Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 12 February, 2021 11:28 PM IST
Oyester Mushroom cultivation

এক কিলোগ্ৰাম ভাল, শুকান ধানখেৰ লওক আৰু ২-৩ ইঞ্চি জোখত সৰু সৰু কৈ কাটি লওক৷ এটা নিশা কটা খেৰখিনি ঠাণ্ডা পানীত ডুবাই ৰাখক আৰু পানীৰ পৰা খেৰখিনি উলিয়াই আনক৷

খেৰ শোধন

   সিক্ত খেৰখিনি গৰম পানীত ৩০ মিনিটৰ পৰা ১ ঘন্টা সিজাওক ৷ গৰম পানীৰ পৰা খেৰ খিনি তুলি আনি পৰিস্কাৰ মজিয়া নাইবা বাৰীত ঠাণ্ডা হবলৈ মেলি দিয়ক ৷ খেৰত থকা অতিৰিক্ত পানী হাতেৰে চেপি আঁতৰাই পেলাওক৷ ৯০-১০০ গ্ৰাম বীজ (স্পন) লওক সম পৰিমাণত চাৰি ভাগ কৰি লওক৷ ৪০ X ৬০ ছেন্টিমিটাৰ জোখৰ এটা পলিথিনৰ মোনা লওক ৷ মোনাটোত ১৫-২০ টা ফুটা কৰি লৈ বন্ধ তলিভাগ ৰচিৰে বান্ধি লওক৷ তাৰ পিছত তলিবন্ধা মোনা লুটিয়াই লওক৷

   শোধন কৰা খেৰখিনিত ০.১ শতাংশ গাঢ়তাৰ বেভিষ্টিন (১গ্ৰাম ১লিটাৰ পানীত মিহলাই লওক) পাতলকৈ স্প্ৰে কৰি লৈ সমানে ৫ ভাগ কৰি লওক৷ তাৰ এভাগ পলিথিনৰ মোনাটোত ভৰাই হাতৰ তলুৱাৰে টানকৈ হেচা দিয়ক ৷ তাৰ ওপৰত বীজৰ এভাগ সিঁচি দিয়ক ৷ এতিয়া খেৰৰ দ্বিতীয় তৰপটো ভৰাই হাতেৰে হেচি বীজ ছটিয়াওক। এনেকৈ খেৰৰ ৪ টা তৰপৰ ওপৰত ৪ ভাগ বীজ ছটিয়াব লাগে৷

  পঞ্চমভাগ খেৰেৰে বীজৰ ওপৰৰ তৰপটো বাকি মোনাটোৰ মুখখন টানকৈ ৰচিৰে বান্ধি লওক ৷ এতিয়া মোনাটো অন্ধকাৰ কোঠাত ১২-১৫ দিন ৰাখক ৷ এই কালছোৱাত (উমনি কাল) বীজৰ পৰা বৰ্দ্ধিত কাঠফুলাৰ বগা সূত্ৰপুঞ্জই খেৰৰ টুকুৰাবোৰ গাঠি পেলায়।

  মোনাটো খুলি কাঠফুলাৰ টোপোলাটো মুক্ত কৰি লৈ কাঠফুলাৰ গৃহত ৰাখক ৷ টোপোলাবোৰ ওলোমাই বা ৰেকত বহাই ৰাখিব৷

মুক্ত টোপোলাবোৰৰ পৃষ্ঠভাগ শুকাই নাযাবলৈ দ্বিতীয় দিনৰ পৰা প্ৰতি দিনে ২/৩ বাৰ পানী স্প্ৰে কৰিব লাগে ৷ কাঠফুলা গৃহৰ ভিতৰখন সেমেকা কৰি ৰাখিবলৈ মজিয়াত পানী ঢালিব লাগে৷

  টোপোলা খোলাৰ ৭/৮ দিনৰ পিছত কাঠফুলাৰ কলিৰ থোপা গজিবলৈ ধৰে৷ তাৰ দুদিনৰ পিছতেই কাঠফুলা পৈণত হয় ৷ কাঠফুলাৰ পাহিবোৰ উভালি চপাই আনিব লাগে৷ দৈনন্দিন পানী স্প্ৰে কৰি থাকিলে ৭/৮ দিনৰ অন্তৰত দ্বিতীয় বা তৃতীয়বাৰলৈ কাঠফুলা চপাব পাৰি৷

   সতেজ কাঠফুলা ৰেফ্ৰিজাৰেটৰত ৰাখি ৪/৫ দিনমানলৈ খাব পাৰি ৷ তাৰোপৰি ৰ’দত শুকুৱাই বায়ুনিৰুদ্ধ পেকেটত ৰাখিলে ৬ মাহলৈকে ব্যৱহাৰ কৰিব পাৰি ৷

কাঠফুলাৰ সমস্যা

সেউজৰঙী ভেঁকুৰ বীজ সিঁচাৰ আগেয়ে শোধিত খেৰত বেভিষ্টিন বা নহৰুৰ ৰস ৩ মি:লি: প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰক৷

মাখি আৰু অন্যান্য পোক

নুভান বা মালাথিয়ন (১মি:লি: এক লিটাৰ পানীত) কাঠফুলাৰ গৃহৰ বেৰৰ বাহিৰ ভিতৰ দুয়োফালে স্প্ৰে কৰক৷ তাৰোপৰি নিমযুক্ত ঔষধ (ৰক্ষক, নিমাগণ, নিমাজল, নিমবিচিদিন, ৩মি:লি: ১ লি: পানীত টোপোলাৰ ওপৰত স্প্ৰে কৰিব পাৰে।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

English Summary: Know step by step of oyester Mushroom Cultivation in assamese krishi jagran
Published on: 12 February 2021, 11:28 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now