'বিকাশৰ বাবে এটা পষেক' কাৰ্যসূচীৰ অধীনত ১০৩১.৬৮ কোটি টকা ব্যয় সাপেক্ষে লখিমপুৰ জিলাত শুকুৰবাৰে ১৫টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীয়ে ইয়াৰে ১৩টা প্ৰকল্প জিলাবাসীৰ সেৱাত উৎসৰ্গা কৰা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানতে ৫ গৰাকী ভূমিপুত্ৰলৈ মাটিৰ পট্টা আনুষ্ঠানিকভাৱে প্ৰদান কৰে হিমন্ত বিশ্ব শৰ্মাই।
শুকুৰবাৰৰ দিনটোতে জিলাখনৰ কল্যাণাৰ্থে অসম মালা আঁচনিৰ অধীনত সোৱণশিৰি নৈৰ ওপৰত উত্তৰ লখিমপুৰ-ঘুণাসুঁতিলৈ সংযোগী পথৰ সৈতে মুখ্য পকী দলঙৰ আধাৰশিলা, নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প (NHPC)ৰ দ্বাৰা সোৱণশিৰি নামনি অংশৰ সুৰক্ষা আঁচনি (চতুর্থ পর্যায়), চাবতিত লখিমপুৰ ক্রীড়া প্রকল্পৰ দ্বিতীয় পৰ্যায়, ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ ওপৰেৰে টেকেলিফুটাৰ পৰা লোটাচুৰ পথ, সোণাৰি চাপৰি, মৰনৈ আৰু গৰৈমাৰী ৩৩/১১ কে ভি বিদ্যুৎ উপকেন্দ্ৰ, লখিমপুৰ জিলা আন্তঃৰাজ্যিক বাছ আস্থান, ৰঙানদীৰ বাঁওপাৰে আমপৰাৰ পাৰ আমতলালৈ মথাউৰি আৰু পকী পথ, ঢকুৱাখনাৰ বিষ্টুৰাম দলে ক্রীড়া প্রকল্প (মিনি ষ্টেডিয়াম), ৰঙাজান (পুৰণা চিভিল হস্পিতালৰ পৰা লীলাবাৰী বিমানবন্দৰলৈ) পথৰ উন্নীতকৰণ, দেবেৰাৰ পৰা এফ চি আই গুদাম হৈ এঙাৰখোৱা তেল ডিপ'লৈ পথৰ উন্নীতকৰণ, লখিমপুৰ জিলা গ্রন্থাগাৰ আৰু প্ৰেক্ষাগৃহৰ আধুনিকীকৰণ, উত্তৰ লখিমপুৰ মহিলা ঔদ্যোগিক প্ৰতিষ্ঠানৰ কৰ্মশালা তথা কাৰিকৰী গৱেষণাগাৰ, ডিক্ৰং নদীৰ সোঁফালৰ মথাউৰি তথা পথ (ৰে'লৱে গাইড বান্ধৰ পৰা মধুপুৰলৈ), ১৩ নম্বৰ ৱাৰ্ডত পি এম এ ৱাই (নগৰীয়া)ৰ সৈতে সংগতি ৰাখি স্থানীয়ভাৱে বস্তি পুনৰ উন্নয়ন আৰু উত্তৰ লখিমপুৰ টাউনৰ হৰিজন কলনী নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে।

লগতে পঢ়ক-
যন্ত্ৰই জন্ম দিব মানৱ শিশু! ‘ফেক্টৰী’ত সাজু ৩০,০০০ কৃত্ৰিম গৰ্ভ
ইয়াৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ-১৫ৰ উজনি পহুমৰা মিৰিৰ পৰা চৰাইমৰীয়ালৈ উত্তৰ লখিমপুৰ উপ-পথ, খজুৱা তিনিআলিৰ পৰা ঢকুৱাখনা হৈ মাটমৰা পথ, অসম চৰকাৰৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ আঁচনিৰ অধীনত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় সংযোগী পথ, চিয়াজুলী-লীলাবাৰী পথৰ কাকৈ নৈৰ ওপৰত ১৬১.২৪ মিঃ দৈৰ্ঘ্যৰে পকী দলং, লীলাবাৰীৰ পৰা চিয়াজুলী সংযোগী পথ, লখিমপুৰৰ উপ-আঞ্চলিক বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহ, গোবৰিশালীৰ পৰা ১ নম্বৰ গোবৰিশালী পথৰ পাঁচনৈ নৈৰ ওপৰত ৪/১ নম্বৰ পকী দলং, চাবতি নলকটা সংযোগী পথৰ ২/১ নম্বৰ পকী দলং, এঙাৰখোৱাৰ পৰা দেওবিল সংযোগী পথৰ ৩/১ নম্বৰ পকী দলং, জাপিসজীয়াৰ পৰা দেবেৰা হৈ এফ চি আই ভঁড়াল সংযোগী পথৰ সোমদিৰি নদীৰ ১/১ নম্বৰ পকী দলং, বৰদৈবাম-বাসুদেৱ থান পথত ৫০ মিঃ দৈৰ্ঘ্যৰ পকী দলং, লখিমপুৰ ৰহধলা পুখুৰী সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন আৰু চাবতিৰ লখিমপুৰ কৰ্কট পৰিচৰ্যা চিকিৎসালয়ৰ পৰা চুকুলিভৰীয়া হৈ গৰীয়াজন যোৱা পথৰ পকী নৰ্দমা তথা পদপথৰো শুভ উদ্বোধন মুখ্যমন্ত্ৰীগৰাকীয়ে।

অনুষ্ঠানতে তেওঁ জানিবলৈ দিয়ে যে লখিমপুৰ আৰু ঢকুৱাখনা সমষ্টিত নতুনকৈ ৬ হাজাৰকৈ অৰুণোদয় হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব ৷ অহা বছৰ ৮ লাখ মহিলাক আঁচনিখনত অন্তৰ্ভুক্ত কৰা হ'ব ৷ লখিমপুৰ আৰু ঢকুৱাখনা সমষ্টিত নতুনকৈ ১০ হাজাৰ পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰিব ৷ 'বিকাশৰ বাবে এটা পষেক' অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে অতুল বৰা, কেশৱ মহন্ত, ডাঃ ৰণোজ পেগু, নন্দিতা গাৰ্লোছা, প্ৰদান বৰুৱা, নৱ কুমাৰ দলে, মানৱ ডেকা, ভুবন পেগু, ড° অমিয় কুমাৰ ভূঞা, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মাননীয় অধ্যক্ষ সুনীল কুমাৰ পেগু, পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য, পৰমানন্দ চায়েঙীয়া, এন এইচ পি চিৰ মাননীয় কাৰ্যবাহী সঞ্চালক বিপিন গুপ্তাকে ধৰি বহু গণ্যমান্য ব্যক্তি ৷
লগতে পঢ়ক-
Share your comments