অসমৰ স্থানীয় বহু ফলৰ গছ ক্ৰমাত নোহোৱা হ’বলৈ ধৰিছে। মিৰিকা টেঙা, জেটুলীপকা, কৰ্জা টেঙা, থেৰেজু আদি গছবোৰ এতিয়াৰ প্ৰজন্মৰ ৯০ শতাংশ ল’ৰা-ছোৱালীয়ে হয়তো চিনি নাপায়। এই আপুৰুগীয়া থলুৱা ফল-ফুলবোৰ সংৰক্ষণ কৰাটো আমাৰ দায়িত্ব। আজি যিবিধ ফলৰ বিষয়ে ক’বলৈ লৈছোঁ, সেয়া অসমীয়া সংস্কৃতিৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত। এটা সময় আছিল যেতিয়া এই ফল অবিহনে সম্পূৰ্ণ নহৈছিল ব’হাগ বিহুৰ যা-যোগাৰ।
ঘৰে ঘৰে নহলেও চুবুৰিটোৰ কাৰোবাৰ ঘৰত বহাগৰ বতৰতে পক ধৰি ক’লা পৰিছিল এই ফল। আপুনি যদি সঠিক অনুমান কৰিব পাৰিছে তেন্তে এই ফলবিধৰ নাম হৈছে থেৰেজু। টেঙা-মিঠা এই ফল বহাগতে পকিবলৈ ধৰে। বিহুত খোৱা এশ এবিধ শাকৰ ভিতৰত থেৰেজুৰ পাতকো ধৰা হয়। ৰং গাঢ় কৰিবলৈ জেতুকা পিচোঁতে মিলাই লোৱা হয় থেৰেজু টেঙা।
থেৰেজু ৰ গছ প্ৰায় ২-৩ মিটাৰলৈকে ওখ হয়। গছ জোপোহা আৰু চিৰসেউজীয়া। ডালবোৰ লেহুকা আৰু সামান্য তললৈ হাউলি পৰা। গছজোপা খহতা, মুগাচানেকীয়া আৰু ওপৰৰ চামনিটো সামান্য ফাঁট মেলা। সৰু ঠাল-ঠেঙুলীৰ বৰণ গাঢ় সেউজীয়া আৰু মসৃণ।
বৈজ্ঞানিক নাম : Prunus jenkinsii Hook.f. & Th.
গোত্ৰ : Rosaceae
অসমীয়া নাম : থেৰেজু টেঙা
বিৱৰণ : অসমৰ স্থানীয় চিৰসেউজ, জোপোহা বৃক্ষ। পাত একান্তৰ ১২-১৮ ছেমি দীঘল, ২-৫ ছেমি বহল, বল্লমাকাৰ, আয়তাকাৰ। ফুল বগা, ৰেচিম পুষ্পবিন্যাসত ফুলে। ফল ডিম্বাকৃতিৰ, সোৱাদ টেঙা।
বিস্তৃতি : অসমৰ স্থানীয় উদ্ভিদ।
(তথ্য- সংগ্ৰহ)
ফেচবুকত এজন ব্যৱহাৰকাৰীয়ে যেতিয়া ফটো আপলোড কৰি এই ফলবিধৰ নাম সুধিছিল, তেতিয়া প্ৰায় ৯০% লোকেই দিব পৰা নাছিল ইয়াৰ শুদ্ধ উত্তৰ।
লগতে পঢ়কঃ Cassava বা শিমলা আলু: এই উদ্ভিদৰপৰাই প্ৰস্তুত কৰা হয় চাগুদানা