Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 29 December, 2020 3:38 PM IST
Ridge Gourd

জিকা হৈছে এবিধ লতাজাতীয় বছৰেকীয় গছ । ই অতিকৈ পুষ্টিসমৃদ্ধ পাচলি, য’ত আছে ০.৫ শতাংশ প্ৰ’টিন, ৩.৪ শতাংশ কাৰ্বহাইড্ৰেট, ৩৭ মিলিগ্ৰাম কেৰ’টিন আৰু ১৮ মিলিগ্ৰাম ভিটামিন । জিকা গছৰ পাতৰ ৰস সাধাৰণতে চকুৰ ৰোগ নিৰাময়ৰ কাৰণে ব্যৱহাৰ কৰা হয় ।

জিকা শস্যত বহুতো কীট-পতংগ আৰু বেমাৰে ক্ষতি সাধন কৰা দেখা যায় । ইয়াৰ ভিতৰত কেইটামান প্ৰধান কীট- পতংগ আৰু ৰোগৰ লক্ষণৰ লগতে নিয়ন্ত্ৰণৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

ফ্ৰুট ফ্লাইচ -

লক্ষণ :-

১) জিকাৰ পৰা বীজলুৱা তৰল পদাৰ্থ বিৰিঙি উঠা ।

২) বিকৃত আৰু অসমান ফলৰ গঠন ।

৩) ফলবোৰ আবতৰীয়াকৈ সৰি যোৱা ।

নিয়ন্ত্ৰণ বিধি :-

১) আক্ৰান্ত ফলবোৰ সংগ্ৰহ কৰি দ’ গাঁতত পুতি থব লাগে ।

২) শস্য চপোৱাৰ পিছত মাটিডোখৰত হাল বাব লাগে যাতে লেটা আৰু পোকবোৰ উন্মুক্ত হৈ পৰে ।

৩) ফ্লাইচবোৰক আকৃষ্ট কৰিবলৈ চিত্ৰনলা গছৰ তেল, ইউকেলিপ্টাছ গছৰ তেল, ভিনেগাৰ ইত্যাদি ব্যৱহাৰ কৰিব লাগে ।

ৰেড বিটল -

লক্ষণ :-

১) বিটলে জিকা গছৰ ফুল খোৱাৰ উপৰি পাতবোৰত বিন্ধাৰ সৃষ্টি কৰে ।

২) বিটলে প্ৰধানকৈ পুলি অৱস্থাত ক্ষতি সাধন কৰে । সেইকাৰণে কিছুমান ক্ষেত্ৰত পুলিবোৰ মৰি যোৱাও দেখা যায় ।

নিয়ন্ত্ৰণ বিধি ;-

১) শস্য চপোৱাৰ পিছত ভালদৰে হাল বোৱাটো জৰুৰী ।

২) পূৰ্ণাংগ বিটলছবোৰ সংগ্ৰহ কৰি ধ্বংস কৰিব লাগে ।

৩) মালাথিয়ন ৫৫ মি:লি: প্ৰতি হেক্টৰত প্ৰয়োগ কৰিব লাগে ।

৩) কেটাৰপিলাৰ ;-

লক্ষণ :-

১) পলুবোৰ গছৰ পাতৰ পত্ৰহৰিৎখিনি চুঁচি পেলায়, যাৰ ফলত পাতবোৰ কোঁচ খাই যায় ।

২) ই জিকা গছৰ ফুলবোৰো গ্ৰহণ কৰে আৰু ফলবোৰত ছিদ্ৰৰ সৃষ্টি কৰে ।

নিয়ন্ত্ৰণ  বিধি :-

১) প্ৰাৰম্ভিক অৱস্থাত, কেটাৰপিলাৰবোৰ সংগ্ৰহ কৰি ধ্বংস কৰিব লাগে ।

২) মালাথিয়ন ৫০০ মি: লি: প্ৰতি হেক্টৰ অথবা দাইমিথ’য়েট ৫০০ মি:লি: প্ৰতি হেক্টৰত প্ৰয়োগ কৰিলে সুফল পোৱা যায় ।

ৰোগ :-

ডাউনি মিলডিউ -

লক্ষণ :-

পাতৰ ওপৰ অংশত হালধীয়া- সেউজীয়া ৰঙৰ সমাহাৰ দেখা পোৱা যায় ।

২) বাৰিষা কালত, পাতৰ তলৰ অংশত বেঙুনীয়া ৰঙৰ ভেঁকুৰ হোৱা দেখা যায় ।

৩) সমগ্ৰ পাতখিলা সোনকালে শুকাই যায় ।

নিয়ন্ত্ৰণ বিধি :-

১) ভাল জলনিৰ্গমৰ ব্যৱস্থা কৰাটো জৰুৰী ।

২) মানক’জেব ০.২ শতাংশ হাৰত অথবা ক্ল’ৰ’থিয়নিল ০.২ শতাংশ হাৰত প্ৰয়োগ কৰা হয় ।

৩) এপ্ৰ’ন ২ গ্ৰাম প্ৰতি কেজি বীজত শোধন কৰিব লাগে আৰু লগতে মানক’জেৱ ০.২ শতাংশ হাৰত ছটিয়াব লাগে ।

২) বগা কপাহী ৰোগ :-

লক্ষণ :-

১) শুকান জেগাত এইবিধ ৰোগৰ প্ৰাবল্য বেছি হোৱা দেখা যায় ।

২) বগা ৰঙৰ ভেঁকুৰ পাতখিলাৰ ওপৰ আৰু তলৰ অংশত পৰিলক্ষিত হয় ।

৩) ফলবোৰ বিকৃত হোৱা দেখা যায় আৰু ফলৰ পূৰ্নবিকাশত বাধাৰ সৃষ্টি কৰে ।

নিয়ন্ত্ৰণ বিধি :-

১) অপতৃণবোৰ গুচাই দিব লাগে ।

২) ত্ৰাইডেমৰ্ফ (Tridemorph) ০.১ % হাৰত প্ৰয়োগ কৰাটো জৰুৰী ।

লেখক :- ৰিতুৰাজ দেৱ

উৎস :-বিকাশপেডিয়া

English Summary: Ridge Gourd - Diseases
Published on: 05 February 2019, 04:53 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now