ভাৰতবৰ্ষত অমিতাৰ উৎপাদন বছৰি প্রায় ৩ মিলিয়ন টন। পৃথিৱীৰ বিভিন্ন দেশত উৎপাদন হোৱা অমিতাৰ প্রায় ৫০শতাংশই ভাৰতবৰ্ষত উৎপাদন হয়। ভাৰতবৰ্ষৰ বিভিন্ন প্রদেশ যেনেঃ অন্ধ্রপ্দেশ প্রদেশ,কৰ্ণাটক,মহাৰাষ্ট্র ,গুজৰাট , উৰিষ্যা , পশ্চিমবঙ্গঁ , অসম , কেৰেলা , তামিলনাডু , মধ্যপ্রদেশত আৰু ত্রিপুৰা এই খেতিৰ প্রাধান্য বেচি আৰু প্রায় ৮০০ হেক্টৰ মাটিত এই খেতি কৰা হয় ।
অমিতাৰ বিভিন্ন অনিষ্টকাৰী পোক-পৰুৱাৰ ভিতৰত অমিতাৰ মিলিবাগও এবিধ প্রধান কীট যাৰ আক্রমণ ভাৰতবৰ্ষত প্রথম পৰে ২০০৮চনত তামিলনাডু প্রদেশৰ কইমবাটুৰ নামৰ ঠাইত।
অনিষ্টকৰাৰ লক্ষণ
প্রথম অৱস্থাত অমিতা গছৰ পাতৰ তলভালে মূল শিৰাডালৰ ওচৰে পাজৰে মিলিবাগবোৰে থোপ খায় থাকে আৰু প্রয্যায় ক্রমে ফলবোৰতোআক্রমণ কৰে ।যাৰ ফলত অমিতাবোৰত কিছু বগা দাগপৰে আৰু ইয়াৰ দ্বাৰা বাণিজ্যিক গুণ নষ্ট হয় আৰু বজাৰু বিক্রিৰ বাবে অনুপযোগী হৈ পৰে । এই পোকৰ দ্বাৰা ৬০-৮০ শতাংশ উৎপাদন নষ্ঠ হয় । মিলিবাগৰ আক্রমণৰ প্রসাৰ ইমানেই দ্রত আৰু গভীৰ যে ইয়াৰ আক্রমণে অমিতাৰ পুলি আৰু বাঢ়ি অহা গছবোৰ মাৰি পেলাব পাৰে । এই পোকৰ আক্রমণৰ ফলত গছ আৰু ফলবোৰত ক'লা দাগপৰে আৰু পৰিণতিত দুয়োটা অংশ নষ্ট হয় ।
মিলিবাগে আক্রমণ কৰিব পৰা অথবা বসবাস কৰিব পৰা অন্যান্য গছ-গছনি
মিলিবাগে বিভিন্ন গছ-গছনি অৰ্থাৎ কৃষি উৎপাদিত শস্য আৰু ফলমূলৰ গছত বাস কৰিব পাৰে । এনেবোৰ গছ-গছনি যেনেঃ শিমলু, আলু , ৰহৰমাহ, কপাহ ,ভেন্দি , বিলাহী, বেঙেনা, জেন্ঠ্রেফা, মালবেৰী আদি । ইয়াৰ উপৰিও বিভিন্ন জাতৰ অপতৃণতো মিলিবাগ বাস কৰিব পাৰে।
ৰাসায়নিক কীট-নাশক পদাৰ্থৰ প্রয়োগত বিফলতা
ৰাসায়নিক কীট-নাশক ঔষধ প্রয়োগে মাত্র সামান্য আৰু ক্ষন্তেকৰ বাবেহে উপকাৰী গতিকে কৃষকে বাৰে বাৰে ঔষধ ব্যৱহাৰ কৰিব লগাত পৰে আৰু যাৰ ফলত প্রদূষণত প্রভাৱ পৰে ।
মিলিবাগৰ প্রাকৃতিক শক্র
বিভিন্ন প্রকাৰৰ প্রাকৃতিক শক্র কীট থাকিলেও অমিতাৰ মিলিবাগৰ সংখ্যা প্রাকৃ্তিক ভাবে দমন কৰি ৰাখিব নোৱাৰে। গতিকে এই অনিষ্টকাৰী পোক দমন কৰিবলৈ জৈৱিক নিয়ন্ত্রণ প্রথা ব্যৱহাৰ কৰিই উপযুক্ত প্রথা।
অমিতা মিলিবাগ নিয়ন্ত্রণ বাবে জৈৱিক নিয়ন্ত্রণৰ কৈশল
মিলিবাগ নিয়ন্ত্রণ কৰিব পৰা কীট তিনিবিধ যেনে:এচাৰ'ফেগাচ পাপায়ি (Acerophagous papayae),এনাগাইৰাচ লৱকী (Anagyrus loccki) আৰু চিওদেল্পট মেষ্ঠিক্স মেক্সিকানা (Pscudleptomastix maxicana)ৰ ৫০০ মানকৈ কীট প্রত্যেক গাৱঁত এৰি দিব লাগে। প্রয়োজন সাপেক্ষে এনে কৰ্ম বাৰে বাৰেও কৰিব পাৰে।
২. প্রয়োজন সাপেক্ষে ৰাসায়নিক দ্রৱ্যৰ ব্যৱহাৰ কমাব লাগে যাতে প্রাকৃতিক ভাবে উৎপন্ন হোৱা অমিতা মিলিবাগৰ শক্র কীট বোৰৰ সংখ্যা বৃদ্ধি পাব পাৰে।
৩. এনে প্রাকৃতিক শক্র কীটৰ প্রসাৰ অন্য ঠাইত প্রয়োগ কৰিব লাগে।
৪. অমিতাৰ মিত্র অপতৃণ যেনে পাৰ্থেনিয়াম, প্লুমেৰীয়া আলবা (Plumeria alba), একেলিফা ইণ্ডিকা (Acalpha eindica)আদি গছ - গছনি বোৰ নষ্ট কৰি পেলাব লাগে।
৫. প্রাৰম্ভনিতে অমিতা মিলিবাগৰ শক্র কীটবোৰ পৰা পক্ষত কমকৈ বাগানতহে প্রয়োগ কৰিব লাগে যাতে ইয়াৰ দ্রত বংশ বৃদ্ধি হব পাৰে।
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।