সূৰ্য্যমুখী ফুলৰ খেতি অতীজৰে পৰা অসমত কৰি আহিছে। গোলাকাৰ হালধীয়া বৰণৰ এই ফুলটো দেখিবলৈ বেলিটোৰ নিচিনা বাবে ইয়াক বেলিফুল বুলিও কয়। বহুদিনলৈ ই অসমীয়া মানুহৰ ফুলনিতে শোভা বৰ্দ্ধন কৰি আছিল। কিন্তু ইয়াৰ ফুলৰ গুটিবিলাকত মানুহৰ খাদ্যৰ উপযোগী প্রোটিন আৰু চৰ্বী থাকে। এই গুটি বিলাকৰ পৰা আহৰণ কৰা তেল অতি উচ্চ মানৰ। সেয়ে সূৰ্য্যমুখী ফুলক এবিধ প্রধান তৈল বীজ বুলি গণ্য কৰা হয়। এই বীজ বিলাকত শতকৰা ৪০-৫০ ভাগ তেল থাকে৷ হৃদ ৰোগীৰ বাবে এই তেল শেৱণ অধিক নিৰাপদ কিয়নো ই কলেষ্ট্ৰৰেল মুক্ত। সূৰ্য্যমুখীৰ তেলত প্ৰোটিন (৩০শতাংশ) খাদ্যপ্ৰাণ ক, ঘ আৰু ঙ থাকে। এই তেল সহজে হজম হয়। ইয়াক ৰং, বাৰ্ণিছ আৰু চাবোন বনাওতে ব্যৱহাৰ কৰে। জন্তু আৰু চৰাইৰ বাবে ই এবিধ উত্তম খাদ্য। পুষ্টৰ বাবে মানুহেই ইয়াক সহজে ব্যৱহাৰ কৰিব পাৰে।
কৃষিকালে – সূৰ্য্যমুখী। ফুলৰ কৃষিকাল ৯০-১০০ দিন। বছৰৰ যি কোনো সময়তে ইয়াৰ খেতি কৰিব পাৰি। অসমত সাধাৰণতে-
(১) ৰবি (অক্টোবৰ-ফেব্ৰুৱাৰী)
(২) খাৰিফ (জুন-জুলাই) আৰু
(৩) গ্রীষ্ম কালীন ( মার্চ-জুন) তিনিটা সময়ত ইয়াৰ খেতি কৰিব পৰা যায়।
বহুমূখী শস্যৰ খেতিত সূৰ্য্যমুখীৰ খেতি সহজে কৰিব পৰা যায়। তদুপৰি কুঁহিয়াৰ আদি দীর্ঘকালীন খেতিত সহযোগী শস্য হিচাপে ইয়াৰ খেতি কৰিব পাৰি।
মাটি নিৰ্বাচন
সকলো প্রকাৰ মাটিতে সূৰ্য্যমুখীৰ খেতি কৰিৰ পাৰি৷ পানী জমা নোহোৱা সাৰুৱা মাটি এই খেতিৰ বাবে উপযোগী৷ জল সিঞ্চনৰ ব্যৱস্থা থকা মাটিৰ পৰা এই খেতি কৰি অধিক লাভবান হব পাৰি।
মাটি প্রস্তুত কৰণ
২-৩ বাৰ হ’ল বাই মাটিডৰা ভালদৰে মিহি কৰি লব লাগে। মাটি প্রস্তুত কৰোঁতে ১০-১২ গাড়ীমান পচন সাৰ প্রয়োগ কৰিব লাগে। ভালদৰে চহোৱা মাটি ডৰাত ২ ফুট অন্তৰে অন্তৰে খাল খান্দি দিব।
সাৰ প্রয়োগ
সূর্যমুখী ফুলক যথেষ্ঠ পৰিমাণে সাৰৰ দৰকাৰ৷ সেয়ে পচন সাৰৰ উপৰিও বিঘা প্রতি :১২ কেজি ইউৰীয়া, ৫০ কেজি একক চুপাৰ ফচফেট ৯ কেজি মিউৰেট অব্ পটাছ প্রয়োগ কৰিব লাগে।
সমুদায় সাৰ বীজ সিচাৰ আগেয়ে খালত প্ৰয়োগ কৰিব লাগে। অৱশ্যে জলসিঞ্চিত মাটিত আধাখিনি ইউৰীয়া (৬ কেজি) আধা পটাছ (৪'৫ কেজি) বীজ সিচাৰ এমাহ পিচত (জিৰণি সময়ত) প্ৰয়োগ কৰিলে অধিক সুফল পোৱা যায়।
সিঁচা পদ্ধতি
পৈনত গুটিবোৰ সিচাৰ আগেয়ে ২৪ ঘন্টা তিয়াই থব লাগে। বীজবোৰ সাৰ দি থোৱা খালবোৰত (২ ফুট অন্তৰত ) ৫-৭ চেঃ মিঃ (২”-৩”) গভীৰতা সিচিব লাগে| এজোপা গছৰ পৰা আন জোপাৰ দূৰত্ব ১-১.৫ ফুট হোৱা বাঞ্চনীয়। যিবোৰ ঠাইত গছ ঘনকৈ গজে, গজি উঠাৰ ১০ দিন মান পিচতে পাতলাই দিব লাগে আৰু পাতলকৈ গজা ঠাইত নতুনকৈ ৰুব লাগে। খাৰিফ বতৰত সিচিলে খালৰ সলনি ধাপত সিচা উচিত।
প্রতিপালন
বীজ সিচাৰ ৮-১০ দিন পিচত বনবত ণিৰাই দিব লাগে। প্রথমবাৰ ণিৰণিৰ ৩ সপ্তাহমান পিচত পুনৰ ২য় বাৰ শিৰণি কৰি বাকী থকা ইউৰীয়া আৰু পটাছ সাৰ প্ৰয়োগ কৰি মাটি চপায়।
জলসিঞ্চন
মাটি শুকান হ’লে বীজ সিচাৰ ২ দিন আগেয়ে জলসিঞ্চন কৰা দৰকাৰ। বীজ সিচাৰ ১০-১২ দিন পিচত এবাৰ জল সিঞ্চন কৰিব। ২ য় বাৰ ণিৰণিৰ পিচত সিঁচাৰ এমাহ পিচত ফুল ধৰা সময়ত আৰু গুটি ধৰা সময়ত জলসিঞ্চনৰ প্ৰয়োজন।
বীজ শোধন
গুৰি পচা, গা গছ পচা আদি বেমাৰৰ পৰা হাত সাৰিবলৈ বীজ বোৰ ভেকুৰ নাশক ঔষধেৰে শোধন কৰি লব লাগে। ১ কিলো, বীজ শোধণ কৰিবলৈ ২ গ্রাম বেভিষ্টিন বা থিৰাম ঔষধৰ প্রয়োজন|
শস্য ৰক্ষা
(১) কেওঁকটা পোকে আক্রমণ কৰিলে শতকৰা ৫ ভাগ শক্তি যুক্ত মালাথিয়ণ ঔষধৰ গুৰি বীজ সিচাৰ ৩ সপ্তাহ পিচত প্রয়োগ কৰিব লাগে।
(২) ফুল ধৰাৰ সময়ত গান্ধী পোকে আক্রমণ কৰিলে বিঘাই প্রতি ৪-৫ কেজি বি এইচ চি ঔষধ চতিয়াব।
(৩) চাঁহী পৰা ৰোগৰ পৰা হাত সাৰিবলৈ পানীত দ্ৰৱিত হোৱা চালফাৰ ১ কিলো ২০০ লিটাৰ পানী গুলি প্রয়োগ কৰিব।
(৪) ঘূণে-ধৰা বেমাৰ ৰোধ কৰিবলৈ ১ গ্রাম জিবাম প্রতি লিটাৰ পানীত মিহলাই পষেকৰ অন্তৰে অন্তৰে স্প্ৰে কৰিব।
(৫) পাতত দাগ পৰা বেমাৰে দেখা দিলে ১ কিলো ফাইটন ৪০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব।
শস্য চপোৱা
ফুলপাহৰ তলভাগ হালধীয়া / তাম বৰণীয়া হ’লে শস্য চপাবৰ হয়। ফুলবোৰ গুৰিতে কাটি আনি লাঠিৰে মৰিয়াই বা ট্রেক্টৰেৰে মৰণা মাৰিব পাৰি। পৈনত এটি ফুলত ১০০০-১২০০ মান গুটি পোৱা যায়। গুটিবোৰ ৰ’দত শুকুৱাই আৰ্দ্ৰতাৰ পৰিমাণ ৬ ভাগলৈ নমাব লাগে। শস্যবোৰ মোনাত ভৰাই থৈ প্রয়োজন অনুযায়ী তেল উলিয়াই লব পাৰি।
উৎস - অসম কৃষি বিশ্ববিদ্যালয়