৰাবোৰ গুৰিতে কাটি, মাটিডৰা হালবাই ৰ'দত শুকালে এই পোকৰ আক্ৰমণৰপৰা হাত সাৰিব পাৰি।

 তাৰোপৰি উক্ত পোকসমূহৰ আক্ৰমণ হ্রাস ক্ৰৰিবলৈ কঠিয়াতলিত কঠিয়া তোলাৰ পাঁচ সাত দিন আগতে প্রতি বর্গমিটাৰ কঠিয়াতলিত তিনি গ্রাম হিচাপত কাৰ্বফুৰাণ ৩ জি বা এক গ্রাম ফৰেষ্ট ১০জি ঔষধ প্রয়োগ কৰিব লাগে।

ধান ৰোৱাৰ আগেয়ে কঠিয়াৰ আগটো কাটি পুতি পেলালে মজাখোৱা, চৰহা, টুপলিকটা আদি কঠিয়াতলিৰপৰা মূল পথাৰলৈ কমকৈ বিস্তাৰিত হয়।

লগতে পঢ়ক-পলিহাউচ কি? গ্ৰীণ হাউচ আৰু পলিহাউচৰ মাজত মাজত পাৰ্থক্য জানেনে আপুনি?

English Summary: Beneficial birds and harmful insects in Paddy fields

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.