অসমীয়া জনজীৱনত শাকৰ বহুল ব্যৱহাৰ দেখা যায়। পালেং হ’ল এবিধ উৎকৃষ্ট আৰু পুষ্টিকৰ শাক। ইয়াক কেঁচাই আৰু ৰান্ধি- এই দুধৰণে খোৱা হয়। পালেং শাকত যথেষ্ট পৰিমাণে ‘এন্টি-অক্সিডেন্ট’ থাকে বাবে ইয়াৰ সমাদৰ বৰ্তমান আগতকৈ বহু বৃদ্ধি পাইছে। কেঁচা পালেং শাকত(১০০ গ্ৰাম) থকা বিভিন্ন পুষ্টিমান তলত দিয়া হ’ল-
শক্তি: ২৩ কিলো কেল’ৰি,
কাৰ্বহাইড্ৰেত: ৩.৬ গ্ৰাম
শৰ্কৰা: ০.৪ গ্ৰাম
আঁহ: ২.২ গ্ৰাম
চৰ্বী: ০.৪ গ্ৰাম
প্ৰ’টিন: ২.২ গ্ৰাম
কেলচিয়াম: ৯৯ মিলিগ্ৰাম
লো: ২.৭ মিলিগ্ৰাম ইত্যাদি
মাটি:
পালেং শাকৰ বাবে ওখ ৰ’দঘাই সাৰুৱা বালিচহীয়া মাটিৰ প্ৰয়োজন।
জাত:
জ’বনাৰ গ্ৰীণ, অল গ্ৰীণ, এছ-২৩ আৰু পুচা জ্যোতি।
মাটি প্ৰস্তুতি:
মাটিডৰা ভালদৰে চহাই পৰ্যাপ্ত পৰিমাণৰ পচনসাৰ প্ৰয়োগ কৰিব পাৰিলে ভাল।
বীজৰ পৰিমাণ:
বিঘাই প্ৰতি ২.৫-৩ কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয়।
বীজ সিঁচাৰ সময়:
ছেপ্টেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত পালেং শাকৰ বীজ সিঁচিব পাৰি। পলিহাউছ বা সেউজগৃহৰ সুবিধা থাকিলে জুন-জুলাই মাহত পালেং শাকৰ বীজ সিঁচি আগতীয়া লফচল আৰু লগতে অধিক উপাৰ্জন পাব পাৰি।
বীজ শোধন:
বীজ শোধন কৰিবলৈ প্ৰতি কিলোগ্ৰাম বীজৰ বাবে কেপটান ৫০ ডব্লিউ পি ঔষধ ৩ গ্ৰাম ব্যৱহাৰ কৰিব লাগে।
বীজ দিয়াৰ ব্যৱধান:
বীজবোৰ ২০ চেন্টিমিটাৰ দূৰত্বত শাৰী বনাই সিঁচিব লাগে। বীজখিনি অংকুৰিত হোৱাৰ ১০-১২ দিনৰ পাছত শাৰীয়ে প্ৰতি পুলিবোৰ ৫-৭ চেন্টিমিটাৰ দূৰত্বত পাতলাই দিব লাগে।
সাৰ প্ৰয়োগ:
বিঘাই প্ৰতি ৩ টন পচনসাৰ, ২৩ কিলোগ্ৰাম ইউৰিয়া লাৰু ৫০ কিলোগ্ৰাম একক ছুপাৰ ফছফেট সাৰৰ প্ৰয়োজন হয়। বীজ সিঁচাৰ আগতেই শেষৰবাৰ হাল বোৱাৰ সময়ত সমুদায় সাৰখিনি প্ৰয়োগ কৰিব লাগে।
পৰিচৰ্যা:
বীজ সিঁচাৰ ঠিক পাছতেই পাতলীয়াকৈ পানী যোগান ধৰিলে সোনকালে গজালি ওলায়। পুলি গজি উঠাৰ পাছত প্ৰয়োজন অনুসৰি ১০-১২ দিনৰ ব্যৱধানত পানী যোগান ধৰিব লাগে। বীজ সিঁচাৰ ২০ দিন মানৰ পাছত এবাৰ বন-বাতবোৰ আঁতৰাই দিব লাগে।