1. News

ঘৰৰ বাৰীতে কৰা নেমুৰে খেতিৰে উপাৰ্জন দিলোৱাৰ হুছেইন তাপাদাৰৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
দিলোৱাৰ হুছেইন তাপাদাৰ
দিলোৱাৰ হুছেইন তাপাদাৰ

নেমু টেঙাৰ খেতি কৰি আৰ্থিকভাৱে লাভান্বিত হাইলাকান্দি জিলাৰ কৃষক দিলোৱাৰ হুছেইন তাপাদাৰ। নেমু খেতি কৰিবলৈ কেইটামান পুলি যোগান ধৰিছিল ৰাজ্যৰ কৃষি বিভাগে। পৰৱৰ্তী সময়ত কৃষি বিভাগে যোগান ধৰা নেমু টেঙাৰ পুলিৰ পৰা Grafting কৰি কৃষকগৰাকীয়ে ৰোপণ কৰে প্ৰায় ৩০ জোপা নেমু গছ।

তেওঁ জানিব দিয়া অনুসৰি প্ৰতিবছৰে এই গছ সমূহৰ পৰা প্ৰায় ৮ হেজাৰ নেমু উৎপাদন কৰি ৪০০-৪৫০০০ পৰা ৪৫০০০ টকা উৎপাৰ্জন কৰে। কাজী নেমু, পাটি নেমু, ইলায়ছি নেমুৰ উপৰিও অন্ধ্ৰপ্ৰদেশৰ পৰা অনা এবিধ নেমুকে ধৰি তেওঁ প্ৰায় ৬ প্ৰকাৰৰ নেমুৰ জাত আছে তেওঁৰ নেমু বাৰীখনত।

লগতে পঢ়ক- 

আমেৰিকা, ভিয়েটনামলৈ বছৰি ৮ লাখ টকাৰ চাউল ৰপ্তানি বিশ্বজিৎ বৰাৰ

উল্লেখ্য যে তেওঁ ঘৰৰ বাৰীতে ৰোপন কৰিছে এই নেমুসমূহ। কোনো অতিৰিক্ত ভূমি ব্যৱহাৰ নকৰাকৈ কৰা এই নেমুৰ পৰা এনেদৰে ঘৰখনৰ সৰু-সৰু খৰচ বোৰ উলিয়াই আহিছে।

আমাৰ গ্ৰামাঞ্চলৰ লোকসকলেও দিলোৱাৰ হুছেইন তাপাদাৰৰ দৰে ঘৰৰ বাৰীতে এনেদৰে নেমুৰ পুলি ৰোপন কৰিব পাৰে। ঘৰতে এনেদৰে কৰাৰ লগতে ব্যৱসায়িকভাৱে খেতি কৰিলেও কৃষকসকল লাভাৱান  হ’ব। কাৰণ সম্প্ৰতি বজাৰত নেমুৰ চাহিদা আছে। দীৰ্ঘদিন নেমু খেতিয়ক দিলোৱাৰ হুছেইনেও ঘৰতে প্ৰতিটো নেমুত ৬ ৰ পৰা ৬ টকা বেপাৰীক বিক্ৰি কৰি আহিছে।

লগতে পঢ়ক- 

'কৰ্মৰে জাতীয়তাবাদ কৰিলেহে অসম আত্মনিৰ্ভৰশীল হ’ব'- ৰাতুল বৰুৱা

English Summary: Dilwar Hussain Tapadar income from lemon cultivation

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.