Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 31 May, 2023 10:45 AM IST
Corn cultivation in Sonitpur

অসম বিধানসভাৰ “Estimates committee” ৰ সন্মানীয় বিধায়কৰ এটি দলে শোণিতপুৰ জিলাৰ বৰচলা চিতলমাৰীস্থিত সেউজ নয়ন কৃষক উৎপাদক কোম্পানী (FPC) ৰ সামগ্ৰীক কাৰ্যকলাপ পৰিদৰ্শন কৰে । বিধায়ক প্ৰশান্ত ফুকনৰ নেতৃত্বত অহা দলটোৱে শোণিতপুৰ জিলা কৃষি বিভাগ, এপাৰ্টৰ অধীনত থকা সেউজ নয়ন কৃষক উৎপাদক কোম্পানী (FPC) টোৱে লাভ কৰা বিভিন্ন কৃষি যন্ত্ৰপাতি ক্ৰমে মুখ্যমন্ত্রীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত লাভ কৰা ট্ৰেক্টৰ আৰু আনুষংগিক কৃষি যন্ত্ৰ পাতি, VLFMB আৰু APART ইত্যাদি আচঁনিৰ অধীনত লাভ কৰা বিভিন্ন কৃষি যন্ত্ৰ পাতিৰ বুজ লোৱাৰ লগতে FPC টোৰ মাকৈ ( গোমধান) ৰ খেতিৰ লগতে বিভিন্ন কৃষি কাৰ্যৰ সামগ্ৰীক দিশ পৰ্যবেক্ষণ কৰে ।

মাকৈ (গোমধান) খেতিৰ জৰিয়তে সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হোৱা FPC টোৱে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্রান্তলৈ তেওঁলোকৰ উৎপাদিত মাকৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে । এই সামগ্ৰীক দিশ পৰ্যবেক্ষণ কৰাৰ লগতে বিধায়কৰ দলটোৱে পৰিদৰ্শনকালত শোণিতপুৰ জিলা কৃষি বিষয়া পংকজ কুমাৰ শইকীয়াৰ আৰু সেউজ নয়ন কৃষক উৎপাদক কোম্পানীৰ (FPC) বিষয়ববীয়া, অঞ্চলটোৰ কৃষকসকল আৰু জিলা কৃষি বিভাগৰ অন্যান্য বিষয়ববীয়া সকলৰ সৈতে মত বিনিময় কৰে ।

লগতে পঢ়ক- 

এইকেইখন আঁচনিৰ অধিনত মহিলাা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ

 

উল্লেখযোগ্য যে বিগত আৰু চলিত বর্ষত FPC টোৱে ২,০৯০ বিঘা মাটিত মাকৈ ( গোমধান)ৰ খেতি কৰি ১ কোটি ৬৭ লাখ ২০ হাজাৰ টকা লাভ অর্জন কৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে FPC টোৱে ১০০ বিঘা মাটিত আলু খেতিৰ জৰিয়তে ৩ লাখ ৬০ হাজাৰ টকা , ১৫০০ বিঘা মাটিত শালি ধানৰ খেতিৰ জৰিয়তে ৪৮ লাখ টকা, ৩০০ বিঘা মাটিত ৰঙালাও খেতিৰ জৰিয়তে ৩৭ লাখ ৫০ হাজাৰ টকা লাভ অর্জন কৰিব বুলি আশা কৰা হৈছে । ইয়াৰ উপৰিও FPC টোৱে ৫৩ বিঘা মাটিত সৰিয়হৰ খেতি কৰিছে ।

বিধায়ক প্ৰশান্ত ফুকনৰ নেতৃত্বত অহা বিধায়কৰ দলটোৱে মাকৈ খেতিৰ জৰিয়তে সেউজ বিপ্লৱ গঢ়িবলৈ সক্ষম হোৱা FPC টোক ভূয়সী প্ৰশংসা কৰাৰ লগতে ভৱিষ্যত দিনত আৰু দুগুণ উৎসাহেৰে কৃষিকাৰ্যত নিয়োজিত হ’বলৈ কৃষকসকলক উৎসাহিত কৰিলে । এই প্ৰতিনিধি দলটোত আছিল বিধায়ক জাকিৰ হুছেইন চিকদাৰ, মৃণাল শইকীয়া, আমিনুল ইছলাম, দিগন্ত বৰ্মন, মতিউৰ ৰহমান, ৰুপক শৰ্মা ইত্যাদি । পৰিদৰ্শনকালত অসম বিধানসভাৰ “Estimates committee” এই দলটোক সংগ দিয়ে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ, জিলা কৃষি বিষয়া পংকজ কুমাৰ শইকীয়া, জিলাখনৰ খণ্ড উন্নয়ন বিষয়াসকল, বিভিন্ন বিভাগৰ বিষয়াসকলৰ লগতে কৃষি কাৰ্যবাহী অভিযন্তা প্ৰসন্নজিৎ শইকীয়া আৰু অন্যান্য বিষয়াবর্গই।

লগতে পঢ়ক- 

দেশৰ বজাৰলৈ আহি আছে আমৰ নতুন প্ৰজাতি ‘মোডী আম’

English Summary: 2090 bighas of Corn cultivation in Sonitpur
Published on: 31 May 2023, 10:44 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now