1. News

শিৱসাগৰত কাজিৰঙা অৰ্কিড উদ্যানৰ আৰ্হিত নতুন উদ্যান আৰম্ভ অখিল গগৈৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR

শিৱসাগৰৰ পৰ্যটনক গতি দিয়াটো অতি প্ৰয়োজনীয় হৈ পৰিছে। শিৱসাগৰত পৰ্যটনেই হ'ব পাৰে আটাইতকৈ ডাঙৰ উদ্যোগ। ৰাজ্যখনৰ সকলো শিক্ষিত লোকেই বছৰত এবাৰ বা কেইবছৰমানৰ মূৰত হ'লেও এবাৰ শিৱসাগৰলৈ আহি জাতীয় ঐতিহ্যখিনি চাব খোজে, নিজৰ ল’ৰা-ছোৱালীক দেখুৱাব খোজে। ছাত্ৰ-ছাত্ৰীৰ কথাটো বাদেই দিলো— শ শ বাছেৰে প্ৰতিবছৰে ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰী শিৱসাগৰলৈ আহে, আহে বিদেশী পৰ্যটকো। কিন্তু শিৱসাগৰৰ পৰ্যটন কাৰ্যত: স্বত:স্ফূৰ্তভাৱেই চলি আহিছে। পৰ্যটন উদ্যোগটোক গতিশীলতা দিবলৈ শিৱসাগৰত প্ৰয়োজন এটা Ecosystem তৈয়াৰ কৰাৰ।

মই শিৱসাগৰৰ বিধায়ক হ'লেও মোৰ ক্ষমতা সীমিত। বিৰোধী বিধায়ক । তাতে মই সঁচাকৈয়ে চৰকাৰক বিৰোধিতা কৰোঁ। গতিকে মোৰ সমস্যা অনেক। মোক কাম কৰিবলৈ দিয়া নহয়। সেই সীমাবদ্ধতাৰ মাজতে মই শিৱসাগৰৰ কাৰণে কিবা এটা কৰাৰ প্ৰয়াস কৰিব খুজিছোঁ। সেই প্ৰয়াসৰ সুযোগটো দিছে ‘জুইশাল' নামৰ ৰেষ্টুৰেণ্ট চেইনটোৱে। জুইশালে ৰূদ্ৰসিংহ পাৰ্কখন অসমৰ পৰ্যটন বিভাগৰ পৰা কিছুদিনৰ বাবে লিজত লৈছে। সেয়েহে মই বিধায়ক হিছাপে ৰূদ্ৰসিংহ পাৰ্কত 'জুইশাল' ক দিহা পৰামৰ্শৰে সৈতে শিৱসাগৰৰ পৰ্যটনৰ এটি কেন্দ্ৰস্থল হিচাপে গঢ়ি তুলিবৰ বাবে সহায় কৰি দি আছোঁ।

লগতে পঢ়ক- 

Ash gourd farming : এবিঘা মাটিত কোমোৰাৰ খেতি কৰক

কাজিৰঙা অৰ্কিড উদ্যানৰ দৰে এটি নতুন অনুষ্ঠানৰ কাৰণে মই জুইশালক সহায় কৰিছোঁ। ৰূদ্ৰসিংহ পাৰ্কখন কেনেকৈ সজাব লাগে তাৰ পৰামৰ্শ মই জুইশালক দিছোঁ। ব্যৱসায় তেওঁলোকৰ ; লাভ-লোকচান তেওঁলোকৰ। কিন্তু পৰ্যটনৰ সুযোগটো ল'ব বিচাৰিছো মই। তাৰ বাবে শিৱসাগৰৰ ৰূদ্ৰসিংহ পাৰ্কক এটি নতুন ৰূপ দিবলৈ প্ৰয়াস কৰিছোঁ।

আপোনালোকৰ সকলোৰে দিহা-পৰামৰ্শ কামনা কৰিলোঁ। যোৱা ২২ ডিচেম্বৰ তাৰিখে কেইবাজনো প্ৰখ্যাত লোকে ৰূদ্ৰসিংহ পাৰ্কখন উদ্বোধন কৰিছে। এতিয়া অলপ চালুকীয়া হৈ আছে, সকলোৰে মনোগ্ৰাহী এখন পাৰ্ক ৰূপে গঢ়ি তুলিবলৈ চেষ্টা কৰিছো। সকলো পৰ্যটকৰ আকৰ্ষণৰ এটা কেন্দ্ৰস্থল ৰূপে গঢ়ি তুলিবৰ চেষ্টা কৰিছোঁ। তাৰে পৰা শিৱসাগৰৰ সমগ্ৰ পৰ্যটন টোক দিশা দিবলৈ। আপোনালোকৰ দিহা- পৰামৰ্শ বিচাৰিলো।

উৎস : অখিল গগৈৰ ফেচবুক পোষ্ট

লগতে পঢ়ক- 

মৰিগাঁৱত ২৫ কৃষকক Zero Tillage পদ্ধতিত আলু খেতিৰ প্ৰশিক্ষণ

English Summary: Akhil Gogoi Opened New Orchid Park in Sivsagar

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.