1. News

নলবাৰীত কৃষকৰ বাবে PMKYC আঁচনিৰ সজাগতামূলক সভা

KJ Staff
KJ Staff
Awareness meeting for farmers in Nalbari
Awareness meeting for farmers in Nalbari

নলবাৰী জিলাৰ শোলমাৰা কৃষি চক্ৰৰ অন্তৰ্গত বেলশৰত পি এম কে এচ ৱাই আঁচনিৰ অধীনত শুকুৰবাৰে অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ সজাগতা সভা। জিলা কৃষি বিভাগৰ উদ্যোগত আৰু প্ৰিমিয়াৰ ইৰিগেচন কোম্পানীৰ সহযোগত কৃষক সকলৰ বাবে এই সজাগতা সভাৰ আয়োজন কৰা হৈছিল।

সভাৰ লগত সংগতি ৰাখি প্ৰদৰ্শনীমূলক ভাৱে পানী সিঁচা যন্ত্ৰ (sprinkler)ৰ সহায়ত শস্যত পানী সিঁচা হয়। লগতে PMKSY আঁচনিৰ সম্পৰ্কে জিলা কৃষি বিষয়া যোগেশ্বৰ ৰাজমেধিয়ে বিশদভাৱে কৃষকক অৱগত কৰে আৰু এই আঁচনিৰ সহায়ত ৮৫% ৰেহাই মূল্যত আঁচনি গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

অনুষ্ঠানত মহকুমা কৃষি বিষয়া উমেশ ডেকা, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া ৰমেন ডেকা, দি পি দি ডঃ জয়া গগৈ, বিটিএম জিণ্টুজ্যোতি ৰাজবংশী আৰু এ টি এম দলিমনি পাটোৱাৰীৰ উপস্থিত থাকে।

অনুষ্ঠানতে জিলা কৃষি বিষয়াই চৰকাৰী পৃষ্ঠপোষকতাত ধান ক্ৰয় কেন্দ্ৰত ন্যূনতম সমৰ্থিত মূল্যত ২০৪০ টকা লৈ ধান বিক্ৰী কৰাৰ বাবে কৃষকক আহ্বান জনায়।

লগতে পঢ়কঃ শিৱসাগৰত ১০ দিনীয়া হস্তশিল্প-হস্ততাঁত মেলা: মেটেকাৰে সজা সামগ্ৰীয়ে লাভ কৰিছে সমাদৰ

English Summary: Awareness drive for farmers in nalbari

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.