1. সফল কাহিনী

কৰ্মৰে অসমীয়াগিৰীঃ মুকুতা খেতিৰে আদৰ্শ নলবাৰীৰ যুৱক সঞ্জীৱ দত্ত!

KJ Staff
KJ Staff
Pearl Farming!
Pearl Farming!

মুকুতা (Pearl) বিচাৰি এতিয়া সাগৰ পাৰলৈ যাব নালাগে আপুনি! এইখন অসমতে সম্ভৱ মুকুটাৰ খেতি। মূল্যবান মুকুটা খেতি এতিয়া উপলব্ধ নলবাৰীত। নলবাৰীৰ এগৰাকী উচ্চ শিক্ষিত যুৱকৰ প্ৰচেষ্টাত নিজৰ পুখুৰীত উৎপাদন কৰিছে মূল্যবান মুকুতা।

বৈজ্ঞানিক পদ্ধতিত কৰিছে মুকুতা  খেতি। শামুকক বিশেষভাৱে অস্ত্ৰোপচাৰ কৰি এইগৰাকী উচ্চশিক্ষিত যুৱকে উৎপাদন কৰিছে মুকুতা।

উল্লেখযোগ্য যে, মুকুতা খেতিৰ বাবে ভিন্ন প্ৰান্তত প্ৰশিক্ষণ লৈ নিজৰ ঘৰৰ পিছফালৰ পুখুৰীত নলবাৰীৰ পকোৱাৰ সঞ্জীৱ দত্ত নামৰ যুৱকগৰাকীয়ে কৰি আহিছে মূল্যৱান মুকুতাৰ খেতি। সচৰাচৰ নৈ, বিল, জলাশয় আদিত পোৱা কাণখোলা শামুক আনি অস্ত্ৰোপচাৰ কৰি বিশেষভাৱে পুখুৰীত পোহাৰ পিছত প্ৰায় এবছৰ ভিতৰত সম্পূৰ্ণ হৈ উঠে এই মুকুতা।

অতি কম খৰছতে এটা শামুকৰ ভিতৰত পাব পাৰি চাৰিটাকৈ মুকুতা। যাৰ বজাৰ মূল্য যথেষ্ট। যথেষ্ট চাহিদা থকা এই মুকুতা খেতি প্ৰায় দুবছৰ ধৰি কৰি আহিছে নলবাৰীৰ উচ্চশিক্ষিত যুৱক সঞ্জীৱ দত্তই। আনহাতে বহিঃৰাষ্ট্ৰত যদিও মুকুতাৰ খেতিত যথেষ্ট আগবঢ়া কিন্তু ভাৰতবৰ্ষত কিছু কিছু ঠাইতহে মুকুতা খেতি কৰা দেখা যায়। বিশেষকৈ ৰাজস্থান, উৰিষ্যা অন্যতম।

আনহাতে অতি কম সংখ্যক লোকে কৰি আহিছে অসমত মুকুতাৰ খেতি। ইফালে প্ৰতিটো মুকুতাৰ বজাৰ মূল্য যথেষ্ট হোৱা বাবে কম পৰিমাণৰ খেতি কৰিও লাখ লাখ টকা উপাৰ্জন কৰি স্বাৱলম্বী হ'ব পাৰি। ইফালে নলবাৰীৰ  যুৱকগৰাকীৰ একক প্ৰচেষ্টাত এনেদৰে মুকুতাৰ খেতি কৰি লাভান্বিত হৈছে।

যিটো সময়ত একাংশ যুৱকে চৰকাৰী চাকৰিৰ পিছত দৌৰি সময় অতিবাহিত কৰিছে তেনে সময়তে যুৱ প্ৰজন্মক এই খেতিৰ প্ৰতি আগ্ৰহী হ'বলৈ অনুৰোধ নলবাৰীৰ সঞ্জীৱৰ।

লগতে পঢ়ক-কৰ্মৰে জাতীয়তাবাদ! মাহিলী ২০ লাখ টকাৰ ব্যৱসায় যোৰহাটৰ মধুৰ ডায়েৰীৰ

English Summary: Pearl Farming! Success Story of Nalbari Youth Sanjib Dutta

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.