Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 28 December, 2023 4:24 PM IST
কৃষি বিজ্ঞান কেন্দ্ৰৰ কৰ্মচাৰী কল্যাণ সন্থাৰ পঞ্চম বাৰ্ষিক অধিবেশন

অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৰ্মচাৰী কল্যান সন্থাৰ পঞ্চম বাৰ্ষিক অধিবেশন খনি ২৩ আৰু ২৪ ডিচেম্বৰ ২০২৩ তাৰিখে গুৱাহাটীস্থিত উদ্যানশস্য গৱেষণা কেন্দ্ৰ, কাঁহিকুছিৰ প্ৰেক্ষাগৃহত আয়োজিত হয়। ২৩ ডিচেম্বৰ তাৰিখে এটি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয় যত অসমৰ প্ৰখ্যাত গায়ক শ্ৰীযুত ৰূপম ভূঞাই মঞ্চত বিভিন্ন গীত মাতেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰে।

২৪ ডিচেম্বৰ দিনা উদ্বোধনী অনুষ্ঠানত আঁত ধৰে ভ৹ সুভাষ চন্দ্ৰ কলিতাই। উদ্দেশ্য ব্যাখ্যা আগবঢ়াই সংস্থাৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰশান্ত গোস্বামীয়ে। মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি ভাৰতীয় কিষান সংঘৰ ৰাজ্যিক সাংগঠনিক সম্পাদক কৃষ্ণকান্ত বৰাই গ্ৰাম্য অৰ্থনীতিত কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষ অৰিহণাৰ বিষয়ে মন্তব্য প্ৰকাশ কৰে। বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি পদ্মশ্ৰী বটা প্ৰাপক ড৹ কুশল কোৱৰ শৰ্মাই কয় - অসমত ক্ৰমান্বয়ে হ্ৰাসপোৱা কৃষিভুমিৰ পৰাও কৃষকে আশানুৰূপ উৎপাদন লাভ কৰিবলৈ সক্ষম হোৱাৰ গুৰিতে যে অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা তথা সম্প্ৰসাৰণৰ যথেষ্ট অৱদান আছে তাত তিলমাত্ৰও সন্দেহৰ অৱকাশ নাই।

লগতে পঢ়ক- 

New Farming Methods : বাংলাদেশত কেছকি পদ্ধতিৰে খেতি কৰি লাভান্বিত কৃষক

ইফালে, সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপদেষ্টা বাসৱ কলিতাই বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি কয়- কৃষি বিজ্ঞান কেন্দ্ৰৰ সমূহ কৰ্মচাৰীৰ দ্বাৰা অনুষ্ঠিত এনে অনুষ্ঠানে কৰ্মচাৰী সকলৰ মাজত একতাৰ বান্ধোন নিশ্চিত কৰে আৰু পৰৱৰ্তী সময়ত ন্যায্য প্ৰাপ্তিৰ বাবে একগোট হ’বলৈ সাহস দিয়ে। সংস্থাৰ সভানেত্ৰী ড৹ ইলাক্ষী ডেকাই বিশেষ কাৰণত অনুপস্থিত থকাৰ বাবে ফোন যোগে নিজৰ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে। এই সভাতে বাৰ্ষিক আলোচনী তথা স্মৰণিকা “এনাজৰী"ৰ দ্বিতীয় সংস্কৰণ উন্মোচন কৰা হয়।

ইয়াৰ পাছত অনুস্থিত হোৱা কৰ্মচাৰী কল্যান সন্থাৰ সাধাৰণ সভাখন সভাপতিত্ব কৰে ভাৰপ্ৰাপ্ত সভাপতি শ্ৰীযুত প্ৰশান্ত গোস্বামী দেবে। সভাত উপস্হিত থাকে কাৰ্যবাহী সমিতিৰ উপ-সভাপতি ড৹ সুভাষ চন্দ্ৰ কলিতা, সাধাৰণ সম্পাদক দিপক কুমাৰ গোস্বামী, সহকাৰী সম্পাদক দ্বয় প্ৰণৱেশ বৰ্মণ আৰু গৌতম ভাগৱতী, কোষাধ্যক্ষ ভাষ্কৰজ্যোতি শইকীয়াৰ ওপৰিও দিব্যজ্যোতি ভৰালী, সুদীপ্ত সুমন, জুৰি খাউণ্ড, বিমান জ্যোতি ফুকন আৰু অৰুপ দাস আদি সদস্যসকল উপস্হিত থাকে। সংস্থাৰ কাৰ্যনিৰ্বাহক সমিতিৰ বিগত ২ বছৰ কাৰ্যকালৰ থতিযান, হিচাপ-নিকাচ ইত্যাদি দাঙি ধৰাৰ লগতে পুৰণি কাৰ্যনিৰ্বাহক সমিতিৰ পদত্যাগৰ পাছত সকলো সদস্যৰ সৰ্বসন্মতিক্ৰমে এখন ১৫ জনীয়া নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰে। এই দুদিনীয়া অধিবেশনত অসমৰ ২৩ খন জিলাত অৱস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰায় ১০০ জন কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।

লগতে পঢ়ক- 

শিৱসাগৰ জিলাৰপৰা প্ৰথমবাৰৰ বাবে লণ্ডনৰ বজাৰলৈ উৰহী ৰপ্তানিৰ আৰম্ভণি

English Summary: 5th annual session of the KBK Employees Welfare Association in Guwahati
Published on: 28 December 2023, 04:24 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now