1. উদ্য়ানশস্য়

পটল পুলি পাবলৈ লেখাটোত থকা ফোন নাম্বাৰত যোগাযোগ কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR

পটল এবিধ গ্ৰীষ্মকালীন পাচলি। ফেব্ৰুৱাৰীৰ পৰা মাৰ্চৰ সময়ছোৱাত এই খেতিৰ প্ৰতি আগ্ৰহী কৃষকসকলে পটল খেতি কৰিব পাৰে। সম্প্ৰতি বজাৰত পটলৰ চাহিদা যথেষ্ট বেছি। ১ কেজি পটলৰ দাম ৪০ টকাৰ কোনোদিনে কম নহয়। পাচলি হিচাপে সকলো শ্ৰেণী লোকৰ মাজতে পটল জনপ্ৰিয়। গতিকে ব্যৱসায়িকভাৱে সহজে লাভান্বিত হোৱা কৃষিসমূহৰ ভিতৰত পটল খেতিকো ধৰা হয়। এই সন্দৰ্ভত মৰিগাঁও জিলাৰ উদ্যমী যুৱ কৃষক নৱ ডেকাই কয় যে প্ৰতি বিঘা মাটিত প্ৰায় ২০ হাজাৰ টকা খৰচ কৰি ৬০-৮০ হাজাৰ টকা অৰ্জন কৰিব পাৰি| আৰু প্ৰথম বছৰত এবিঘা মাটিত বিছ হাজাৰ টকা খৰচ কৰিব লাগে যদিও একেখিনি খৰচতেই তিনি বছৰৰ ফচল পাব পৰা যায় | সেই অনুসৰি, প্ৰথম বছৰতকৈ দ্বিতীয় আৰু তৃতীয় বছৰত পটল খেতিত কৃষক সকল অধিক লাভৱান হয় |

উল্লেখ্য, বিগত বৰ্ষত প্ৰায় ৮ বিঘা মাটিত পটল খেতি কৰিছিল নৱ ডেকাই আৰু এই ৮ বিঘা কৃষিভূমিৰ পৰা প্ৰতি বিঘাত ৪০-৬০ হাজাৰ টকা লাভ পাই আহিছে| গতিকে পটল খেতিৰ পৰা কৃষকসকল যথেষ্ট লাভ হোৱাৰ স্থল আছে। এই কথাটো সন্মুখত ৰাখিয়েই আজি আমি এই আলোচনাত কৃষকসকলে বিজ্ঞানসন্মত ভাৱে পটল খেতি কেনেদৰে কৰিব সেই বিষয়ে আলোচনা কৰিম।

মাটি :

পানী জমা নোহোৱা, ৰদ ঘাই আৰু বালিচহীয়া লগতে পলসুৱা মাটি পটল খেতিৰ উপযোগী। তিয়হ খেতিৰ বাবে মাটিখিনি চহাই, মৈয়াই সমান কৰি থিক আলু তলীৰ দৰে কৰিব লাগে।

ৰোপন পদ্ধতি :

কৃষকজনে পুলিবোৰ বা পটলৰ পুলিৰ বাবে ৰোৱা আলুবোৰ ১ মিটাৰ দূৰত্বত ৰোপন কৰিব লাগে। পাৰিলে অকণমান বঢ়াইহে দিব লাগে। কাৰণ পটল গছ ৩ বছৰলৈ লাগে। পৰৱৰ্তী সময় পুলিৰ মাজত দূৰত্ব বেছি থাকিলে মাটিখিনি চহাবলৈ সাৰ-পানী যোগাবলৈ কৃষকজনৰ ভাল হ’ব।

লগতে পঢ়ক- 

'কৰ্মৰে জাতীয়তাবাদ কৰিলেহে অসম আত্মনিৰ্ভৰশীল হ’ব'- ৰাতুল বৰুৱা

পটল খেতি  ( Pointed gourd Farming )
পটল খেতি ( Pointed gourd Farming )

বগোৱাৰ ব্যৱস্থা :

পটল লতাবোৰ বগাবলৈ পুলি ৰোৱাৰ পাছতে ৬ ফুট দিঘলৰ এটা পীছক চাৰিফাল কৰি প্ৰতিটো পুলিৰ গুৰিয়ে গুৰিয়ে পুতি দিব লাগে। গছবোৰ বাঢ়ি অহাৰ লগতে লতাবোৰ বগাবলৈ বাঁহ বোৰত বাঁহৰ জেং বান্ধি দিব। তাৰ পাছতে আহিব হেন্দালি। আজি কালি বহু কৃষকে পটল গছ বগাবলৈ প্লাষ্টিকৰ ৰছীৰে হেন্দালি বনাই দিয়ে। ছবিত দেখুওৱাৰ দৰে। হেন্দালিখন ৫ ফুট মান ওখ হ’ব লাগে। যদি প্লাষ্টিকৰ ৰছী নলগায় তেতিয়া বাঁহৰ হেন্দালি দিব পাৰে। উল্লেখ্য যে বাঁহেৰে পলি হাউচ এটা বনায়ো পটল খেতি কৰিব পাৰি। এনেদৰে কৰিলে পটলৰ এটা ফুলো মিছ নহয় ,কাৰন পটলৰ ফূল ৰাতি ফুলে আৰু বৰষুণ দিলে ফুলত পানী সোমালে পৰাগৰেনু নষ্ট হৈ যায়, গুটিৰ ঘনত্ব কমে। উৎপাদন পাব পৰা শস্য এইবিধ তাকো সপ্তাহত দুবাৰ চিঙিব পাৰি। মধ্যপ্ৰদেশত গ্ৰীনহাউচত পটল খেতি কৰি যথেষ্ট লাভবান হৈছে।

পটল খেতি  ( Pointed gourd Farming )
পটল খেতি ( Pointed gourd Farming )

পটল খেতিৰ লাভালাভবোৰ-

  • এবাৰ কৰিলে ৩ বছৰলৈ লাগে।
  • বছৰটোৰ ৮ টা মাহেই লাগি থাকে।
  • বজাৰত চাহিদা বেছি।
  • বেমাৰ কম।
  • বিশেষ কৃষি জ্ঞান নথকাকৈ আনক কৰা দেখিয়েই কৰিব পাৰি।
  • গাঁহৰি,ছাগলী আৰু গৰুৱে নাখায়।
  • সপ্তাহত কৃষকজন দুবাৰকৈ চিঙিব পাৰিব।
  • গছ পুলি ৰোৱাৰ তিনিমাহৰ পাছতে লাগিবলৈ ধৰে।

কৃষকসকলে উন্নতজাতৰ পটলৰ পুলিৰ বাবে ঢকুৱাখনাৰ সোণটো চুতীয়াৰ লগত এই  83990 38560 নাম্বাৰত যোগাযোগ কৰিব। তেওঁ পটল পুলিৰ হোম ডেলিভাৰিও ডিয়ে।

লগতে পঢ়ক- 

ঘৰৰ বাৰীতে কৰা নেমুৰে খেতিৰে উপাৰ্জন দিলোৱাৰ হুছেইন তাপাদাৰৰ

English Summary: Pointed gourd Farming & its benefits

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.