1. স্বাস্হ্য আৰু জীৱন

ওজন বৃদ্ধি কৰক মাত্র এমাহতে কিন্তু কেনেকৈ জানক সকলো সবিশেষ

KJ Staff
KJ Staff
Avocado fruit
Avocado fruit

ওজন বৃদ্ধি মুখ্যতঃ শৰীৰৰ স্বাভাৱিক ক্ষমতাতকৈ অধিক অতিৰিক্ত খাদ্য গ্ৰহণ কৰাৰ ফলত অতিৰিক্ত তৰল, চৰ্বি জমা হৈ পেশীৰ ভৰ বৃদ্ধি হয়। এইটো এটা কিছুমানৰ বাবে গুৰুতৰ সমস্যা হব পাৰে, যাৰ ফলত মেদবহুলতা হ'য়। কিন্তু বহুতে কম ওজনৰ বাবে বৃদ্ধি কৰিব বিচাৰে। তেওঁলোকে বজাৰৰ নানান ঔষদ (Suppliment) আদিও ব্যৱহাৰ কৰে। এইবিলাকৰ পৰা আপুনি যিমান পাৰে আঁতৰত থকাই ভাল, কিয়নো ইয়াৰ বহুতো পার্শ্বক্রিয়া থাকে। ওজন বৃদ্ধি কৰাৰ আগত আপুনি কেনেকৈ ওজন বৃদ্ধি হয়, কি কি কাৰকৰ ওপৰত ই নির্ভৰশীল জনা আৱশ্যক। যেতিয়া শক্তি গ্ৰহণৰ পৰিমাণৰ অনুপাতত ব্যয় কৰা শক্তিৰ পৰিমাণ হ্রাস পায়, তেতিয়া মানৱ শৰীৰে শৰীৰৰ অতিৰিক্ত চৰ্বি প্ৰস্তুত কৰে, যাৰ ফলত দেহৰ ওজন বৃদ্ধি হয়।

আপুনি কেনেকৈ সোনকালে আৰু সুৰক্ষিতভাৱে ওজন বৃদ্ধি কৰিব? (How to gain weight quickly and safely)

ওজন বৃদ্ধি কৰাটো কোনো কঠিন কাম নহয়। আপোনাৰ জীৱনশৈলীৰ কিছু পৰিৱৰ্তন আনিলে আপোনাৰ স্বাস্থ্যকৰ ওজন বৃদ্ধি কৰাৰ প্ৰক্ৰিয়াত আপোনাক সহায় কৰিব পাৰে। অৱশ্যে, ওপৰত উল্লেখ কৰা দৰে বর্তমান বজাৰত ওজন বৃদ্ধি কৰিবলৈ কেইবাটাও ঔষধ বা পাউদাৰ উপলব্ধ হৈছে কিন্তু সেইবোৰৰ পাৰ্শ্বক্ৰিয়াৰ সম্ভাৱনাও অধিক। গতিকে আজি আমি কেনেকৈ বিভিন্ন প্ৰাকৃতিক(Naturally) উপায়ৰে স্বাস্থ্যসন্মত ভাৱে ওজন বৃদ্ধি কৰিব পাৰোঁ, তাৰ বিষয়ে কিছু আলোচনা কৰিম।

আপুনি ব্যয় কৰাতকৈ অধিক কেলৰি গ্ৰহণ কৰক। তাৰ বাবে আপুনি খাদ্যৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব। আপুনি দিনত 3-4 বাৰলৈকে আহাৰ গ্রহণ কৰিব পাৰে। ইয়াৰ লগতে কেঁচা ফল-মূল বেছি খাব। অধিক উচ্চ মানদণ্ডৰ প্ৰ'টিন আৰু কেলৰিযুক্ত খাদ্য গ্রহণ কৰক লগতে তৃষ্ণা নিবাৰণ কৰিবলৈ আপুনি গাখীৰ খাব লাগিব। আহাৰৰ আগতে পানী নাখাব। ই আপোনাৰ পেট ভৰ্তি কৰিব পাৰে আৰু পৰ্যাপ্ত কেলৰি লাভ কৰা কঠিন কৰি তুলিব পাৰে।

আপোনাৰ খাদ্য যেনে- পনিৰ, কণী, আৰু গাখীৰত অধিক কেলৰি থাকে। পুষ্টি সমৃদ্ধ খাদ্য, যেনে- খেজুৰ পিজ্জা, কল, বুট, নাৰিকল, মৌ, ক্রীমজাতীয় খাদ্য, গাখীৰৰ চকলেট আৰু বাদাম খাব।

আপুনি ওজন বৃদ্ধি কৰিবলৈ ব্যায়াম কৰাও প্রয়োজন, ন'হলে আপোনাৰ পেট আগফালে বাঢ়ি আহিব। ইয়াৰ লগে লগে আপোনাৰ মনোবল বৃদ্ধি কৰাত সহায় কৰিব।

সোনকালে ওজন বঢ়াবলৈ খাদ্য (Foods for gain weight)

তলত কিছুমান খাদ্য তালিকা দিয়া আছে যিয়ে আপোনাক দ্ৰুতগতিত ওজন বৃদ্ধি কৰাত সহায় কৰিব। অৱশ্যে, এনে খাদ্য আহাৰত অন্তৰ্ভুক্ত কৰাৰ আগতে চিকিৎসক বা ডায়েটিচিয়ানৰ পৰামৰ্শ ল'ব পাৰে। নিম্নলিখিত খাদ্যবোৰে কেৱল পেশীই বৃদ্ধি নকৰে, লগতে সামগ্ৰিক স্বাস্থ্যৰ স্থিতিও উন্নত কৰে।

মাংস: ৰঙা মাংসত প্ৰ'টিন আৰু চৰ্বি দুয়োটা থাকে, যি ওজন বৃদ্ধি আৰু পেশীৰ ভৰ বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰঙা মাংস হৃদযন্ত্ৰৰ বাবে অধিক স্বাস্থ্যকৰ।

চাউলৰ পিঠা: চাউলৰ পিঠাত প্রচুৰ কাৰ্বোহাইড্ৰেট আৰু ভিটামিন-D থাকে যি ওজন বৃদ্ধি কৰিব পাৰে, আৰু ইয়াৰ কিছুমান অতিৰিক্ত লাভালাভো আছে।

মাছ: মাছ হৈছে ওজন বৃদ্ধি কৰিব বিচৰা সকলৰ বাবে এক ভাল বিকল্প কিয়নো ই স্বাস্থ্যকৰ চৰ্বিৰে সমৃদ্ধ আৰু ইয়াত পুষ্টি থাকে, যাৰ ভিতৰত আছে অমেগা-3 আৰু প্ৰ'টিন প্রধান।

আভাকাডো: আভাকাডোত যথেষ্ট সংখ্যক কেলৰি আৰু চৰ্বি থাকে, লগতে কিছুমান ভিটামিন আৰু খনিজ থাকে।

কণী: কণীত প্ৰ'টিন, স্বাস্থ্যকৰ চৰ্বি আৰু অন্যান্য পুষ্টি থাকে।

শুকান খাদ্য: শুকান খাদ্য যেনে- খেজুৰ, বাদাম, খিচমিচ, আখৰোট আদি ভিটামিন আৰু খনিজ উপাদানৰ এক ভাল উৎস।

দৈ আৰু পনিৰ: প্ৰ'টিন আৰু পুষ্টিৰ বাবে সম্পূৰ্ণ চৰ্বিযুক্ত দৈ আৰু পনিৰ এক ভাল বিকল্প। আপুনি ফল বা বাদামৰ সৈতে ইয়াক যোগ দি খাব পাৰে।

কোনো পাৰ্শ্বক্ৰিয়া আছে নেকি? (Have any side affects) 

 শৰীৰৰ ওজন বৃদ্ধি কৰিলে কেইবাটাও স্বাস্থ্য সমস্যাৰ দেখা দিব পাৰে। যদি আপোনাৰ ওজন অধিক হয় তেনেহ'লে কিছুমান ৰোগ যেনে- হতাশা, মেদবহুলতা, ডায়েবেটিচ হোৱাৰ সম্ভাৱনা আছে আৰু লগতে হৃদযন্ত্ৰৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাব পাৰে।

English Summary: Avocado helps weight loss in a month

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.