মূলা এক পাচলি, যি খাদ্যৰ বাবে অতি সুস্বাদু আৰু লাভজনক। ভিটামিন, কেলচিয়াম, মেগনেছিয়াম আৰু ৰিবোফলেভিনৰ দৰে উপাদানবোৰ মুখ্য ৰূপত . পোৱা যায়। ই হৈছে এক সক্ৰিয় পাচলি যি দেশৰ বেছিভাগ অঞ্চলত উৎপাদন কৰা হয়। উত্তৰ প্রদেশ, বেংগল, বিহাৰ, পঞ্জাৱ আৰু কৰ্ণাটক আদিত মুখ্যভাৱে ইয়াৰ খেতি কৰা হয়। গতিকে আমি মূলা খেতিৰ উন্নত কৃষি পদ্ধতিৰ বিষয়ে জানো আহক -
মূলা শাকৰ প্রকাৰ-
১ ৷ জাপানীজ হোৱাইট : গছৰ ওপৰ অংশ মধ্যমীয়া আকাৰৰ, পাতবোৰ কাষৰ পৰা ভিতৰলৈকে কটা, শিপাবোৰ ২০-৩০ চে:মিটাৰ দীঘল, চুঙা আকৃতিৰ, বাহিৰৰ আৱৰণ সম পৰিমানে বগা ঊজ্জল, মাংসভাগ ঊজ্জ্বল বগা ৰঙৰ, ফচফচিয়া, মৃদুভাবে উগ্ৰতা থকা, ৫০-৫৫ দিনৰ ভিতৰত পূৰঠ হয়৷
২ ৷পুচা দেশী : শিপাবোৰ সম্পূৰ্ণকৈ বগা ৰঙৰ, ৩০-৩৫ চে:মিটাৰ দীঘল, সেঊজীয়া ফালে চিয়া আকৃতিৰ, ঊগ্ৰতা থকা, ৫০-৫৫ দিনৰ ভিতৰত পূৰঠ হোৱা আৰু উচ্চ উত্পাদনক্ষম ৷ এই মূলা খেতি পাঞ্জাৱ ত এপ্রিল -আগষ্ট মাহত কৰা হয়।
3৷ পুচা হিমানী : 60ৰ পৰা 65 দিনত উৎপন্ন হোৱা প্ৰকাৰটো জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত ৰোপিত কৰা হয়। এই প্ৰকাৰে প্ৰতি একৰ ভূমিত 160 কিণ্টল উৎপাদন কৰিব পাৰে। এই প্ৰকাৰটো চেহেৰাত বগা কিন্তু ওপৰৰ ফালে সেউজীয়া।
4 ৷ পুচা চেতকী : শিপাবোৰ মধ্যমীয়া আকাৰৰ, মিহি, ছালবোৰ সম্পূৰ্ণ বগা ৰঙৰ, মঙহাল আৰু কোমল, মৃদুভাৱে উগ্ৰতা থকা, প্ৰত্যেকটো মূলাৰ ওজন ৩০০-৪০০ গ্ৰাম; ৫০-৬০ দিনৰ ভিতৰত পূৰঠ হোৱা, হেক্টৰে প্ৰতি ২০০-২৫০ কুইন্টল উৎপাদন দিব পৰা, আগতীয়া খেতিৰ বাবে উপযুক্ত ৷
সাৰ প্রয়োগ
গোবৰৰ সাৰৰ উপৰিও, প্ৰতি একৰ ভূমিত ত নাইট্ৰজেন 25 কেজি হ'ব লাগে আৰু ফছফৰাছ12 কেজি গ্ৰহণ কৰিব লাগে। ইয়াৰ বাবে, ক্ষেত্ৰত 55 কেজি ইউৰিয়া আৰু 75 কেজি একক চুপাৰ ফছফেট যোগ দিব লাগে।
মাটি নিৰ্বাচন
পানী জমা আবদ্ধ নোহোৱা বালিচহীয়া, জৈৱিক পদাৰ্থ সমৃদ্ধ আৰু অম্লতা ৫.৫-৬.৮ ৰ ভিতৰত থকা মাটি এই খেতিৰ বাবে ঊপযোগী ৷
মাটিডোখৰ পামজাত সাৰ আদি যোগান ধৰি ভালকৈ চহাই লব লাগে ৷
বীজৰ পৰিমান
৬-১১.৫ কি:গ্ৰাম/হেক্টৰত ৷
বীজ সিঁচাৰ সময়
১৷ আগতীয়া জাত : আগষ্ট – ছেপ্তেম্বৰ ৷
২৷ পলমকৈ কৰা জাত : অক্টোবৰ – নবেম্বৰ ৷
বীজৰ ব্যৱধান
ঢাপত বীজ সিঁচিলে ৪৫ চে:মিটাৰ দূৰত্বত আৰু তলিত ২০ চে:মিটাৰ দূৰত্বত শাৰীত বীজ সিঁচিব লাগে ৷ বীজ অঙ্কুৰিত হোৱাৰ ১০-১৫ দিনৰ পিছত পুলিবোৰ ১০ চে:মিটাৰ দূৰত্বত পাতলাই দিব লাগে ৷
জলসিঞ্চন :
মাটি প্ৰস্তুত কৰাৰ আগেয়ে মাটিডোখৰ এবাৰ জলসিঞ্চন কৰি লব লাগে৷ তাৰ পিছত বীজ সিঁচাৰ এসপ্তাহৰ ব্যৱধানত জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে৷
অপতৃণ নিয়ন্ত্ৰণ :
বনবোৰ ওলোৱাৰ ২০ দিনৰ পিচৰ পৰা বনবাত বোৰ নিৰাই থাকিব লাগে৷
শস্য ৰক্ষা: মোৱাপোকৰ বাবে মালাথিয়ন ৫ ইচি ঔষধ প্ৰতিলিটাৰ পানীত ২ মি:লিটাৰ মিহলাই স্প্ৰে কৰিব লাগে৷
ইয়াৰ উৎপাদন ১৪০–১৮০ কুইন্টল প্রতি হেক্টৰত হব পাৰে ভালদৰে কৰিলে ৷