1. News

অসমীয়া মহিলাই উৎপাদন কৰা ধূপকাঠি আৰু চাবোন উদ্যোগ পৰিদৰ্শন আমেৰিকান সংস্থাৰ

KJ Staff
KJ Staff
Drishtee Swavalamban
Drishtee Swavalamban

অসমীয়া মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ গ্ৰেটাৰ ইমপেক্ট ফাউণ্ডেচন নামৰ এটা সংস্থাই৷ গ্ৰেটাৰ ইমপেক্ট ফাউণ্ডেচনে দৰিদ্ৰতা নিৰাময়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্বৰ বিভিন্ন দেশৰ কৰ্মোদ্যমী মহিলাসকলক উপাৰ্জনক্ষম কৰাৰ লগতে মহিলা সকলৰ হৈ কাম কৰা গোটক আৰ্থিক সহায় আগবঢ়াই আহিছে৷

শিৱসাগৰ জিলাৰ বকতা নঙলামৰা আহোম গাঁৱত সোমবাৰে গ্ৰেটাৰ ইমপেক্ট ফাউণ্ডেচনৰ এটা দল উপস্থিত হৈ গাঁৱৰ মহিলা সকলে উৎপাদন কৰা ধূপ কাঠি আৰু চাবোন উদ্যোগ পৰিদৰ্শন কৰাৰ লগতে উদ্যোগী মহিলা সকলৰ সৈতে মত বিনিময় কৰে৷

সংস্থাটোৱে "দৃষ্টি স্বাৱলম্বন" নামৰ সংস্থাটোৰ সৈতে মিলি ভাৰতৰ বিভিন্ন স্থানত কাম কৰি আছে৷

উল্লেখ্য যে গাঁও খনৰ এই মহিলা সকলক উদ্যোগী কৰাৰ লগতে কৰ্মমুখী কৰি তুলিছে দৃষ্টি স্বাৱলম্বন নামৰ সংস্থাটোৱে৷

প্ৰায় এবছৰ পূৰ্বে মহিলা সকলে প্ৰশিক্ষণ গ্ৰহণ কৰি  "দিচাং" নামৰ চাবোন আৰু "অপৰাজিতা" নামৰ ধূপকাঠি উৎপাদনেৰে স্থানীয় বজাৰ দখল কৰিছে৷

লগতে পঢ়কঃ ৩০ বিঘা মাটিত ৬ বিধ ধানৰ বীজ উৎপাদন কৰি চাৰি লাখ টকা উপাৰ্জন হেমিদুৰ ৰহমানৰ

English Summary: American organization visits Drishti Swavalamban in sivasagar

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.