1. এগ্ৰিপেডিয়া

এনেদৰেই কৃষক ধনীৰাম চেতিয়াই নেমুৰ ডালৰ পৰা পুলি উৎপাদন কৰে

PANKAJ KHANIKAR
PANKAJ KHANIKAR
নেমুগছৰ ডাল ধৰা পদ্ধতি
নেমুগছৰ ডাল ধৰা পদ্ধতি

নেমুগছৰ পৰা পুলি উৎপাদন কৰা কেইবাটাও পদ্ধতি আছে। এই পদ্ধতিসমূহৰ ভিতৰত এটা অন্যতম পদ্ধতি নেমুগছৰ পৰা ডাল ধৰি পুলি প্ৰস্তুত কৰা পদ্ধতিটো। এই পদ্ধতিৰে প্ৰতিজন লোকেই ঘৰতে নেমুৰ ডাল ধৰি পুলি উৎপাদন কৰিব পাৰিব। এই পদ্ধতিৰে পুলি উৎপাদন কেনেদৰে কৰিব তলত সবিশেষ আলোচনা কৰা হ’ল-

১। প্ৰথমতে আপুনি নেমুৰ সৰু ঠাল নিৰ্বাচন কৰিব লাগিব।

২। নিৰ্বাচন কৰা ঠালটো আগলৈ পাতৰ সৈতে ১০ ইঞ্চিমান ৰাখি কটাৰিৰে এক ইঞ্চিমান বহলকৈ ডালটোৰ চাৰিওকাষৰ বাকলি গুচাব লাগিব।

৩। কিন্তু ইয়াৰ পূৰ্বে আপুনি কেঁচুমূটা আৰু কেঁচা গোৱৰ সংগ্ৰহ কৰি এটা গামলাত লৈ পকৰী বনাবলৈ বেছন তৈয়াৰ কৰাৰ  দৰে কৰি ল’ব লাগিব।

৪। তাৰ পাছতে আপোনাক লাগিব ফটা কম্বল বা মৰাপাটৰ কিছুমান বস্তা। ফঁটা কম্বল বা মৰাপাটৰ বস্তা ২ ইঞ্চি বহলকৈ আৰু ৫ ইঞ্চিমান দিঘল কৰি কাটিব লাগিব।

৫। এই কটা ফঁটা কম্বল বা মৰাপাটৰ বস্তা টুকুৰাসমূহ গোৱৰ আৰু কেঁছুমূটাৰ মিশ্ৰণটোৰ লগত পূৰা খচিব লাগিব। চাব যাতে গোৱৰ আৰু কেছুঁমূটাবোৰ কম্বল বা বস্তাৰ টুকুৰাবোৰত ভালকৈ লাগে।

৬। এই বাৰ আপুনি নেমুৰ ডালটোৰ যিটো অংশৰ বাকলি গোচাই দিছিল সেই অংশটোত কম্বল বা মৰাপাটৰ বস্তাৰ টোকোৰাটো নুৰিয়াই দিয়ক। আৰু কিবা ৰচি এডালেৰে বান্ধি দিয়ক। বছ সিমানেই

৭। নিয়মিত পানী যোগান ধৰিলে এমাহ-ডেৰমাহত কম্বল বা মৰাপাটৰ বস্তাৰ ওপৰত শিপা উলোৱা দেখিবলৈ পাব আৰু তেতিয়া আপুনি ডালটো কাটি নি ৰুৱ পাৰিব।

লগতে পঢ়ক- 

অসমত ধেমচি খেতিৰ সম্ভাৱনাৰ

উল্লেখ্য যে পুলি উতপাদন কৰি আপুনিও ব্যৱসায়িকভাৱে নহলেও ঘৰতে ৰুই নেমুটেঙা খাব পাৰে। আৰু এই পদ্ধতিৰে উতপাদন কৰা পুলিসমূহ ৰুলে এবছৰতে গছত নেমু লাগে। ইয়াৰ বিপৰীতে অন্য পদ্ধতিৰ উতপাদন কৰা পুলিসমূহ নেমু লাগোতে এবছৰকৈ অধিক সময়ৰ প্ৰয়োজন হয়।

কৃষকসকলৰ আৰু এটা কথা উল্লেখ কৰি থও যে নেমু গছত বাৰমাহেই নেমু লাগে। কিন্তু আমাৰ কৃষকসকলে ছমহীয়া নেমু থকা বুলিও কয়। যদি শীতকালবোৰতো নিয়মিত সাৰ-পানী যোগান ধৰা হয় আৰু পুৰঠ নেমুসমূহ চিঙি থকা হয়। তেতিয়া প্ৰতিটো জাতৰ নেমুৱেও বাৰে মাহে লাগি থাকে। গতিকে কৃষকসকলে নেমুজোপা আপদাল কৰি নিয়মিত সাৰ-পানী যোগান ধৰিলে বাৰেমাহে নেমুজোপাৰ ফল লাভ কৰিব।

লগতে পঢ়ক- 

সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমৰ কৃষিখণ্ড পিছপৰি ৰোৱা কেইটামান কাৰণ

English Summary: Lemon farming & plantation

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.