Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 9 November, 2022 4:26 PM IST
African Swine Flu Big Update, (Source-Google)

শিৱসাগৰ ৰাজহ চক্ৰৰ অধীনৰ কিছু এলেকাত আফ্ৰিকান ছোৱাইন ফিভাৰ ৰোগৰ প্ৰাদুৰ্ভাৱ ক্ৰমশঃ বৃদ্ধি পোৱাত জিলা খনৰ গাহৰি পালক সকল এক গভীৰ সমস্যাৰ সন্মুখীন হৈছে।এই সমস্যা সমাধানৰ বাবে জিলা খনৰ পশুপালন বিষয়া ডঃ অক্ষয় কেশৰী ভট্টই গাহৰি পালক সকলক জৈৱ সুৰক্ষা ব্যৱস্থা কঠোৰভাবে পালন কৰাৰ আহ্বান জনাইছে।গাহৰি পালক সকলক  প্ৰতিদিনে চডিয়াম হায়দ্ৰ ক্লৰাইদ বা তেনে অনুৰূপ বীজাণু নাশক ছটিয়াই পাম খন পৰিষ্কাৰ আৰু বীজাণুমুক্ত কৰাৰ আহ্বান জনাইছে বিভাগটোৰ জিলা বিষয়া গৰাকীয়ে। গাহৰি সমূহৰ ক্ষেত্ৰত সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে বৰ্তমান আৱদ্ধ অৱস্থাত গাহৰি পালন কৰাটো অতি প্ৰয়োজন বুলি প্ৰকাশ কৰিছে বিষয়া গৰাকীয়ে।

পাম খনলৈ মানুহৰ চলাচল অতি সীমিত কৰাৰ দৰে কিছু প্ৰতিৰোধমূলক ব্যৱস্থা ললে গাহৰি পালক সকলে নিজৰ গাহৰি সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰিব বুলি ডঃ ভট্টই প্ৰকাশ কৰে। আনহাতে এই ৰোগত মৃত্যু হোৱা গাহৰি জৈৱ সুৰক্ষা নীতিৰ অধীনত দকৈ গাঁত খান্দি চূণ আৰু নিমখ দি পুতি পেলোৱাৰ বাবে বিভাগটোৱে নিৰ্দেশ জাৰি কৰিছে।একাংশ গাহৰি পালকে মৃত্যু হোৱা গাহৰি নদীত পেলোৱা দৃষ্টি গোচৰ হোৱা বুলি বিভাগটোৱে উল্লেখ কৰি এনে নকৰিবলৈ সকলোকে অনুৰোধ জনাইছে। মৃত গাহৰি নদীত পেলাই দিলে এই ৰোগৰ সংক্ৰমণ অধিক তীব্ৰ হোৱাৰ আশংকা আছে বুলি ডঃ অক্ষয় ভট্ট কেশৰীয়ে জানিবলৈ দিছে।

উল্লেখযোগ্য যে জিলা খনত তৃতীয় বাৰৰ বাবে গাহৰিৰ এই ৰোগৰ সংক্ৰমণ দেখা গৈছে।  এই সংক্ৰমণ ৰোধ কৰাৰ বাবে শিৱসাগৰ ৰাজহ চক্ৰ অধীনৰ এলেকাত গাহৰিৰ সৰবৰাহ, বিক্ৰী, গাহৰিৰ মাংস বিক্ৰী আদি নিষিদ্ধ কৰিছে শিৱসাগৰ জিলা প্ৰশাসনে। অতিৰিক্ত জিলা দণ্ডাধীশ সব্যসাচী কাশ্যপে যোৱা ১ নৱেম্বৰত এই নিৰ্দেশ প্ৰদান কৰিছিল। ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰা জাৰি কৰি এই নিষেধাজ্ঞা জাৰি কৰা হৈছে জিলা খনত। এই নিষেধাজ্ঞা  তৎকালীনভাৱে বলৱৎ হৈছে আৰু নিষেধাজ্ঞা অমান্যকাৰী সকল ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰা অনুসৰি দণ্ডনীয় হব ।জিলা খনত বর্তমানৰ লোকে এই ৰোগত ডেৰ শতাধিক গাহৰিৰ মৃত্যু হৈছে।জিলাখনৰ পানবেচা,বানমুখ,বেতবাৰী,মেটেকা, হাঁহচৰা আদিকে কেইটামান অঞ্চলত এই ৰোগৰ প্ৰাদুৰ্ভাৱ সৰ্বাধিক ৰূপত দেখা গৈছে। 

গাহৰি এই ৰোগত আক্রান্ত হলে গাহৰি পালক সকলে বিভাগটোৰ সৈতে ততালিকে যোগাযোগ কৰিলে পাম বীজানুমুক্ত কৰা,জৈৱ সুৰক্ষা আদি বিষয়ত পশুপালন বিভাগে সহায়ৰ হাত আগবঢ়াই গাহৰি পালক সকল যাতে আৰ্থিক লোকচানৰ সন্মুখীন নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি ডঃ ভট্টই জনাইছে।আনহাতে বিভাগীয় ভাবে  গাহৰি পালক সকলক চৰকাৰী নীতি নিয়ম অনুসৰি গাহৰিৰ মৃত্যু হলে সৰ্বাধিক ১৫ হাজাৰ টকা পৰ্যন্ত ক্ষতি পূৰণ দিয়াৰ ব্যৱস্থা আছে।জিলা খনত গাহৰিৰ সৰবৰাহ,মাংস বিক্ৰী আদিত নিষেধাজ্ঞা প্ৰযোজ্য হৈ থকাত বিগত কিছু দিনত গাহৰি পালক,মাংস বিক্রেতা,হোটেলৰ গৰাকী আদি ভীষণ সমস্যাৰ সন্মুখীন হৈছে।বিভাগটোৱে জনোৱা অনুসৰি পৰৱৰ্তী এটা মাহৰ পাছত এই নিষেধাজ্ঞা সম্পৰ্কত পুনৰ পৰ্যালোচনা কৰা হব।পৰিস্থিতি উন্নত হলে এই নিষেধাজ্ঞা বাতিল কৰা হব।

মোজাহিদ আলী, শিৱসাগৰ

লগতে পঢ়ক-শীঘ্ৰে শ্যামলী হ'ব ঐতিহাসিক জেৰেঙা পথাৰ; ৩০০ বিঘা ছনপৰা মাটিত খেতি

English Summary: African Swine Flu Big Update
Published on: 09 November 2022, 04:25 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now