ড্ৰেগন ফল হৈছে এক জনপ্ৰিয় আমেৰিকান ফল যি এতিয়া আমাৰ দেশত অতি জনপ্ৰিয়।মূলতঃ লেটিন আমেৰিকাৰ ফল হিচাবে জনাজাত এই ফল বিধ দক্ষিণ-পূব এছিয়া,মধ্য এছিয়াৰ লগতে আফ্ৰিকাৰো বিভিন্ন অঞ্চলত পোৱা যায়।অৱশ্যে সোৱাদ আৰু পুষ্টিগুণৰ দিশৰ পৰা অতি উত্তম ফল হিচাবে পৰিগণিত হোৱা এই ফল বিধ অসমৰ অতি কম সংখ্যক লোকেহে চিনি পায়। ড্ৰেগন ফলগছ হৈছে এক প্ৰকাৰৰ কেকটাছ জাতীয় গছ যাৰ বৈজ্ঞানিক নাম Hylocereus undatus. । এই গছৰ কোনো পাত নাই। ড্ৰেগন ফলৰ গছবোৰ সাধাৰণতে 1.5ৰ পৰা 2.5 মিটাৰ দীঘল হয়। এই ফলৰ আকাৰ ডাঙৰ, পকিলে ৰঙা হয়, বাকলিটো ডাঠ গুলপীয়া, তাৰোপৰি পকিলে ৰঙা আৰু বগা আৰু ৰঙৰ ৰস উলাই যিটো আমি juice হিচাপে খাব পাৰো ৷ ফলৰ গুটিবোৰ সৰু, ক'লা আৰু কোমল। এটা ফলৰ ওজন প্রায় 150 গ্ৰামৰ পৰা 600 গ্ৰামৰ ভিতৰত হব পাৰে । ভিটামিন Cৰে সমৃদ্ধ ড্ৰেগন ফলত প্ৰচুৰ পৰিমাণে থাকে আইৰণ, ফচফৰাছ, জিংক আদিৰ লগতে শৰীৰৰ বাবে প্ৰয়োজনীয় বহু উপাদান।
অসমৰ ওদালগুৰিকে ধৰি বিভিন্ন ঠাইত এতিয়া ড্ৰেগন ফলৰ খেতি আৰম্ভ হৈছে।
গতিকে আমি জানো আহক ইয়াৰ খেতি কেনেকৈ কৰিব পাৰি -
ভূমি নিৰ্বাচন আৰু সাজু:
ভালদৰে বিকশিত উচ্চ আৰু মজলীয়া উচ্চ স্লাছৰ উৰ্বৰ ভূমি বাছনি কৰক ৷
ৰোপণ পদ্ধতি আৰু ৰোপনৰ সময়:
সমতল ভূমিত বর্গ বা ষড়ভুজ আৰু পাহাৰীয়া ঠাইত ভূমিটো কেণ্টাৰ পদ্ধতিৰে কাটিং কৰি ৰোপন কৰি। ড্ৰেগন ফল ৰোপনৰ সময় এপ্ৰিলৰ মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈ।
সূৰ্য্যৰ ৰদ পৰা ঠাইত 1.5 মিটাৰ x 1.5 মিটাৰ x 1 মিটাৰ আকাৰৰ গাত বনাই লওক । ইয়াৰ 20-25 দিনৰ পিছত, 25-30 কেজি পচি যোৱা গোৱৰ, 250 গ্ৰাম টিএছপি, 250 গ্ৰাম মোপ, 150 গ্ৰাম জিপচাম আৰু 50 গ্ৰাম জিংক ছালফেট সাৰ মাটিৰে মিহলাই মাটী জাপি দিব । তাৰ পিছত 10-15 দিন হোৱাত , আপুনি প্ৰতিটো গাতত 4 টাকৈ পুলি প্রত্যেকৰে মাজভাগত 50 ছে:মি দূৰত ৰাখি লাগিব ৰুব । ইউৰিয়া প্রতি 1 মাহৰ মূৰত 1 বছৰলৈ প্ৰতিটো গাতত 100 গ্ৰাম প্ৰয়োগ কৰিব লাগিব।
বংশবিস্তাৰ পদ্ধতি
ড্ৰেগন অঙ্গজ প্ৰণালী বা বীজৰ যোগেৰে বংশ বিস্তাৰ কৰা হয় যদিও মাতৃৰ গুনাগুণ বজাই ৰাখিবলৈ অঙ্গজ প্ৰণালীৰে কাটিং কৰি বংশ বিস্তাৰ কৰা ভাল। এনে কৰিলে প্ৰায় 100% ফল লগাতো নিশ্চিত আৰু অতি সোনকালে ফল লাগে ৷ কটাৰ পৰা উৎপন্ন হোৱা গছৰ পৰা ফল পাবলৈ প্রায় 12-18 মাহ সময় লাগে। সাধাৰণতে, পুৰণি আৰু কঠিন ডালবোৰ 1ৰ পৰা 1.5 ফুটলৈ কাটিব পাৰি আৰু আঙুঠবোৰ পাতল ছাঁত কটা অংশৰ পৰা সহজে উৎপন্ন হয় ৷
তাৰ পিছত, 20ৰ পৰা 30 দিনৰ পিছত, মূলবোৰ কটাৰ পৰা ওলাই আহিব। সঠিক পৰিৱেশত আৰু প্ৰয়োজনীয়তা অনুসৰি মাটিত পোনপটীয়াকৈ ৰোপন কৰিব পাৰি।
অপতৃণ নিবাৰণ
আমি অপতৃণবোৰ আঁতৰাব লাগিব আৰু প্ৰয়োজন হ'লে নিয়মীয়া জলসিঞ্চন আৰু বেৰা দিব লাগিব। উদ্ভিদটো ৰোপণ কৰাৰ পিছত 1.5ৰ পৰা 2.5 মিটাৰ দীঘল হলে প্রতিটো গাতৰ চাৰিওডাল পুলিত 4 মিটাৰমান দীঘল খুটি পুটি দিব যাতে । যেতিয়া উদ্ভিদটো ডাঙৰ হয়, ইয়াক নাৰিকলৰ ৰচীৰে বান্ধিব লাগিব যাতে খুঁটিৰ সহায় লৈ বাঢ়ি যাব পাৰে ৷
সাৰ প্রয়োগ
গছটো বাঢ়ি অহাৰ লগে লগে, নিম্নলিখিত ধৰণে সাৰ প্রয়োগ কৰিব লাগে :
গছৰ বয়স 1-3 বছৰ হলে
প্ৰতি বছৰে প্রয়োগ কৰিব লগা সাৰৰ পৰিমাণ এনে ধৰণৰ -
প্ৰথম বছৰত 40-50 (কেজি), ইউৰিয়া 300 (গ্ৰাম), TSP 250 (গ্ৰাম), MOP 250(গ্ৰাম)
ঠিক সেইদৰে,
3-6 বছৰ হলে গোৱৰ সাৰ 50-60(কেজি), ইউৰিয়া 350(গ্ৰাম), TSP 300(গ্ৰাম), MOP300(গ্ৰাম),
৬-৯ বছৰ হলে গোৱৰ সাৰ 60-70(কেজি), ইউৰিয়া 400(গ্ৰাম), TSP 350(গ্ৰাম), MOP350(গ্ৰাম),
10 বছৰৰ উর্দ্ধৰ হলে গোৱৰ সাৰ 70-80(কেজি), ইউৰিয়া 500(গ্ৰাম), TSP 500(গ্ৰাম), MOP 500(গ্ৰাম).
ৰোগ আৰু প্রতিৰোধ ব্যৱস্থা গ্রহণ -
যিকোনো খেতিৰ বাবে বেমাৰ আৰু প্রতিৰোধ বিষয়টো গুৰত্বপূর্ণ ৷ তেতিয়াহে ভবাধৰণে সফলতা পাব পাৰি ৷ তাৰ বাবে আমি আগতীয়াকৈ সজাগতা অৱলম্বন কৰিব লাগে ৷ অন্যাথা শস্য খিনি নষ্ট হোৱাৰ সম্ভাৱনা অধিক ৷ ড্রেগন ফলত হব পৰা কেইবিধ বেমাৰ আৰু উপশমৰ বিষয়ে তলত আলোচনা কৰা হল -
মূল পছা:
যেতিয়া গুৰিত অতিৰিক্ত পানী জমা হয়, গুৰিটো পচিবলৈ আৰম্ভ হয় ৷ এই ৰোগ হলে গুৰিটো অলপ অলপকৈ মাটিৰ তললৈকে গোটেই মূলখিনি পচি যায়। পিছত যেতিয়া আপুনি গছটো ওপৰলৈ টানি আনে, তেতিয়া মূল অবিহনে কেৱল গছডাল ওপৰলৈ উঠি আহে। সেয়েহে ইয়াৰ পৰা মুক্তি পাবলৈ, উচ্চ ভূমিত ফলৰ উৎপাদন কৰা ভাল। এই ৰোগটো ফুচাৰম এছ পি (Fusarium sp)-ৰ দ্বাৰা হয়।
কীট-পতংগ বা মঁকৰা:
ড্ৰেগন ফলৰ বাবে অতি ক্ষতিকাৰক এই কীট। এইধিধ পতংগই গছৰ কোমল অংশ আৰু পাত চুহি খায় ৷ ফলত গছৰ শাখা আৰু পাতৰ ৰং হালধীয়া হৈ পৰে লগতে গছডাল দুৰ্বল হৈ পৰে। তাৰোপৰি কীটটোৱে কৰে আৰু শুটিমোল্ড নামৰ কলা পৰা এটা ৰোগ সৃষ্টি কৰিব পাৰে । যিয়েই উদ্ভিদৰ খাদ্যৰ উৎপাদন হ্রাস কৰে। ফলত ফুল আৰু ফলৰ উৎপাদন কমি যায়। এই কীটৰ পৰা হাত সাৰিবলৈ, সুমিথিয়ন/ডেসিশ/মেলালাথিয়ন কীটনাশক প্ৰতি 10 লিটাৰ পানীত 25 মি:লি: বা 5 কাপ পানীত ভালদৰে মিহলাই স্প্ৰে কৰি নিয়ন্ত্রন কৰিব পাৰি ৷
কাণ্ড আৰু শিপা পচা ৰোগ:
এই ৰোগ ভেঁকুৰ বা বেক্টেৰিয়াৰ ফলত হ'ব পাৰে। গছটো প্ৰথমে হালধীয়া হৈ কলা পৰি যায় ৷ তাৰ পিছত অংশটো পচিবলৈ আৰম্ভ হয় আৰু লাহে লাহে পচাৰ পৰিমাণ বাঢ়ি গৈ থাকে । ইয়াক প্ৰতিৰোধ কৰিবলৈ - কীট-নাশক (বেভিষ্টিন, ৰিডোমিলি, থিওভিট আদি) প্ৰতি লিটাৰ পানীত 2 গ্ৰাম মিহলি কৰি চতিয়াই দিব লাগে।
ড্ৰেগন ফল সংগ্ৰহ আৰু ফল:
ড্ৰেগন খেতিত পুলি ৰোপনৰ পৰা ধৰিলে 1ৰ পৰা 1.5 বছৰৰ ভিতৰত ফল সংগ্ৰহ কৰিব পাৰি। যেতিয়া ফলটো সম্পূৰ্ণ ৰঙা হয়, ইয়াক সংগ্ৰহ কৰিব লাগে। গছত ফলৰ ফুল ওলোৱাৰ 35-40 দিনৰ ভিতৰত ফল খাব পাৰি ৷ ফলবোৰ বছৰত 5-6 স্তৰত সংগ্ৰহ কৰিব পাৰি। প্ৰথমতে জুন-অক্টোবৰ,আৰু দ্বিতীয়তে ডিচেম্বৰ-জানুৱাৰী।
পুষ্টি গুণ:
ড্রেগন ফলত ভিটামিন চি, খনিজ আৰু যথেষ্ট পৰিমানে আঁহ পোৱা যায় । ইয়াৰ ফলত, ফাইবাৰ, চৰ্বি, কেৰোটিন, যথেষ্ট পৰিমানৰ ফছফৰাছ, এচর্বিক এচিড, প্ৰ'টিন, কেলচিয়াম, লো আদি থাকে।
প্ৰতিটো 100 গ্ৰামৰ খোৱাৰ উপযুক্ত ড্রেগন ফলত এই সমূহ পুষ্টি পোৱা যায় -
- পানী - ৮০-৯০ গ্ৰাম
- শর্কৰা- ৯-১০ গ্ৰাম
- প্ৰটিন - 0.15-0.5 গ্ৰাম
- আঁহ - 0.33-0.90 গ্ৰাম
- শক্তি - 35-50 কেল'ৰি
- চৰ্বি - 0.10-0.60 গ্ৰাম
- কেলচিয়াম - 6-10 মিলি গ্ৰাম
- লো - 0.3-0.7 মি.গ্ৰা
- ফছফৰাছ - ১৬-৩৫ গ্ৰাম
- কেৰোটিন ( ভিটামিন A , থামাইন, ৰিবোফাবিন সামান্য পৰিমানে থাকে )
- ভিটামিন বি 0.2 - 0.4 মিঃ গ্রাম থাকে ৷