Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 22 December, 2022 2:44 PM IST
Akhil Gogoi

বিধানসভাৰ শীতকালীন অধিৱেশনৰ তৃতীয়টো দিনত ৰাজ্যৰ কৃষকসকলৰ সুবিধাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণৰ প্ৰস্তাৱ দিয়ে অখিল গগৈয়ে। ধান ক্ৰয় কেন্দ্ৰ বৃদ্ধি কৰাৰ বাবে বিধানসভাৰ মজিয়াত তেওঁক অধ্যক্ষক সম্বোধন কৰি আহ্বান জনায়। প্ৰয়োজন অনুপাতে ধান ক্ৰয় কেন্দ্ৰ ৰাজ্যত কম হৈ আছে বুলি তেওঁ মন্তব্য কৰে। শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে কয় যে এটা সমষ্টিত এটাতকৈ বেছি ধান ক্ৰয় কেন্দ্ৰ থাকিব লাগে।

এখন গাঁৱতে কেইবাজনো বেপাৰী থাকে। গতিকে এটা পঞ্চায়তত এটাকৈ ধান ক্ৰয় কেন্দ্ৰ থাকিব লাগে। ধান ক্ৰয় কেন্দ্ৰসমূহত কেৱল ৰঞ্জিত আৰু বাহাদুৰ ধানহে ক্ৰয় কৰাৰ সুবিধা আছে। ইয়াৰ বাহিৰে অসমত ব্যাপকভাৱে হোৱা শালি ধান, বাও ধান, জহা ধান আদিও ক্ৰয় কৰিব পৰাকৈ এটা ব্যৱস্থা সৃষ্টি কৰিবলৈ বিধায়কগৰাকীয়ে আহ্বান জনায়। ধান ক্ৰয় কেন্দ্ৰসমূহত অসমৰ থলুৱা পৰিৱেশৰ ভিত্তিত ধান ক্ৰয়ৰ ব্যৱস্থা কৰিব লাগে বুলি মন্তব্য কৰে অখিল গগৈয়ে। ধান বিক্ৰীৰ ক্ষেত্ৰত থকা সমস্যা যেনে- ধান ক্ৰয়ৰ বিনিময়ত পাবলগীয়া টকা যথেষ্ট দেৰিকৈ পোৱা আদি সমস্যা দূৰ কৰিবলৈ ব্যৱস্থা হাতত ল’বলৈ বিধায়কগৰাকীয়ে আহ্বান জনায়।

জনায়।প্ৰতিটো বিধানসভা সমষ্টিত অন্ততঃ দুখনকৈ মাল টনা গাড়ী দিয়াৰ আহ্বান অখিল গগৈৰ। প্ৰত্যেকটো পঞ্চায়তত ধান ক্ৰয় কেন্দ্ৰৰ ব্যৱস্থা নোহোৱালৈকে ধান কঢ়িয়াবৰ বাবে মাল টনা গাড়ীৰ ব্যৱস্থা কৰিবলৈ তেওঁ আহ্বান জনায়। দুখীয়া বা কমকৈ খেতি কৰা কৃষকে সামান্য শস্য কঢ়িয়াবলৈ এখন গাড়ী কিনিব নোৱাৰে বুলি মন্তব্য কৰে অখিল গগৈয়ে। মধ্যভোগী বেপাৰীক নাকী লগাবলৈয়ো চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনায় বিধায়কগৰাকীয়ে।

ইফালে বিধানসভাত কৃষকসকলৰ সুবিধাৰ্থে ৰখা প্ৰস্তাৱসমূহৰ প্ৰসংগত এটা ছ’চিয়েল মিডিয়া প’ষ্টত এইদৰে লিখে বিধায়ক অখিল গগৈয়ে- ‘শিৱসাগৰ বিধানসভা সমষ্টিত এটা ১১ হাজাৰ বৰ্গফুটৰ ধানৰ গুদাম আৰু এটা অত্যাধুনিক ধান বনোৱা মিল আৰু ধান ক্ৰয় কেন্দ্ৰ প্ৰতিষ্ঠা কৰিব পৰাটো মোৰ বিধায়ক জীৱনৰ কৰ্মৰ এটি মাইলৰ খুটি। অসমত খেতিয়কৰ পৰা ধান ক্ৰয় কৰাৰ পৰামৰ্শ অসমৰ মুখ্যমন্ত্ৰীক মইয়ে প্ৰথমে দিছিলোঁ। আৰু সেই পৰামৰ্শকে অসমৰ মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰীয়ে সমগ্ৰ অসমত কাৰ্যকৰী কৰিলে। আজি অসম বিধান সভাত মন্ত্ৰী পিযুষ হাজৰিকাই অকপটে স্বীকাৰ কৰিলে যে চৰকাৰে মোৰ পৰামৰ্শৰ পৰাই অসমত ধান ক্ৰয় ব্যৱস্থাৰ আঁচনি ল'লে।’

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন মুৰব্বী তথা শিৱসাগৰ সমষ্টিৰ বৰ্তমানৰ বিধায়কগৰাকীয়ে উত্থাপন কৰা প্ৰস্তাৱসমূহ সংশ্লিষ্ট বিভাগটোৱে গুৰুত্বসহকাৰে ল’লে ৰাজ্যৰ কৃষকসকল নিশ্চয়কৈ উপকৃত হ’ব বুলি আশা কৰা হৈছে।

লগতে পঢ়কঃ সু স্বাস্হ্য ৰক্ষাত মিলেট: Millet in good health care

English Summary: Akhil Gogoi raises voice for farmers at assembly
Published on: 22 December 2022, 02:44 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now