অসমৰ বাহিৰে সকলো ৰাজ্যতে অমিতা ফল হিচাপে খেতি কৰে। ফল হিচাপে খেতি কৰিলে উপাৰ্জন বেছি হয়। কিন্তু কেঁচা ফল পাচলি হিচাপে ব্যৱহাৰ কৰিবৰ বাবে হ’লে ফল বেছি লাগে। অমিতা যিদৰে এবিধ উপাদেয় ফল ঠিক সেইদৰে ই এবিধ পাচলিও। কাৰণ পকা অমিতাক ফল হিচাপে আৰু ঠিক সেইদৰে এবিধ পাচলি হিচাপেও ব্যৱহাৰ কৰা হয়।অন্য ফলমূলৰ দৰে অমিতা ঋতুভিত্তিক নহয়। গতিকে এই খেতিৰ পৰা বছৰৰ সকলো সময়তে উৎপাদন পাব পাৰি। পকা অমিতাত যথেষ্ট পৰিমাণে ভিটামিন ‘A’ থাকে আৰু লগতে অন্যান্য ভিটামিন থকাৰ উপৰি খনিজ লৱণ থাকে। কেঁচা অমিতাৰ পৰা ক্ষৰণ কৰি উলিওৱা পেপেইন নামৰ পদাৰ্থক (ফলত আঁচোৰ মাৰিলে গাৰ পৰা ওলোৱা বগা পদাৰ্থ) বহল পৰিমাণে চামৰাৰ উদ্যোগত, চুইংগাম, প্ৰসাধন সামগ্ৰী, ঊল উদ্যোগ, মাংস উদ্যোগ আদিত ব্যৱহাৰ কৰা হয়।
অমিতা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা, বালিচহীয়া মাটি উপযুক্ত।পলসুৱা মাটিত জমা হ’বলৈ নিদি নলাৰ ব্যৱস্থা কৰি সৰহ পৰিমাণৰ জৈৱিক সাৰ প্ৰয়োগ কৰি ইয়াৰ খেতি কৰা যায়। সাধাৰণতে অমিতা এবিধ একলিংগ উদ্ভিদ অৰ্থাৎ পুংপুষ্প আৰু স্ত্ৰীপুষ্প দুজোপা বেলেগ বেলেগ গছত হয়। গতিকে পৰাগ যোগ হৈ অধিক উৎপাদন পাবলৈ হ’লে প্ৰতি ১০ জোপা স্ত্ৰীপুষ্প গছৰ মাজত এজোপা মতা ফুলৰ গছ ৰুব লাগে। একলিংগ সঁচবিলাক হৈছে ৱাচিংটন, ৰাঁচী, চিতা – ১, চিতা – ২, হনিডিউ ইত্যাদি। উভয় লিংগৰ সঁচবোৰ হৈছে : চিতা – ৩, চিতা – ৪, কুৰৰ্গ হানি দিউ, চ’ল ইত্যাদি। উন্নত জাতৰ সঁচবোৰ পুচা ডেলিচিয়াচ, পুচামেজেষ্টি, পুচা ডোৱাৰ্ফ, পুচা নুনিহা, পুচা জায়েণ্ট। ইয়াৰ ভিতৰত গাইন ডেয়চিয়াচ সঁচবোৰ হৈছে চি অ – ৭, পুচা ডেলিচিয়াচ, পুচা মেজেষ্টি, চ’ল, চানৰাইজ চ’ল, টাইৱান, থাইলেণ্ড, কুৰ’গ হনি দিউ ইত্যাদি। ইয়াৰ বাহিৰেও বৰ্ণ সংকৰ সঁচ যেনে ৰেড লেডী, স্বপ্না আদি চাপৰ জাতিৰ সঁচ আৰু উচ্চ উৎপাদনশীল।
অমিতা পুলি গুটিৰ পৰাই প্ৰস্তুত কৰা হয়। এবিঘা মাটিত খেতি কৰিবৰ বাবে ৭০ গ্ৰাম বীজ অৰ্থাৎ ৭.৫ বিঘা মাটিৰ বাবে ৫০০ গ্ৰাম বীজৰ প্ৰয়োজন হয়। সাধাৰণতে পকা অমিতাৰ পৰা বীজবোৰ আঁতৰাই পানীত মোহাৰি ধুব লাগে বা বালিত মোহাৰি দিব লাগে যাতে বীজৰ ওপৰত থকা জেলীৰ আৱৰণটো আঁতৰি যায়।কাৰণ বীজৰ ওপৰত আৱৰণটো থাকিলে বীজৰ অংকুৰণ ক্ষমতাত বাধা দিয়ে। বীজবোৰ ধোৱাৰ পাছত বাতৰি কাকতৰ ওপৰত ৰাখি ছাঁত শুকুৱাব লাগে। বীজবোৰ ফলৰ পৰা এৰুৱাই শোধন কৰাৰ পাছত ৩/৪ দিনৰ ভিতৰতে পুলিবাৰীত বীজবোৰ সিঁচিব লাগে। বীজবোৰ পলিথিন বেগত মাটি আৰু পচন সাৰ বা গোবৰ গুৰিৰ মিশ্ৰণত উভয়লিংগ সঁচৰ হ’লে এটাকৈ বীজ আৰু একলিংগ সঁচৰ হলে তিনিটাকৈ বীজ গুজি দিব লাগে।বীজ সিঁচাৰ সময় হৈছে মাঘ, ফাগুন, চ’ত মাহ।
পুলি ৰোৱাৰ বাবে মাটিডোখৰ চহ কৰি ১.৮ মিটাৰ (ছয় ফুট)ব্যৱধানত চাপৰ জাতৰ সঁচৰ বাবে আৰু ২.৫ মিটাৰ (৮ ফুট) ব্যৱধানত ওখ জাতৰ সঁচৰ বাবে একোটা গাঁত খান্দি লৈ গাঁতটো সাৰুৱা মাটি আৰু গোবৰেৰে পূৰাই লৈ গাঁতৰ সোঁমাজত পুলিটো ৰোপণ কৰিব লাগে। সাধৰণতে ২/৩ মহীয়া পুলিটো ৰোৱা হয় পুলি ৰোৱাৰ সময় ব’হাগৰ পৰা আহাৰ মাহলৈকে।একেবাৰে পানী জমা নোহোৱা ওখ বালিচহীয়া মাটিত আহাৰ, শাওন মাহতো পুলি ৰুব পাৰে। পুলি ৰোৱাৰ দুমাহৰ পাছত অমিতা গছত সাৰ প্ৰয়োগ কৰিব লাগে।এজোপা অমিতা গছত বছৰেকত ৫০০ গ্ৰাম ইউৰিয়া, ১০০০ গ্ৰাম চুপাৰ ফচফেট আৰু ৮০০ গ্ৰাম মিউৰিট অৱ পটাচ সাৰ প্ৰয়োগ কৰিব লাগে। এই সাৰখিনি সমানে দুভাগ কৰি এভাগ সাৰ ২/৩ পাচি গোবৰৰ লগত মিহলাই পুলি ৰোৱাৰ দুমাহৰ পাছত গছজোপাৰ চাৰিওফালে প্ৰয়োগ কৰিব লাগে। বাকী ভাগ সাৰ গছৰ ফুল ফুলাৰ সময়ত আকৌ আগৰ দৰে গছৰ চাৰিওফালে ঘূৰণীয়াকৈ প্ৰয়োগ কৰিব লাগে। পুলি ৰোৱাৰ এক-ডেৰ মাহৰ ব্যৱধানত গছৰ তলৰ পৰা বন-বাতবোৰ আঁতৰাব লাগে। পাছত গছৰ তলৰ পৰা বন-বাতবোৰ আঁতৰাব লাগে। পাছত গছৰ গুৰিত অলপ অলপকৈ মাটি চপাই দিব লাগে যাতে গুৰিটো মজবুত হৈ থাকে।
খৰাং বতৰত ৮/১০ দিনৰ অন্তৰে অন্তৰে এবাৰকৈ পানী দিব লাগে। বাৰিষা গছৰ গুৰিত পানী জমা নহ’বৰ বাবে দুজোপা গছৰ মাজত একোটা সৰু নলাৰ ব্যৱস্থা কৰিব লাগে। পুলি ডাঙৰ হৈ ফুলৰ কলি ধাৰণ কৰিলে স্ত্ৰীপুষ্প গছজোপা ৰাখি মতা গছজোপা গাঁতৰ দিব লাগে।
গুৰি পচা আৰু শিপা পচা বেমাৰ নিৰাময়ৰ বাবে গছৰ গুৰিত এক শতাংশ শক্তিৰ বৰডে। মিশ্ৰণ বা ব্লাইটক্স বা ফাইটলিন দৰৱ ২ গ্ৰাম এক লিটাৰ পানীত মিহলাই গুৰিত প্ৰয়োগ কৰিব লাগে। পাত মুজুৰা পৰা আৰু হালধীয়া মোজেইক বেমাৰৰ বাহক মোৱা পোকবোৰ মাৰিবৰ বাবে পুলি ৰোৱাৰ ডেৰ-দুমাহৰ পৰা ৰগৰ দৰৱ ৩০ টোপাল এক লিটাৰ পানীত মিহলাই ছটিয়াব লাগে।
গছ ৰোৱাৰ ৭/৮ মাহৰ পৰা ফল লাগিবলৈ ধৰে আৰু তৃতীয় বছৰলৈ ফল লাগি থাকে। তৃতীয় বছৰত গছ কাটি নতুনকৈ পুলি ৰোপণ কৰিব লাগে। এজোপা গছৰ পৰা বছৰেকত ২০/৩০ টালৈকে অমিতা (সঁচ অনুযায়ী) ফল লাগে।