1. News

শীঘ্ৰে শ্যামলী হ'ব ঐতিহাসিক জেৰেঙা পথাৰ; ৩০০ বিঘা ছনপৰা মাটিত খেতি

RAHUL ALI
RAHUL ALI
জেৰেঙা পথাৰৰ ৩০০ বিঘা মাটিত  সৰিয়হ খেতি
জেৰেঙা পথাৰৰ ৩০০ বিঘা মাটিত সৰিয়হ খেতি

ভাৰতীয় জনতা পাৰ্টীৰ অ' বি চি মৰ্চাৰ জিলা সমিতিৰ উদ্যোগত তথা জেৰেঙা সমন্বয় কৃষক গোটৰ সহযোগত জেৰেঙা পথাৰৰ ৩০০ বিঘা মাটিত আজিৰে পৰা  সৰিয়হ খেতি আৰম্ভ কৰা হৈছে।যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন  তপন কুমাৰ গগৈয়ে থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক  সুশান্ত বৰগোঁহাইৰ উপস্থিতত নিজে ট্রেক্টৰ চলাই এই কৃষি কৰ্মৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে। 

জয়মতীৰ স্মৃতি বিজড়িত ঐতিহাসিক জেৰেঙা পথাৰৰ ৩০০ বিঘা পতিত ভূমিত প্ৰথমবাৰৰ বাবে  বিজ্ঞান সন্মাত ভাবে এই কৃষি কৰ্মৰ প্ৰস্তুতি চলোৱা হৈছে। আত্ম নিৰ্ভৰশীলতাৰ আদৰ্শৰে কৃষিৰ প্ৰতি যুৱ প্ৰজন্মক আকৰ্ষিত কৰিবলৈ এই ইতিবাচক কাৰ্যপন্থা হাতত লোৱা হৈছে বুলি এই অনুষ্ঠানত সদৰি কৰে শিৱসাগৰ জিলা যুৱ মৰ্চাৰ সভাপতি হৰিপ্ৰসন্ন হাজৰিকাই।

ছন পৰি থকা জেৰেঙা পথাৰক পুনৰ শস্য শ্যামলা কৰাৰ বাবে লোৱা এই পদক্ষেপে অঞ্চলটোৰ যুৱ প্ৰজন্মক কৃষি সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰি তুলিব বুলি সাংসদ তপন গগৈয়ে আশা প্ৰকাশ কৰে। সৰিয়হ খেতি শুভাৰম্ভণিৰ এই অনুষ্ঠানতে কেইবাগৰাকী প্ৰগতিশীল খেতিয়কক সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ জিলা সভাপতি শ্ৰী ময়ূৰ বৰগোহাঁই ডাঙৰীয়া, প্ৰভাৰী শ্ৰী অনুপ চেতিয়া ডাঙৰীয়া, অন্যান্য পিছপৰা শ্ৰেণী শিৱসাগৰ উন্নয়ন বৰ্ডৰ অধ্যক্ষ শ্ৰী হেমন্ত গগৈ ডাঙৰীয়া, শিৱসাগৰ শিমলুগুৰি নাজিৰা পৌৰসভাৰ পৌৰপতি সকল, মৰ্চাৰ সভাপতি সকল, দলীয় বিষয়ববীয়া সকল,কৃষকসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

উল্লেখযোগ্য যে জেৰেঙা পথাৰ ছশ বছৰ সৌমাৰ খণ্ডত গৌৰৱে ৰাজত্ব কৰা আহোম ৰাজ্য ৰংপুৰৰ দক্ষিণ কাষে অবস্থিত৷পুৰ্বে ৰাজ নগৰকে ধৰি ইয়াৰ চাৰিও কাষৰ গোটেই অঞ্চলটোকে মেটেকা বুলি কোৱা হৈছিল ৷১৬৯৫ চনত ৰুদ্ৰসিংহ স্বৰ্গদেৱে আহোম ৰাজ্যৰ ৰাজধানী গড়গাওঁৰ পৰা মেটেকালৈ তুলি আনিছিল তেতিয়া মেটেকাৰ চাৰিওফালে গড় মাৰি ৰজাৰ নগৰ কৰি নাম থলে ৰংপুৰ৷ জেৰেঙা পথাৰৰ বুকুত সাগৰ সদৃশ পুখুৰী খান্দি মাতৃ জয়মতীৰ নাম যুগমীয়া কৰি ৰুদ্ৰসিংহই পুখুৰীৰ পাৰত শ্ৰীশ্ৰীকেশৰাই বিষ্ণু দ’ল নিৰ্মাণ কৰালে পাছলৈ সেই ঠাই খন জয়সাগৰ নামেৰে জনাজাত হয়৷

জয়সাগৰ নিচেই কাষতে লাগি আছে বিখ্যাত তুংখুঙ্গীয়া ফৈদৰ ৰাজ কোঁৱৰ সকলৰ বলিষ্ঠ শাসন আৰু স্বৰ্ণ ময় অসম গঢ় লবলৈ স্বদেশ আৰু স্বজাতিৰ বাবে আত্মত্যাগ আগবঢ়োৱা বীৰাঙ্গনা জয়মতীৰ আত্ম ত্যাগৰ ক্ষেত্ৰ ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰ৷ যাৰ নাম আজিও বুৰঞ্জীৰ পাতত সোণোৱালী আখৰৰে লিখিত হৈ আহিছে যুগে যুগে৷ জেৰেঙা পথাৰ হ’ল বীৰাঙ্গনা জয়মতী কুঁৱৰীয়ে দেশৰ কাৰণে স্বজাতি আৰু স্বামীৰ বাবে কটাৰী নলীয়া ল’ৰা ৰজাৰ চাওডাংৰ অত্যাচাৰত শ্বহীদ হোৱা অসমৰ প্ৰথম মহিলা শ্বহীদ৷

প্ৰেৰকঃ মোজাহিদ আলী, শিৱসাগৰ

লগতে পঢ়ক-Solar Business Idea: মাহে লাখ টকা উপাৰ্জন! চৰকাৰী ৰাজসাহাৰ্যৰ সৈতে আৰম্ভ কৰক এই ব্যৱসায়

English Summary: Community Farmig at Jerenga Pothar

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.