1. News

যন্ত্ৰই জন্ম দিব মানৱ শিশু! ‘ফেক্টৰী’ত সাজু ৩০,০০০ কৃত্ৰিম গৰ্ভ

Mrigakshi Phukan
Mrigakshi Phukan
Artificial womb (কৃত্ৰিম মাতৃগৰ্ভ)
Artificial womb (কৃত্ৰিম মাতৃগৰ্ভ)

Artificial womb ১৯৯৯ চনত হলীউড ছবি 'মেট্ৰিক্স'ত মানুহৰ জন্ম এটা কাৰখানাত হোৱা দেখুওৱা হৈছিল। চলচ্চিত্ৰখনৰ এই দৃশ্যই সমগ্ৰ পৃথিৱীৰ মানুহকে আচৰিত কৰি তুলিছিল। কিন্তু মহিলাৰ গৰ্ভ অবিহনে সন্তান জন্ম দিয়াটো জানো সম্ভৱ? বিজ্ঞানী আৰু চলচ্চিত্ৰ নিৰ্মাতা হাছেম আল-ঘাইলীৰ মতে সেয়া সম্ভৱ। ঘাইলীয়ে দাবী কৰিছে যে তেওঁৰ 'ইকোলাইফ' কোম্পানীত এক প্ৰকাৰৰ যন্ত্ৰত সন্তান জন্ম দিয়াটো সোনকালেই সম্ভৱ হ'ব।

ঘাইলীয়ে কয় যে ইকোলাইফ বিশ্বৰ প্ৰথম কৃত্ৰিম কেঁচুৱা ‘উৎপাদনকাৰী’ কোম্পানী হ'ব। যোৱা ৫০ বছৰত সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকলে এই ক্ষেত্ৰত যিবোৰ আৱিষ্কাৰ কৰিছে তাক একেলগ কৰি এই ক্ষেত্ৰত আগবঢ়া হৈছে বুলি বিজ্ঞানীজনে উল্লেখ কৰে। কোম্পানীটোৱে ইয়াৰ ৱেবছাইটত প্ৰকাশ কৰা মতে প্ৰথম পৰ্যায়ত এই প্ৰকল্পটোত কাম কৰিবলৈ ৭৫ টা পৰীক্ষাগাৰ নিৰ্মাণ কৰা হৈছে। শিশু উৎপাদনৰ বাবে প্ৰতিটো পৰীক্ষাগাৰত ৪০০ টা 'বেবী পড' স্থাপন কৰা হৈছে। এই বেবী পডসমূহে ৩০,০০০ শিশু উৎপাদন কৰিব পাৰিব। বেবী পডে ইয়াত স্থাপন কৰা ভ্ৰূণটোক এগৰাকী মহিলাৰ গৰ্ভৰ দৰেই ডাঙৰ হোৱাত সহায় কৰিব।

বিষয়টো বৰ্ণনা কৰিবলৈ এটা কাল্পনিক ভিডিঅ’ও কোম্পানীটোৱে মুকলি কৰিছে। ভিডিঅ’টোৱে ইতিমধ্যে ইণ্টাৰনেটত তোলপাৰ লগোৱা দেখা গৈছে।

ঘাইলীৰ মতে যদি এজন পুৰুষৰ বন্ধ্যাত্বৰ সমস্যা থাকে আৰু এগৰাকী মহিলা মাতৃ হ'বলৈ সক্ষম নহয়, তেনেহ'লে এই কৌশলৰ আশ্ৰয় ল'ব পাৰি। ইয়াৰ বাবে, প্ৰথমতে, পুৰুষৰ শুক্ৰাণু আৰু এগৰাকী মহিলাৰ ডিম্বাণু যন্ত্ৰটোত মিহলি কৰা হয়। ইয়াৰ পাছত, এই যন্ত্ৰটোৱে গৰ্ভৰ দৰে কাম কৰা আৰম্ভ কৰে।

আধুনিক চেন্সৰবোৰ 'বেবী পড'ত ইনষ্টল কৰা হৈছে, যাক এটা এপৰ সৈতে সংযোজিত কৰা হৈছে। এই এপৰ জৰিয়তে, অভিভাৱকসকলে ভ্ৰুণৰ চাল-চলন, হৃদস্পন্দন, অক্সিজেনৰ স্তৰ, ৰক্তচাপ, উশাহ-নিশাহৰ হাৰ, হৃদযন্ত্ৰ, মগজু, বৃক্ক, যকৃত আৰু শৰীৰৰ অন্যান্য অংশ নিৰীক্ষণ কৰিবলৈ সক্ষম হ'ব।

ঘাইলীয়ে দাবী কৰিছে যে এই কৃত্ৰিম গৰ্ভটো ইমান উন্নত হ'ব যে পূৰ্ব নিৰ্ধাৰি মেন্যু চাই পিতৃ মাতৃয়ে সন্তানৰ চকু-চাল,চুলি আদিৰ ৰং বাচনি কৰি ল’ব পাৰিব। তেওঁৰ মতে অভিভাৱকসকলে এতিয়া আকাংক্ষিত সন্তান জন্ম দিবলৈ সক্ষম হ'ব। এই কৃত্ৰিম গৰ্ভত শিশুৰ বুদ্ধিমত্তাৰ স্তৰ, উচ্চতা, চুলি, চকুৰ ৰং, শাৰীৰিক শক্তি আৰু ছালৰ ৰং নিৰ্ধাৰণ কৰিব পাৰি। স্ত্ৰী গৰ্ভৰ দৰে, এই কৃত্ৰিম গৰ্ভত 'এম্নিঅ'টিক তৰল' সুমুৱাই দিয়া হয়। এই তৰল আঁতৰ কৰাৰ 9 মাহ পাছত নৱজাতককো যন্ত্ৰটোৰ পৰা আঁতৰ কৰা হয়।

কৃত্ৰিম গৰ্ভধাৰণৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বিজ্ঞানী ঘাইলীয়ে দাবী কৰিছে যে জাপান, বুলগেৰিয়া আৰু দক্ষিণ কোৰিয়াৰ দৰে কম জনসংখ্যাৰ দেশবোৰত জনসংখ্যা বৃদ্ধি কৰিবলৈ কৃত্ৰিম গৰ্ভৰ সুবিধা ব্যৱহাৰ কৰা হ'ব।

Imaginary baby factory
Imaginary baby factory

ইয়াৰ বাহিৰেও, বহুতো বিবাহিত দম্পতী আছে যিয়ে যৌন সম্ভোগ কৰিব নোৱাৰে বা আন কোনো সমস্যাৰ বাবে সন্তান জন্ম দিব নোৱাৰে। যদি তেওঁলোকে আন এগৰাকী মহিলাৰ গৰ্ভ ব্যৱহাৰ নকৰাকৈ সন্তান জন্ম দিব বিচাৰে, তেন্তে এই যন্ত্ৰটো তেওঁলোকৰ বাবে সহায়ক হ'ব।

অৱশ্যে এই আৱিস্কাৰে ইতিমধ্যে বতৰ্কৰ সূত্ৰপাত ঘটাইছে। প্ৰশ্ন উত্থাপিত হৈছে যে- শিশু যন্ত্ৰৰপৰা জন্ম হ’বলৈ ধৰিলে ইয়াক কোনে নিয়ন্ত্ৰণ কৰিব? ইয়াৰ কাৰ্যকৰীকৰণে নৱজাতকৰ লিংগ পৰিচয় আৰু ভ্ৰূণ হত্যা কেনেদৰে প্ৰতিহত কৰিব? গৱেষকসকলে কৈছে যে ই পাৰমাণৱিক প্ৰযুক্তিৰ দৰেই ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে। সঠিক আইন অবিহনে ইয়াৰ অপব্যৱহাৰৰ সম্ভাৱনাও যথেষ্ট বেছি।

লগতে পঢ়কঃ শিৱসাগৰৰ শলগুৰিত ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰিলে পৰিমল শুক্লবৈদ্যই

English Summary: Artificial womb facility that grows 30,000 babies?

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.