Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 29 December, 2020 3:55 PM IST
Fenugreek

মধুমেহ আৰু হৃদযন্ত্ৰৰ অসুখ আজিকালি প্ৰায়বোৰ মানুহৰ মাজতে দেখা যায়। উচ্চ ব্লাডচুগাৰ বা কলেষ্টেৰলৰ মাত্ৰা বেচি থাকিলে মানুহৰ শৰীৰত নানান ধৰণৰ বেমাৰৰ সৄষ্টি হ্য়। হায়দৰাবাদৰ নেচনেল ইন্সটিটিউট অৱ নিউট্ৰিচনে গৱেষণা কৰি এইটো পাইছে যে উচ্চ ব্লাডচুগাৰ আৰু উচ্চ কলেষ্টেৰলৰ ক্ষেত্ৰত মেথিৰ বহুত উপকাৰিতা আছে। সদায় মেথি গুটিৰ ব্যবহাৰে মানুহৰ শৰীৰত দৰৱৰ সমানেই কাম কৰে।

1.মেথি গুটি ভাৰতীয় খাদ্য ৰন্ধনৰ এক অপৰিহাৰ্য্য আৰু সহজলভ্য মছলা। ইয়াক গেলামালৰ দোকানতে পোৱা যায়।

2.মধুমেহ বেমাৰৰ কাৰণে মেথি গুটি হৈছে মহৌষধ। ইয়াত ৫০ শতাংশ আঁহ থাকে। মেথিয়ে তেজ আৰু প্ৰস্ৰাৱত থকা গ্লু’কজৰ পৰিমাণ কমাই ৰাখে। কলেষ্টেৰলৰ সমতাও বজাই ৰাখে। কেঁচা বা ৰন্ধা দুইধৰণৰ মেথিয়েই শৰীৰৰ কাৰণে উপকাৰী।

3. মেথি শাকত (যাক আমি সেউজীয়া শাকৰ ভিতৰত অন্তৰ্ভুক্ত কৰো) অৱশ্যে এই ধৰণৰ গুণ দেখা নাযায়।

4.  মধুমেহ আৰু তেজত কলেষ্টেৰলৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰ মেথি গুটিৰ ব্য‌‌ৱহাৰৰ পৰিমাণ নিৰ্ণয় কৰা হ্য়। সাধাৰণতে ২৫ গ্ৰামৰ পৰা ৫০ গ্ৰামৰ ভিতৰত ব্যৱহাৰৰ নিৰিখ দিয়া থাকে।

5. যিসকলে ২৫ গ্ৰাম মেথি গুটি ব্যবহাৰ কৰে তেওঁলোকে দুপৰীয়া আৰু ৰাতিৰ আহাৰৰ লগত ১২.৫ (দুই চাহ চামুচ) কৈ দুবাৰ গ্ৰহণ কৰিব পাৰে।

6. মেথি গুটি গোটেই ৰাতি পানীত তিয়াই থৈ ৰাতিপুৱা পানীখিনি খাব পাৰে। মেথি গুটি শুকানে গুৰি কৰি থৈ আহাৰ খোৱাৰ ১৫ মিনিটৰ আগতে পানী বা গাখীৰৰ লগত মিহলাই লৈও খাব পাৰি।

7. কিছুমান প্ৰক্ৰিয়াৰ দ্বাৰা মেথিৰ তিতা ভাৱটো নোহোৱা কৰিব পাৰি। পিছে আজিকালি তিতা নোহোৱা মেথি বজাৰত পোৱা নাযায়।

8. গোটেই ৰাতি তিয়াই থোৱাৰ পিছত মেথিখিনি কুমল হৈ যায় তেতিয়া এই মেথিখিনি পিটিকি লৈ ৰুটি, দৈ, চাউলৰ গুৰি, খোলা চাপৰি পিঠা, টেকেলী পিঠা, দালিয়া, দাইল আৰু সেউজীয়া শাক-পাচলিত আদি বনাওঁতে মিহলাই দিব পাৰি। মেথিৰ তিতা ভাৱটো তেতিয়া কিছু  পৰিমাণে কমে। নিজৰ ৰুচি অনুযায়ী নিমখীয়া বা টেঙাকৈও এই খাদ্য তৈয়াৰ কৰি ল’ব পাৰি।

9.উচ্চ ৰক্তচাপ বা প্ৰস্ৰাৱত চেনিৰ পৰিমাণ নাইকিয়া হোৱালৈকে মেথি গুটি সেৱন কৰি থাকিব লাগে।

10.মেথি গুটি খোৱা লগে লগে নিয়মিতভাৱে খোজকঁঢ়া আৰু লঘু ব্যায়াম কৰাটো অতি দৰকাৰী। শৰীৰৰ ওজন কমাৰ লগে লগে তেজত ইনচুলিনৰ পৰিমাণো বাঢ়ি যায়। ডায়েটৰী কেলৰী যিহেতু সংপৄক্ত স্নেহ পদাৰ্থ (ছেছুৰেটেড ফেট)ৰ পৰা আহে সেয়েহে মধুমেহত ভোগা  ৰোগীসকলে চেনী খোৱাৰ পৰা বিৰত থাকিব লাগে।

11.মেথি ব্যৱহাৰ কৰোতে কোনো কোনো ৰোগীৰ প্ৰথম অৱস্থাত ডায়েৰীয়া বা পেটত গেচ আদি হ’ব পাৰে।

12.চিকিৎসকৰ লগত পৰামৰ্শ কৰি দৰৱৰ সঠিক পৰিমাণ নিৰূপণ কৰাৰ লগতে মেথিৰ ব্যৱহাৰৰ বিষয়ে ভালদৰে জানি ল’ব লাগে। মধুমেহ বেচি হ’লে লগে লগে চিকিৎসকৰ ওচৰলৈ গৈ দেখুৱাব লাগে আৰু তেওঁৰ উপদেশ মতে দৰৱ ব্যৱহাৰ কৰিব লাগে।

উৎস: আইএনডিজি দল।

English Summary: Usage of Fenugreek to Reduce Cholesterol and Blood sugar
Published on: 29 January 2019, 10:36 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now