1. News

ৰেচন কাৰ্ড থকা ৬০ লাখ পৰিয়ালক বীনামূলীয়া চিকিৎসা প্ৰদান কৰিব অসম চৰকাৰে

KJ Staff
KJ Staff
অতুল বৰা
অতুল বৰা

ৰাজ্যৰ ৰেচন কাৰ্ড থকা লোকসকলৰ বাবে ভাল খবৰ। শেহতীয়াকৈ অসমৰ ৰেছন কাৰ্ড থকা প্রায় ৬০ লাখ পৰিয়ালক চৰকাৰৰ স্বাস্থ্য বীমা আঁচনিৰ জৰিয়তে বিনামূলীয়াকৈ চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত চিকিৎসা সেৱা প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰিছে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। শুকহুৰবাৰে মৰিগাঁৱত ক্ষুদ্র সঞ্চয়ৰ চেক প্রদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী মহন্তই কয় যে যিসকল লোকৰ ৰেচন কাৰ্ড নাই, তেওঁলোকক পুনৰ প্ৰদান কৰা হ'ব।

অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰি প্ৰতিটো সমষ্টিতে ৫ হাজাৰকৈ লোকক এই আঁচনিত সামৰি লোৱা হ'ব বুলি মন্তব্য কৰি তেওঁ কয়, আমাৰ চৰকাৰখনে প্ৰতিটো জাতি জনগোষ্ঠীৰ সমউন্নয়নৰ বাবে কাম কৰি আছে। ইয়াত কোনো ধৰণৰ ভেদাভেদ সৃষ্টি কৰা হোৱা নাই।

লগতে পঢ়ক- 

কৃষকসকে কিষাণ কাৰ্ড আৰু আধাৰ কাৰ্ড থাকিলেই লাভ কৰিব ডেৰ লাখ টকাৰ লোণ

উল্লেখযোগ্য যে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত ক্ষুদ্র সঞ্চয়ৰ (মাইক্ৰ' ফাইনেঞ্চৰ পৰা ঋণ লোৱা হিতাধিকাৰীসকলক ঋণমুক্ত কৰাৰ উদ্দেশ্যৰে হিতাধিকাৰীসকলৰ মাজত চে'ক বিতৰণ কৰা হয়। পূৰ্বৰ মাইক্ৰ' ফাইনেঞ্চৰ পৰা লোৱা ঋণৰ বাবদ মুঠ ২০৬২গৰাকী হিতাধিকাৰীৰ ভিতৰত আনুষ্ঠানিকভাৱে আজি ৩০৩গৰাকী হিতাধিকাৰীক উদগনি আৰু সকাহৰ চে'ক বিতৰণ কৰে জিলা প্রশাসনে।

এই উপলক্ষে মন্ত্রী কেশৱ মহন্তই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, জিলাৰ উপায়ুক্ত দেবাশিস শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজ্যোতি নেওগ, জিলা বিজেপিৰ সভাপতি প্রবীণ মেধি, অগপৰ জিলা সভাপতি শান্তনু শর্মা, জিলা প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

লগতে পঢ়ক- 

চাহ বুটিক স্থাপন কৰিবলৈ চৰকাৰে দিব ২০ লাখ টকা

English Summary: FREE TREATMENT FOR RATION CARD HOLDER

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.