টেঙা ফলবােৰৰ ভিতৰত আন এবিধ উৎকৃষ্ট ফল হৈছে সুমথিৰা টেঙা। ই এটি অতি লাভজনক খেতি । বৈজ্ঞানিক ভিত্তিত সুমথিৰা টেঙাৰ খেতি কৰি আন খেতিত কৈ যথেষ্ট লাভ আশা কৰিব পাৰি । উত্তৰ-পূৱ অঞ্চলৰ ঘাইকৈ অসম, মেঘালয় ৰাজ্যত সুমথিৰা টেঙাৰ খেতি কৰা হয় । ইয়াত নিহিত থকা মুখ্য উপাদান বিলাক হ'ল- চাইট্রিক এচিদ, বাকলিত গ্রুকচাইদ ভিটামিন C লগতে অনান্য খনিজ মৌল যেনে - কেলছিয়াম, ফচফৰাচ, আইৰন আদিয়েই প্রধান। সুমথিৰা টেঙাৰ ৰস উৎকৃষ্ট পানীয় হিচাবে ব্যৱহাৰ কৰা হয়।
মাটি:
অধিক জৈৱসাৰ থকা, পানী জমা নােহােৱা ওখ, বালিহীয়া মাটি এই খেতিৰ বাবে আৱশ্যক। বাগিছা খনত জলসিঞ্চনৰ তথা নিষ্কাষনৰ সুব্যৱস্থা থাকিব লাগে।
জাত: উৎকৃষ্ট জাত হৈছে- থলুৱা সুমথিৰা টেঙা।
ৰােপন সামগ্রী:
সুমথিৰা টেঙা সাধাৰণতে বীজ আৰু কলি কলমৰ দ্বাৰা বংশ বিস্তাৰ কৰা হয় ।
মাটি প্রস্তুতকৰন আৰু পুলি ৰােপন:
সুমথিৰা টেঙাৰ বাবে বাচনি কৰা মাটিডােখৰ দুই-তিনি বাৰ হাল-কোৰ মাৰি, মৈয়াই সমান কৰি ৫ মিটাৰ (১৫ ফুট) ব্যৱধানত শাৰী শাৰীকৈ বর্গক্ষেত্র পদ্ধতিত একোটাকৈ গাত খান্দিব লাগে। পুলি ৰােৱাৰ দুইমাহৰ আগতে গাত খান্দিব পাৰিলে ভাল । প্ৰতিটো গাত ৭৫ ছে: মি: দীঘল, ৭৫ ছে:মি: বহল আৰু ৭৫ ছে: মি: দ' হ'ব লাগে। গাঁতৰ ওপৰত আধা অংশৰ মাটি এফালে আৰু তলৰ আধা অংশৰ মাটি আনফালে থব লাগে । গাতবােৰ ওপৰৰ আধা অংশৰ মাটিৰ লগত ১০ কি: গ্রাম গােবৰ বা পচন সাৰ, ১/২ কি: গ্রাম চুন দুই মাহৰ পিছত ভালকৈ মিহলাই লৈ পুনৰ ১ মাহ মান ৰাখি থব লাগে । বীজৰ পৰা গজোৱা পুলি যেতিয়া এক-ডেৰ বছৰ বয়স হ'ব আৰু কলি কলমৰ দ্বাৰা তৈয়াৰ কৰা পুলি যেতিয়া দুই-আঢ়ৈ বছৰ বয়স হব তেতিয়া পুলিবােৰ বাৰিষা কালত (মে মাহৰ পৰা আগষ্টলৈকে) প্ৰতিটো গাঁতত ৰুৱ লাগে। ৰােৱতে গাঁতৰ মাজত প্রয়োজন সাপেক্ষে অকনমান মাটি গৰকি মাটিবােৰ হেচি দিব লাগে। পুলি ৰােৱাৰ পিছত পানী দিলে পুলিবােৰ মাটিত শীঘ্নে প্রতিস্থাপিত হয়।
প্রতিপালন :
পুলি ৰােৱাৰ পিছত প্রতিপালন হিচাবে বনবাত নিৰনি, শুকান বতৰ হলে পানী যােগানৰ লগতে অপতৃন নিবাৰনৰ প্রতি দৃষ্টি ৰাখিব লাগে । বৰষুণৰ বতৰত পানী জমা নহবৰ কাৰণে পানী ওলাই যাবৰ বাবে নলা আদিৰ ব্যৱস্থা কৰিব লাগে। ৰােৱাৰ এবছৰ ডেৰবছৰ পিচৰে পৰা মূল কাণ্ডত ওলােৱা পােখা ডালবােৰ কাটি গছজোপা এনেকৈ ৰাখিব লাগে যাতে মাটিৰ পৰা ১ মিটাৰ ওপৰলৈকে গছজোপাৰ মূল কাণ্ড ডালহে থাকে। মাজে মাজে বেমাৰী আৰু পােকে আক্রমন কৰা, বতাহ বা অন্য কাৰণত ভগ আৰু বীজতৰীয়া ডালবােৰ কাটি, কটা অংশত বৰডাে মলম নাইবা অন্য ভেকুৰ নাশক ঔষধৰ মিশ্রণ সানি দিব লাগে।নিয়মীয়াকৈ কীট-পতংগ আৰু বেমাৰ নিয়ন্ত্রন কৰি থাকিব লাগে।
সাৰ প্ৰয়ােগ :
সুমথিৰা টেঙা গছত সাৰ গছৰ বয়স অনুপাতে প্রয়ােগ কৰা হয় । প্রথম বছৰ গাতত অল্প পৰিমানৰ (৫ কি: গ্রা:) পচন সাৰ মাটিৰ লগত মিহলাই পুলিটো ৰুৱ লাগে ।
1. দুই বছৰ পাছত পচন সাৰ ৫ কিঃগ্রা, ইউৰীয়া ৩৩০গ্রাঃ, একক চুপাৰ
ফচফেট ৭৫০ (গ্রা:) আৰু মিউৰেট অৱ পটাছ ১৬৭(গ্রা:) প্রয়োগ কৰিব লাগে।
2. তিনি বছৰ পাছত পচন সাৰ ১০ কিঃগ্রা, ইউৰীয়া ৬৬০গ্রাঃ, একক চুপাৰ
ফচফেট ১৫০০ (গ্রা:) আৰু মিউৰেট অৱ পটাছ ৩৩৪(গ্রা:) প্রয়োগ কৰিব লাগে।
3. চাৰি বছৰ পাছত পচন সাৰ ১৫ কিঃগ্রা, ইউৰীয়া ৯৯০গ্রাঃ, একক চুপাৰ
ফচফেট ২২৫০ (গ্রা:) আৰু মিউৰেট অৱ পটাছ ৫০০(গ্রা:) প্রয়োগ কৰিব লাগে।
4. পাঁচ বছৰ পাছত পচন সাৰ ২০ কিঃগ্রা, ইউৰীয়া ১৩২০গ্রাঃ, একক চুপাৰ
ফচফেট ৩০০০ (গ্রা:) আৰু মিউৰেট অৱ পটাছ ৬৬৮(গ্রা:) প্রয়োগ কৰিব লাগে।
5. ছয় বছৰ বা তাতকৈ বেছি হলে পচন সাৰ ২৫ কিঃগ্রা, ইউৰীয়া ১৬৫০গ্রাঃ, একক চুপাৰফচফেট ৩৭৫০ (গ্রা:) আৰু মিউৰেট অৱ পটাছ ৮৩৫(গ্রা:) প্রয়োগ কৰিব লাগে।
সাৰখিনি সমানে দুভাগ কৰি এভাগ ফেব্ৰুৱাৰী - মার্চ মাহত আৰু আনটো ভাগ ছেপ্তেম্বৰ - অক্টোবৰ মাহত প্রয়ােগ কৰিব লাগে। গছজোপাৰ বয়স অনুযায়ী গুৰিৰ পৰা ১৫-৪৫ ছে: মি: আতৰত গছে আবৰি থকা গােটেই ঠাইখিনিত দিবলগীয়া সাৰখিনি সমান ভাৱে পৰাকৈ চটিয়াই পিচত পাতলীয়াকৈ কোৰ মাৰি মাটিৰ লগত মিহলাই দিব লাগে । লক্ষ্য কৰিব লাগে যে সাৰ প্ৰয়ােগ কৰিবৰ সময়ত মাটিখিনিত বন-বাত নাথাকে আৰু মাটিত জীপ থাকে।
সংমিশ্রণ শস্য:
সাধাৰণতে পুলি ৰােৱাৰ ৭ বছৰ বয়সৰ পৰা গছত ফল লাগিবলৈ ধৰে । এই সময়ছােৱাত গছৰ মাজত খালি থকা ঠাইখিনিত অন্তর্বর্তী শস্য হিচাবে হ্রস্বকালীন শস্য যেনে মাহজাতীয় শস্য, অমিতা, মাটিকঠাল আদিৰ খেতি কৰি কিছু উপাৰ্জন কৰিব পাৰি। এতিয়া কিছুমান ক্ষুদ্ৰ চাহ খেতিয়কে সুমথিৰা টেঙা বাৰীত চাহ খেতি কৰি যথেষ্ট উপকৃত হৈছে। চাহ আৰু সুমথিৰা টেঙাৰ অন্ত আৰু সংমিশ্রিত খেতিত খেতিয়ক এজনে চাহ খেতিৰ পৰা মার্চ মাহৰ পৰা নৱেম্বৰ মাহলৈ আৰু সুমথিৰা টেঙাৰ পৰা নৱেম্বৰ মাহৰ পৰা জানুৱাৰী মাহলৈ উপার্জন পায়, যিটো আন কোনাে খেতিৰ বাবে সম্ভৱ নহয়।
ফল চপােৱা
সাধাৰণতে ফলবােৰ বৰণ ধৰাৰ লগে লগে ছিঙিব লাগে। ফল চপােৱাৰ সময়ত যাতে কোনাে আঘাত নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। বর্তমান সময়ত বজাৰত সুমথিৰা টেঙাৰ চাহিদালৈ চাই খেতিয়ক সকলে | বৈজ্ঞানিক পদ্বতিত খেতি কৰি আর্থিক ভাবে লাভান্বিত হব পাৰে।
আপুনি জানেনে ধান খেৰত ইউৰিয়া প্ৰয়োগ কৰি উৎকৃষ্টমানৰ পশুখাদ্য প্ৰস্তুত কৰিব পাৰি?
Share your comments