1. উদ্য়ানশস্য়

ৰীণা ঘাঁহৰ কৃষি কথা (Rina Grass Farming for cow feeds)

KJ Staff
KJ Staff
Rina grass Farming
Rina grass Farming

ৰীণা এবিধ গ্ৰীষ্মকালীন পশুখাদ্য আৰু এবিধ ঘাঁহ জাতীয় শস্য। ঘেঁহুৰ সৈতে এই শস্যবিধৰ যথেষ্ট সাদৃশ্য আছে। পানী বৈ যাব পৰা পলসুৱা মাটিত এই শস্যৰ খেতি ভাল হয়। আৰ্দ্ৰ আৰু সেমেকা অঞ্চলত ৰীণা ঘাঁহৰ খেতি ভাল হয়।

    এই ঘাঁহৰ Sirosa, TL 15 আৰু TL 2 প্ৰকাৰ অসমৰ বাবে উপযুক্ত।

কেতিয়া আৰু কেনেকৈ ৰোপণ কৰা হয়?

এপ্ৰিল মে’ মাহত ইয়াক ৰোপণ কৰা হয়। ইয়াৰ খেতি কৰিবলৈ লোৱা ঠাইখিনি সকলো ধৰণৰ অপ্ৰয়োজনীয় উদ্ভিদৰ পৰা মুকলি কৰি পৰিষ্কাৰ কৰি লোৱা হয়। অধিক ভাল শস্য লাভৰ বাবে শাৰী শাৰীকৈ নলা কটাৰ ব্যৱস্থা কৰা হয়। এই শস্যৰ খেতি শাৰী শাৰী বীজ ৰোপণ আৰু বীজ সিঁচা এই দুয়োটা উপায়েৰেই কৰিব পাৰি। শাৰী শাৰীকৈ বীজ ৰোপণ পদ্ধতিত ইয়াৰ খেতি অধিক ভাল হয়।

সাৰ

মাটিডৰা এই খেতিৰ বাবে প্ৰস্তুত কৰি থকাৰ সময়ছোৱাত প্ৰতি বিঘা মাটিত ছয় কুইণ্টল গৰুৰ গোবৰ মিহলোৱা হয়। ইয়াৰ উপৰিও প্ৰতি বিঘা মাটিত ১২ কিলোগ্ৰাম ইউৰিয়া, ২৫ কিলোগ্ৰাম একক চুপাৰ ফচফেট আৰু সাত কিলোগ্ৰাম পটাছ সাৰ প্ৰয়োগ কৰা হয়। আকৌ বীজ সিঁচাৰ আশী দিনৰ পিছত ১২ কিলোগ্ৰাম ইউৰিয়া ওপৰত প্ৰয়োগ কৰা হয়।

অপতৃণ আঁতৰ আৰু জলসিঞ্চন

সাধাৰণতে খেতি কৰাৰ ২৫-৩০ দিনৰ ভিতৰত অপ্ৰয়োজনীয় বন বা অপতৃণ আঁতৰোৱাটো অধিক লাভজনক। সঠিক জলসিঞ্চনৰ সুবিধা উপলব্ধ হ’লে শুকান বতৰত প্ৰয়োজন অনুসাৰে জলসিঞ্চনৰ ব্যৱস্থা কৰা হয়।

শস্য চপোৱা বা ফচল

বীজ সিঁচাৰ ৬৫ ৰ পৰা ৭৫ দিনৰ ভিতৰত প্ৰথম শস্য চপোৱা হয়। ইয়াৰ পিছত দুই তিনিবাৰলৈ প্ৰতি পঞ্চাশ দিনৰ মূৰে মূৰে শস্য চপাব পাৰি। ৰীণা ঘাঁহ নামৰ পশুখাদ্যবিধ প্ৰতি বিঘা মাটিত ৫৫ ৰ পৰা ৬৫ কুইণ্টল পৰ্যন্ত উৎপন্ন হয়।

আৰু পঢ়ক- কোচিৰ এখন ফার্মৰ অভূতপূর্ব সফলতা! নবেল পুৰস্কাৰ বিজয়ীৰ জেনেটিক সংশোধনৰ পদ্ধতি ব্যৱহাৰ কৰি বিলাহীৰ ৰং হালধীয়ালৈ সলনি কৰাৰ প্রযুক্তি উদ্ভাৱন কৰে

English Summary: Rina grass Farming for cow feed in assam

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.