1. News

অচিন ৰোগত আক্ৰান্ত হৈ বাক্সাৰ বিষ্ণুপুৰত শ শ গাহৰিৰ মৃত্যু! গাহৰি পালকৰ মাজত হাহাকাৰ

RAHUL ALI
RAHUL ALI
বাক্সাৰ বিষ্ণুপুৰত শ শ গাহৰিৰ মৃত্যু!
বাক্সাৰ বিষ্ণুপুৰত শ শ গাহৰিৰ মৃত্যু!

শেহতীয়া দুটাকৈ বানত আতাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ গ্রামাঞ্চলৰ কৃষক সমাজ। বানৰ লগতে ভুতৰ ওপৰত দানহ পৰাৰ দৰে পশুধনৰ মাজত কেতবোৰ ৰোগে সংহাৰী ৰূপ ধাৰণ কৰিছে। বিশেষকৈ আফ্রিকান ছোৱাইন ফিভাৰে ৰাজ্যৰ কেইবাখনো জিলাত গুৰুতৰ ৰূপ ধাৰণ কৰিছে ।

বাক্সা জিলাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত বিষ্ণুপুৰত শতাধিক গাহৰিৰ অস্বাভাৱিক মৃত্যুত গাহৰি পালকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বিগত কিছুদিনত অঞ্চলটোৰ কেবাজনো গাহৰি পালকৰ পোহনীয়া গাহৰি মৃত্যু মুখত পৰিছে৷ বিষ্ণুপুৰ গাঁওৰ তুলসী তৰুন বড়ো, ভূপেন মদাহি, অনিতা বড়ো, ৰমেশ বড়োকে ধৰি কেবাজনো গাহৰিপালকৰ প্ৰায় শতাধিক গাহৰিৰ অস্বাভাৱিক মৃত্যু হয়৷ যাৰ পৰিণতিত ঋণ লৈ আৰু সাঁচতীয়া ধনেৰে গাহৰি পালন কৰা এই গাহৰি পালকসকলৰ অৱস্থা এতিয়া পানীত হাঁহ নচৰা।

জানিব পৰা মতে প্ৰথম অৱস্থাত গাহৰি সমুহ খোজ কাঢ়়িব নোৱাৰা হৈ পিচত আহাৰ গ্ৰহন নকৰে লগতে দেহত ৰঙা দাগ পৰে আৰু  অস্বাভাৱিক ভাৱে মৃত্যুমুখত পৰে৷ ইতিমধ্যে গাহৰিসমূহৰ এনে অস্বাভাৱিক মৃত্যুত গাহৰিপালক সকল বৃহত লোকচানৰ সম্মুখীন হৈছে৷ আফ্ৰিকান ছোৱেইন ফিভাৰ ৰোগত আক্ৰান্ত হৈ গৰ্ভৱতী গাহৰি সহ শতাধিক গাহৰি এনেদৰে মৃত্যু হোৱা বুলি গাহৰি পালক সকলে সন্দেহ কৰিছে৷

ইয়াৰ পূৰ্বেও ৰাজ্যৰ তিনিচুকীয়াত আৰু শিৱসাগৰ জিলাত অচিন ৰোগত আক্ৰনাত হৈ শ শ গাহৰিৰ মৃত্যু হৈছিল আৰু আফ্ৰিকান ছোৱাইন ফ্লুৰ সন্দেহত পশু চিকিৎসা বিভাগে নিধন কৰিছিল শতাধিক গাহৰি।

উল্লেখ্য যে, অঞ্চলটোত শতাধিক গাহৰিৰ অস্বাভাৱিক মৃত্যু হোৱাৰ পিচতো বিভাগীয় কৰ্তৃপক্ষই এই পৰ্যন্ত কোনো ধৰনৰ খৱৰ নলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ অৱশ্যে এনেদৰে কিয় শতাধিক গাহৰিৰ মৃত্যু হৈছে বিভাগীয় কৰ্তৃপক্ষই মৃতদেহৰ মৰনোত্তৰ পৰীক্ষা কৰিলেহে প্ৰকৃত তথ্য পোহৰলৈ আহিব৷ 

লগতে পঢ়ক-গাহৰি পালনৰ বাবে অসমত সৰ্বোৎকৃষ্ট প্ৰকাৰসমূহ-

English Summary: Pig Swine Flue News Baksa

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.