1. এগ্ৰিপেডিয়া

New Farming Methods : বাংলাদেশত কেছকি পদ্ধতিৰে খেতি কৰি লাভান্বিত কৃষক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Bangladeshi farmers gets benefit from new farming methods
Bangladeshi farmers gets benefit from new farming methods

বাংলাদেশত দিনাজপুৰত ভাসমান পদ্ধতিৰে খেতি খেতি আৰম্ভ কৰিছে জিলাখনৰ কৃষক জাহুৰুল ইছলামে । ভাসমান পদ্ধতিৰে বস্তাত শাক-পাচলি খেতি কৰাৰ এই পদ্ধতি একেবাৰে নতুন। এই ক্ষেত্ৰত তেওঁক সহায় কৰিছে বিৰোল উপজিলা কৃষি বিভাগে।

দিনাজপুৰ মঙলপুৰৰ নাজৰিন মিছন বিজোৰা বজনাহৰ ৰেল ষ্টেচনৰ সন্মুখত এই পদ্ধতিৰে শাক-পাচলিৰ খেতি কৰা হৈছে। পথ আৰু ৰে’লপথৰ মাজৰ পানীৰে ভৰা পথাৰত বাঁহৰ খুঁটাৰে তৈয়াৰী কেচকী বস্তাত মাটিত ভৰাই খেতি কৰিছে কৃষকসকলে। এই পদ্ধতিৰে কৃষকগৰাকীয়ে জাতিলও বীন, তিতা কেৰেলা আদি শাক-পাচলি খেতি কৰিছে।

বিৰোল উপজিলা কৃষি বিভাগৰ তথ্য অনুসৰি এই পদ্ধতিৰ দ্বাৰা শাক-পাচলিৰ খেতি কৰি কৃষকসকল উপকৃত হৈছে। জানিব পৰা মতে, কৃষি কাৰ্যালয়ে কৃষকসকলক এইক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়াইছে।

লগতে পঢ়ক- 

Integrated farming : এই পদ্ধতিৰে খেতি কৰক, শিল বৰষুণ আৰু প্ৰাকৃতিক দুৰ্যোগতো লোকচান নহয়

কৃষক জাহুৰুল ইছলামে কৃষি বিভাগৰ সহায়ত নিজৰ ঘৰৰ সমীপতে বছৰ বছৰ পৰি থকা মাটিত এইদৰে ৮ প্ৰকাৰৰ শাক-পাচলি খেতি কৰিছে। তেওঁ কয়- বৰ্তমানলৈ মই মই প্ৰায় ৩ হাজাৰ টকাৰ শাক-পাচলি বিক্ৰী কৰিছো। অঞ্চলটোৰ ৰাইজক বিনামূলীয়াকৈ দিছো। এই অভিজ্ঞতাক মই ভৱিষ্যতে ভাল খেতি কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিম।

অঞ্চলটোৰ অন্য এজন কৃষক অনিসুৰ ৰহমানে এই সন্দৰ্ভত কয়- যেতিয়া কৃষি বিষয়াই এই পদ্ধতিৰ কথা কয়; তেতিয়া মোৰ বিশ্বাস নাছিল। এতিয়া মই আচৰিত হৈছো। মইও মোৰ পুখুৰীৰ পানীত এনেদৰে শাক-পাচলি খেতি কৰি লাভান্বিত হৈছো।

এই সন্দৰ্ভত জিলাখনৰ কৃষি বিষয়া মোস্তাফা হাছান ইমামে কয়- মই মোৰ নিজৰ ধাৰণাৰে এই কাম কৰিলোঁ। খেতিয়কক কোৱাৰ পিছত তেওঁলোক আগবাঢ়ি আহিল। গতিকে সম্ভৱ। উপজিলাৰ পাঁচ ঠাইত কেচকী পদ্ধতিৰে শাক-পাচলিৰ খেতি কৰা হৈছে।

লগতে পঢ়ক- 

Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক

English Summary: Bangladeshi farmers gets benefit from new farming methods

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.