কচু উষ্ণ আৰু নাতিশীতোষ্ণ ক্ষেত্ৰৰ ফচল হয়। কচু খেতি মুখ্য ৰূপত ভাৰতৰ দক্ষিণ আৰু উত্তৰ পূৰ্বৰ ক্ষেত্ৰত কৰা হয়। কচুৰ কন্দক চবজি, চিপচ আৰু সিজাই খাদ্য পদাৰ্থৰ ৰূপত সেৱন কৰা হয়। ই শৰ্কৰা, প্ৰটিন, ভিটামিন চিৰ উচ্চ উৎস হয় আৰু ইয়াত কেলচিয়াম লোহা আৰু ফচফৰাচ তত্বও পোৱা যায়।
অনুকূল পৰিস্হিতিঃ
কচুৰ খেতি গ্ৰীষ্মকালীন সময়ত কৰা হয়। উষ্ণ আৰু আৰ্দ্ৰ জলবায়ত ২১.২৭ ডিগ্ৰী তাপমানত প্ৰায় ১০০০ মিটাৰ মিৰাৰীষ্ঠাৰে ইয়াৰ ভাল খেতি হয়। বৰষুণৰ অভাৱত ইয়াৰ সফলতাৰে উৎপাদনৰ বাবে অনুপূৰক সিঞ্চণৰ দৰকাৰ।
কচুৰ উন্নত প্ৰজাতিঃ
শ্ৰী ৰশমী
এই প্ৰজাতিৰ গুটি ডাঙৰ আকাৰ আৰু বেলনাকাৰ হয়। ইয়াৰ পকাৰ আবধি ৭-৮ মাহ আৰু উৎপাদন ১৫০-২০০ কুইণ্টল প্ৰটি হেক্টৰ হয়। ইয়াত ১৫ শতাংশ প্ৰ’টিন থাকে।
শ্ৰী পল্লবীঃ
ইয়াৰ গুটি অপেক্ষাকৃত ডাঙৰ আকাৰ আৰু ইয়াত কৰ্মেল সৰ আৰু অধিক সংখ্যাত থাকে। এইটো ৬-৭ মাহত পৰিপক্ক হৈ যায়। ইয়াত ১৭-১৭ শতাংশ শৰ্কৰা আৰু ২-৩ শতাংশ প্ৰটিন থাকে। ইয়াৰ উৎপাদন ১৫০-১৮০ কুইণ্টল প্ৰটি হেক্টৰ উৎপাদনত প্ৰাপ্ত হয়।
সতমূখী
ইয়াৰ ঘুটি মধ্যমীয়া আকাৰৰ হয় আৰু এইটো সোনকালে পৰিপক্ক হয়। উৎপাদন ১৫০-২০০ কুইণ্টল প্ৰটি হেক্টৰ উৎপাদনত প্ৰাপ্ত হয়।
ৰোপণকালঃ
বৰষুণৰ সহায়েৰে কচুৰ ৰোপণ জুন-জুলাইত বেছি হয়। সিঞ্চিত ফচৰ ৰূপতো ইয়াক গোটেই বছৰ গজাব পাৰি। কচুৰ ৰোপণৰ বাবে মূল গুটি (কাৰ্ম)আৰু সহায়ক গুটি (কৰ্মেলচ)ৰ উপযোগ কৰা যায়। ভাল ৰোপণ কচুৰ ওজন ২০-২৫ গ্ৰাম হয়।
ভূমিৰ প্ৰস্তুতিঃ
মাটিৰ ৰীতি আৰু প্ৰবন্ধন অনুসাৰে মাটিৰ প্ৰস্তুতি কৰা যায়। পলসুৱা মাটিত গাতৰ ৰীতি ভাল হয়, কিন্তু সোনকালে মাটিত আলিৰ ৰীতি বাঞ্চনীয়। সিঞ্চিত পৰিস্হিত আলিৰ প্ৰণালী উপযুক্ত।
ৰোপণ নাতিঃ
ৰোপণৰ বাবে শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৪৫ ৰ পৰা ৬০ ছেঃ মিঃ আৰু পুলিৰ পৰা পুলিৰ দুৰত্ব ৪৫ ছেঃমিঃ ৰাখিব লাগে। ২.৫ -৭.৫ ছেঃ মিঃ গাতৰ কাৰ্মলৰ ৰোপণ কৰা হয়। ৬০-৪৫ ছেঃমিঃ ৰ অন্তৰালত ৰোপণৰ বাবে এক হেক্টৰ ক্ষেত্ৰত ৩৭০০০ বীজ গুটিৰ আৱশ্যক।
সাৰ আৰু উৰ্বৰকঃ
ৰোপণৰ পূৰ্বে ১২-১৫ টন প্ৰতি হেক্টৰ ক্ষেত্ৰত গোৱৰৰ গেলা সাৰ ভূমিৰ প্ৰস্তুতিৰ সময়ত মাটিত মিলাব লাগে। কচুৰ বাবে ৮০ কিঃ গ্ৰাঃ নত্ৰজন, ৫০ কিঃ গ্ৰাঃ ফচফৰাচ আৰু ১০০ কিঃ গ্ৰাঃ পটাছৰ উৰ্বৰক প্ৰটি হেক্টৰত আৱশ্যক। নাইট্ৰজেনৰ এক তৃতীয়াংশ মাত্ৰ কিন্তু ফচফৰাচ আৰু পটাছ একেবাৰে মাত্ৰ সিচাৰ সময়ত দিব লাগে আৰু বাকী নাইট্ৰজেনৰ মাত্ৰ দুইবাৰত এক মাহৰ অন্তৰালত দিব লাগে।
সিঞ্চনঃ
কচুত এক সপ্তাহৰ অন্তৰালত সিঞ্চনৰ আৱশ্যক কিন্তু বৰষুণৰ বতৰত অৱশ্যকতানুসাৰে সিঞ্চন কৰিব লাগে। সময়মতে খেতিৰ উপযুক্ত নিকাসো কৰিব লাগে, অন্যথা গুটি বেয়া হ’ব পাৰে।
মুখ্য ৰোগ আৰু ইয়াৰ উপচাৰঃ
পাত জুলচা ৰোগঃ
এইটো কচু খেতিৰ এটা মুখ্য ৰোগ য’ত সম্পূৰ্ণ কৃষি নষ্ট হৈ যোৱাৰ সম্ভাৱনা থাকে। পাতত বেঙুনীয়া মতিয়া মাটিৰ দাগ বাতৰ কিনাৰৰ পৰা আৰম্ভ হৈ ভিতৰৰ ভালে মইচৰ বতৰত তীব্ৰভাৱে বাঢ়ে। এই ৰোগৰ তীব্ৰ প্ৰকোপৰ ফলত সম্পূৰ্ণ পুলি তলত পৰি যায় আৰু গুটিতো ইবিয়পি পৰে।
ইয়াক ৰখাবৰ বাবে প্ৰতিৰোধী প্ৰজাতিক গজাব লাগে আৰু সুস্হ বীজৰ বাচনি কৰিব লাগে। ডাইথেন এম-৪৫ ৰ ০.২ শতাংশ অথবা ব্ৰোডেক্স মিশ্ৰণৰ ১ শতাংশ ঘূলন তৈয়াৰ কৰি ছটিয়াব লাগে।
পিথিয়াম গেলাঃ
এইটো এক মৃত্তিকা জনিত ৰোগ হয়। ইয়াৰ প্ৰকোপ শিপা আৰু গুটিত হয়। এই ৰোগত হলে পাতবোৰ শুকাই যায় আৰু সম্পৰ্কত অহা গুচি কোমল হৈ গেলিবলৈ ধৰে।
এই ৰোগক ৰখাবৰ বাবে ৰোগমুক্ত বীজৰ বাচনি কৰিব লাগে আৰু ফচল চক্ৰ গ্ৰহণ কৰিব লাগে। মাটি আৰু বীজৰ উপাচাৰ ঘুনানাশী ৰসায়ন (যেনে ৰিডোমিল ০.২ শতাংশ, ডাইথেন এম-৪৫ ০.২ ষতাংশ) ৰে কৰিব লাগে।
ফচল খন্দাঃ
ফচলৰ খন্দা প্ৰজাতি, বতৰ জলবায়ু আৰু উপযোগৰ ওপৰত নিৰ্ভৰ কৰে। পাচলিৰ উপযোগৰ বাবে অন্তিম খন্দাৰ পূৰ্বে দুই- তিনিবাৰ খান্দিব লাগে। বীজৰ বাবে ৫-৬ মাহ পিছত খান্দিব লাগে। খন্দাৰ পিছত গুটিক ছাঁত এদিনৰ বাবে বিয়পাই দিব লাগে আৰু পেকেজিংৰ পূৰ্বে গুটিৰ পৰা মাটি আতৰাই দিব লাগে।
উৎপাদন
কচুৰ উৎপাদন সাধাৰণতে ১৫০-২৫০ কুইণ্টল প্ৰতি হেক্টৰত হয়।
ভাণ্ডাৰণঃ
বীজৰ বাবে গুটি ষ্টোৰত ৰখাৰ পূৰ্বে কেপ্টেনৰ ৫০০ পি পি এম ঘূলনেৰে উপচাৰিত কৰিব লাগে যাতে গেলা ৰোগৰ পৰা বাচিব পৰা য়ায়।
লগতে পঢ়ক-অসমৰ জলবায়ুত কেনেকৈ কৰিব জালুকৰ খেতি? জানক ইয়াৰ পৰিচৰ্যা-